Logo
image

আজিৰ পৰা গ্ৰন্থমেলাত কঠোৰ ক’ভিড বিধি

আমাৰ অসম, ৬ জানুৱাৰীঃ দীৰ্ঘদিনে ক’ভিডে কোঙা কৰা ৰাজ্যত এতিয়া আৰম্ভ হৈছে অমিক্ৰনৰ দৌৰাত্ম্য৷ সেইবাবেই জনসমাগম হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিছে অসম চৰকাৰে৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বুধবাৰে স্পষ্ট কৰি দিয়ে যে ক’ভিডৰ আগ্ৰাসন অব্যাহত থাকিলে পৌৰ নিৰ্বাচন পিছুৱাই দিয়া হ’ব৷ ইফালে, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে গুৱাহাটীৰ চানমাৰিৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত জনসমাগম নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ গ্ৰন্থমেলা চলি থাকিব যদিও বৃহস্পতিবাৰৰ পৰাই গ্ৰন্থমেলাত কঠোৰভাৱে ক’ভিডবিধি বলৱৎ কৰাৰ ইংগিত দিয়ে স্বাস্থ্যমন্ত্ৰী মহন্তই৷ ইপিনে, বুধবাৰে এখন আলোচনা-চক্ৰত অংশগ্ৰহণ কৰি নাট্যকাৰ, ক্ৰীড়া সাহিত্যিক, অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ শ্যামাপ্ৰসাদ শৰ্মাই কয়– ‘ভাষা-সাহিত্যৰ সংকটকালত ক্ৰীড়া সাহিত্যৰ উত্তৰণৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা এই আলোচনা সত্ৰ বৰ আশাব্যঞ্জক৷’ ‘অৱহেলিত অসমৰ ক্ৰীড়া সাহিত্য, বিন্দুৰ পৰা সিন্ধুলৈ’ শীৰ্ষক আলোচনা সত্ৰত সঞ্চালক ৰূপে অংশগ্ৰহণ কৰি এইদৰে কয় ড॰ শৰ্মাই৷  তেওঁ এইবুলিও উল্লেখ কৰে যে ক্ৰীড়া সাংবাদিকতা আৰু ক্ৰীড়া সাহিত্য দুটা পৃথক বিষয় যদিও দুয়োটাৰে যোগসূত্ৰ আছে৷ সাংবাদিকতাৰ নান্দনিক উত্তৰণে মানসম্পন্ন ক্ৰীড়া সাহিত্য সৃষ্টি কৰিব পাৰে৷ ‘ক্ৰীড়াৰ তিনিটা ভাগ আছে, সেয়া হৈছে–ষ্টেডিয়াম বা খেলপথাৰ, দৰ্শক আৰু কলম৷ কলমে ক্ৰীড়া সাহিত্যক আগবঢ়াই বিশ্বজনীন মাত্ৰা প্ৰদান কৰিব পাৰে৷’ অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপাধ্যক্ষ লক্ষ্য কোঁৱৰে উদ্বোধন কৰা আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা আলোচনা সত্ৰখনত আলোচক অতিথি ৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈয়ে ক্ৰীড়া সাহিত্যকো মূল সুঁতিৰ সাহিত্য বুলি স্বীকৃতি দিবলৈ প্ৰকাশক তথা পঢ়ুৱৈ সমাজক আহ্বান জনায়৷ আলোচনা সত্ৰখনত অংশগ্ৰহণ কৰা আন এগৰাকী আলোচক অতিথি আছিল বিশিষ্ট ক্ৰীড়া সাংবাদিক তথা লেখক যুগল লোচন দাস৷ তেওঁ কয় যে ক্ৰীড়া মানে উৎসাহ আৰু উদ্যমৰ সমাহাৰ৷’ আন এগৰাকী আলোচক অতিথি, বিশিষ্ট ক্ৰীড়া সংগঠক নয়ন প্ৰসাদে কয়– ‘অসমৰ বাতৰি কাকতত সাধাৰণতে ক্ৰীড়াৰ প্ৰতিবেদনহে প্ৰকাশ কৰা হয়৷ প্ৰতিবেদনৰ লগতে কিছু বিশেষ লেখা আৰু ক্ৰীড়া সাহিত্য নিয়মীয়াকৈ প্ৰকাশ কৰিলে এই ক্ষেত্ৰখন সমৃদ্ধ হ’ব৷’ আন এগৰাকী আলোচক অতিথি বিশিষ্ট ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতাই লাহে লাহে ক্ৰীড়া সাংবাদিকতা আৰু ক্ৰীড়া সাহিত্যলৈ ভাল দিন আহিবলৈ ধৰা বুলি উল্লেখ কৰে৷ আন এগৰাকী আলোচক অতিথি, জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ ভাগৱতীয়ে প্ৰকাশকসকলক ক্ৰীড়াবিষয়ক গ্ৰন্থ, ক্ৰীড়া সাহিত্যৰ গ্ৰন্থ প্ৰকাশৰ বাবে আগবাঢ়ি আহিবলৈ আহ৩ান জনায়৷ অসম গ্ৰন্থমেলাৰ মূল মঞ্চত বিয়লি অনুষ্ঠিত হয় ‘লেখক-পাঠক-সাহিত্য সংগঠকৰ আলচ’ শীৰ্ষক আন এক মনোগ্ৰাহী অনুষ্ঠান৷ বিশিষ্ট লেখক-সাংবাদিক হাইদৰ হুছেইেন এই অনুষ্ঠান উদ্বোধন কৰি কয়– ‘আমাৰ লেখকসকলে অসমৰ জাতি-জনগোষ্ঠীসমূহৰ যথাযথ প্ৰতিফলন ঘটাব লাগিব৷ তেতিয়াহে লেখক-পাঠক আৰু সাহিত্য সংগঠকৰ সংযোগত সমাজ-জীৱন উপকৃত হ’ব৷’ অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই৷ তেওঁ জাতি গঠন প্ৰক্ৰিয়া আৰু সমাজ জীৱনত ভাষা-সাহিত্যৰ প্ৰভাৱ সম্পৰ্কে অৱলোকন কৰে৷ তেওঁ কয়– এই ক্ষেত্ৰত অসম সাহিত্য সভাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ লেখক-পাঠক-সাহিত্য সংগঠকসকল একেটা সুঁতিৰে সোঁত৷ গতিকে এই তিনিওটা পক্ষৰ সমন্বয় সাধন ঘটিলে ভাষা-সাহিত্যৰ উত্তৰণ ঘটাটো নিশ্চিত৷’ ইপিনে অসম গ্ৰন্থমেলাত আজিও কেবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচত হয়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য এখন গ্ৰন্থ হৈছে ‘বলীয়া কুকুৰ’ নামৰ উপন্যাসখন৷ অপৰাধী আৰু ন্যায় ব্যৱস্থাৰ পটভূমিত এই উপন্যাসখন ৰচনা কৰিছে বিভূতি ভাগৱতীয়ে৷ উপন্যাসখন উন্মোচন কৰে লেখক ড॰ ৰোমান শৰ্মাই আৰn আজি যোৰহাটৰ জিতুল বৰাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য নামৰ গ্ৰন্থখন উন্মোচন কৰে জয়ন্ত মাধৱ বৰাই৷ উল্লেখ্য, অসম গ্ৰন্থমেলা প্ৰাংগণত অষ্টম দিনাও পৰিলক্ষিত হয় বিশাল জনসমাগম৷ নবীন-প্ৰবীণ লেখক-পাঠকৰ উপস্থিতিৰে সজীৱ হৈ পৰা গ্ৰন্থমেলাত বুধবাৰে সামগ্ৰিকভাৱে ২ কোটি ৫০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে৷ গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে পাঞ্জাৱ নেশ্যনেল বেংকৰ ক্ষেত্ৰীয় মহাপ্ৰৱন্ধক শিউ শংকৰ সিঙে৷ সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰি মনোগ্ৰাহী অনুষ্ঠান পৰিৱেশন কৰে নিবেদিতা কলিতা, নিৰ্মালী দাস, আস্মিতা ডেকা, দ্বীপজ্যোতি নাথ, মানৱজ্যোতি শৰ্মা আৰু বিষ্ণু কুমাৰে৷ উল্লেখ্য, অসম গ্ৰন্থমেলাত ক’ভিডবিধি সম্পূৰ্ণৰূপে পালন কৰিবলৈ উদ্যোক্তাসকলে পাঠকসমাজক আহ্বান জনাইছে৷