Logo
image

মোদীৰ যাত্ৰাভংগক লৈ দেশ তোলপাৰ, ৰাষ্ট্ৰপতিক সাক্ষাৎ

আমাৰ অসম, ৭ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দক সাক্ষাৎ কৰি বুধবাৰে তেওঁ পঞ্জাৱত সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক এই বিষয়ত সাক্ষাৎ কৰাৰ লগে লগে পঞ্জাব চৰকাৰ শ’লঠেকত পৰিছে৷ উল্লেখ্য, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পথ এদল প্ৰতিবাদী কৃষকে অৱৰোধ কৰাৰ ফলত তেওঁ অনুষ্ঠানত অংশগ্ৰহণ নকৰাকৈ পুনৰ নতুন দিল্লীলৈ উভতি আহিবলগীয়া হৈছিল৷ এই ঘটনাৰ পাছত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাত চৰম গাফিলতি হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে পঞ্জাৱৰ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰৰ পৰা জৰুৰীভাৱে ঘটনা সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছিল৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰৰ পঞ্জাৱৰ পৰিস্থিতি সন্দৰ্ভত সবিশেষ অৱগত কৰে আৰু তেওঁৰ নিৰাপত্তা ব্যৱস্থাত ৰাজ্য চৰকাৰখনে গুৰুতৰ গাফিলতি কৰা বুলিও অৱগত কৰে৷ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে প্ৰধানমন্ত্ৰী মোদী কোনো বিপদৰ সন্মুখীন নোহোৱাকৈ কুশলে উভতি আহিব পৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা বুধবাৰৰ পঞ্জাৱৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু প্ৰধানমন্ত্ৰীৰ কুশল কামনা কৰি টুইট কৰে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি বুধবাৰৰ ঘটনা সন্দৰ্ভত পোনপটীয়াকৈ সংবাদ দিয়াৰ লগে লগে এই বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৰাজনৈতিক দিশত অপৰিসীম গুৰুত্ব লাভ কৰিছে৷ ৰাজনৈতিক ক্ষেত্ৰও প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপৰ ফলত উত্তাল হৈ পৰিছে৷ উল্লেখ্য যে অহা ফেব্ৰুৱাৰীত দেশৰ মুঠ  ৫খন ৰাজ্যৰ লগতে পঞ্জাৱতো বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে এটা চৰকাৰী কাৰ্যসূচীৰ উপৰি ফিৰোজপুৰত এখন নিৰ্বাচনী সভাত ভাষণ দিবলৈ গৈছিল৷ প্ৰথমে প্ৰধানমন্ত্ৰী হেলিকপ্টাৰেৰে  ফিৰোজপুৰলৈ যোৱাৰ কথা আছিল৷ কিন্তু বেয়া বতৰৰ বাবে শেষমুহূৰ্তত তেওঁ গাড়ীৰে যাবলগীয়া হয়৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ খবৰ পাই তেওঁৰ পথ অৱৰোধ কৰে কৃষক সংগঠনে৷ ফলত এখন ফ্লাইঅ’ভাৰৰ ওপৰত ১৫-২০ মিনিট অপেক্ষা কৰি তেওঁ ভাটিণ্ডা বিমানবন্দৰলৈ উভতি আহে৷ বিমানবন্দৰত প্ৰধানমন্ত্ৰীয়ে তেওঁ কোনোমতে প্ৰাণ লৈ উভতি আহিব পৰাৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাবলৈ কেইজনমান বিষয়াক কয় আৰু প্ৰধানমন্ত্ৰীৰ সেই বক্তব্যই বিতৰ্কৰ জোৱাৰ তোলে৷ কিয়নো প্ৰধানমন্ত্ৰীৰ পথ অৱৰোধ কৰা হ’লেও তেওঁৰ বিৰুদ্ধে কোনো সংগঠনে ক্ষতিকাৰক পদক্ষেপ গ্ৰহণ কৰা নাছিল৷ 

ৰাজনৈতিক মহলৰ ধাৰণা, প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক এই সন্দৰ্ভত সাক্ষাৎ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো লৈয়েই পঞ্জাৱত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ দিশে আগবাঢ়িব পাৰে৷ কালিৰে পৰাই বিজেপিয়ে  পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীৰ পদত্যাগ দাবী কৰি আহিছে৷ এতিয়া প্ৰধানমন্ত্ৰীৰ আজিৰ পদক্ষেপে বিষয়টো অধিক গুৰুতৰ কৰি তুলিছে৷ বিজেপিয়ে ৰাষ্ট্ৰপতি শাসনৰ অধীনত পঞ্জাৱত নিৰ্বাচনত ভাগ  ল’বলৈ অধিক সুবিধা পাব বুলি ৰাজনৈতিক বিশেষকৰ মত৷ সেয়ে এতিয়া দলীয় আৰু ৰাজনৈতিকভাৱে কালিৰ ঘটনাটোক ক্ৰমাৎ অধিক গুৰুত্বপূৰ্ণ কৰি তুলিব পাৰিলে পঞ্জাৱত ৰাষ্ট্ৰপতি শাসনৰ সম্ভাৱনা বৃদ্ধি পাব৷ স্বাভাৱিকতে সেয়া হ’ব বিজেপিৰ বাবে ৰাজনৈতিক সুযোগ৷

ইপিনে পঞ্জাৱৰ বুধবাৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাৰ গাফিলতি হোৱা বুলি নিৰাপত্তা বিষয়ক কেবিনেট কমিটীয়ে বিষয়টো আলোচনা কৰিছে৷ সম্পূৰ্ণ বিষয়টো এই কেবিনেট কমিটীয়ে নিজৰ হাতলৈ আনিছে৷ নিৰাপত্তা বিষয়ক কেবিনেট কমিটীয়ে এই বিষয়টো নিজৰ এক্তিয়াৰভুক্ত কৰাৰ লগে লগে স্বাভাৱিকতে এই ঘটনা গুৰুতৰ হৈ পৰিছে৷ আনহাতে পঞ্জাৱ চৰকাৰে কালিৰ ঘটনাৰ জৰুৰী তদন্তৰ বাবে এখন তিনিজনীয়া কমিটী গঠন কৰিছে৷