Logo
image

হটস্পটত পৰিণত গুৱাহাটী মহানগৰ

আমাৰ অসম, ৮ জানুৱাৰীঃ ৰাজ্যত পুনৰ ক’ভিডৰ সংহাৰ আৰম্ভ হৈছে৷ গুৱাহাটী মহানগৰী ক’ভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈছে৷ এসপ্তাহৰ আগলৈ গুৱাহাটীত ক’ভিডত দৈনিক আক্ৰান্তৰ সংখ্যা ৫০ৰ ঘৰলৈ নামিছিল যদিও এইমুহূৰ্তত দৈনিক আক্ৰান্তই ৫০০ জনৰ সংখ্যা অতিক্ৰম কৰিছে৷ ৰাজ্যৰ ৰাজধানী চহৰখনত  ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন প্ৰৱেশ কৰাৰ তথ্য স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ পাছতেই সৰ্ব-সাধাৰণ লোকসকলো শংকিত হৈ পৰিছে৷ মেঘালয়ত অমিক্ৰন পজিটিভ ধৰা পৰা সোণাপুৰৰ ৰোহন দাস নামৰ ১৩ বছৰীয়া কিশোৰজন বৰ্তমানেও সন্ধানহীন হৈ থকাৰ মাজতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰা আলতাফ হুছেইন নামৰ এজন লোক অমিক্ৰনত আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে৷ অমিক্ৰনত আক্ৰান্ত হোৱা লোকজন বৰ্তমান ক’ভিড নিগেটিভ হোৱাত চিকিৎসালয়ে ঘৰলৈ যাবলৈ দিয়া বুলিও জি এম চি এইচৰ অধীক্ষকে জানিবলৈ দিছে৷ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত গুৱাহাটীত নতুনকৈ ৫১৭জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইপিনে, স্বাস্থ্য বিভাগে গুৱাহাটীৰ কেইবাটাও স্থানক ক’ভিড হটস্পট হিচাপে চিনাক্ত কৰিছে৷ মহানগৰীৰ সৰ্বত্ৰ ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে যদিও মালিগাঁও, পাণ্ডু, ফটাশিল, ৰাজগড়, চানমাৰি, বেলতলা, বশিষ্ঠপুৰ, লাচিতনগৰ অঞ্চলত  ৫০-১০০জন লোক ক’ভিডত আক্ৰান্ত হোৱাত হটস্পট হিচাপে চিনাক্ত কৰা বুলিও স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ আনহাতে, স্বাস্থ্য বিভাগৰ তথ্য মতে গুৱাহাটীত বিগত ১০টা দিনত ১,৮৫৫ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ অৱশ্যে আক্ৰান্তসকলৰ অধিকাংশক হোম কোৱাৰেণ্টিনত গুৰুত্ব আৰোপ কৰিছে স্বাস্থ্য বিভাগে৷ গুৱাহাটী ক’ভিডৰ অভিকেন্দ্ৰ হোৱাত ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগে প্ৰস্তুতি অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে৷ ইতিমধ্যে সৰুসজাইৰ ক’ভিড হাস্পতাল পুনৰ সক্ৰিয় কৰি ৰোগীৰ চিকিৎসা আৰম্ভ কৰিছে৷ জি এম চি এইচত অধীনত ক’ভিড ৰোগীৰ বাবে ১,৫০০ বিছনাৰ লগতে আইচিইউ সাজু বুলিও স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷