Logo
image

বৰ ঠাণ্ডা! কটনত হঠাৎ শীতকালীন বন্ধ

আমাৰ অসম,৯ জানুৱাৰীঃ কটন বিশ্ববিদ্যালয়ত শনিবাৰে আকস্মিকভাৱে ঘোষণা কৰা হৈছে শীলকালীন বন্ধ৷ ৬ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰী পৰ্যন্ত শীতকালীন বন্ধ ঘোষণা কৰা হৈছে৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই ইতিমধ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস, ছাত্ৰী নিৱাসো খালী কৰিবলৈ নিৰ্দেশ দিছে৷ কটন বিশ্ববিদ্যালয়ত দুটা ছাত্ৰাবাসৰ আবাসীৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিততে আকস্মিকভাৱে শীতকালীন বন্ধ ঘোষণা কৰা হৈছে বুলি কটন বিশ্ববিদ্যালয়ৰ এটা সূত্ৰত প্ৰকাশ৷ সূত্ৰটোৰ মতে  বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কটন বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনোত্তৰ কালত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অপাৰগ হৈ আকস্মিকভাৱে শীতকালীন বন্ধ ঘোষণা কৰিছে৷ বিশ্ববিদ্যালয়খনত শুকুৰবাৰ পৰ্যন্ত উচ্ছতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ক্লাছ চলি আছিল৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই আকস্মিকভাৱে শীতকালীন বন্ধ ঘোষণা কৰাৰ উপৰি ছাত্ৰাবাস, ছাত্ৰী নিৱাসসমূহ খালী কৰিবলৈ জাননী জাৰি কৰিছে৷ কিন্তু শুকুৰবাৰ পৰ্যন্ত ক্লাচ চলি থকাৰ সময়ত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী ক’লৈ যাব, ক’ত থাকিব সেই সন্দৰ্ভত কোনো কথা উল্লেখ কৰা নাই৷ যাৰ ফলত বিমোৰত পৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল৷

কটনৰ ঘটনাঃ ৭২ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো গ্ৰেপ্তাৰ নহ’ল দোষী

আমাৰ অসমঃ ছাত্ৰ একতা সভাৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনাত জড়িত থকা কটন বিশ্ববিদ্যালয়ৰ এজনো অভিযুক্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে৷ ইতিমধ্যে বিশ্ববিদ্যালয়খন ৬ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ শীতকালীন বন্ধ দি কটন বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষই নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনাটো গাপ দিবলৈ নিকৃষ্ট ষড়যন্ত্ৰ কৰা বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য যে, যোৱা ৫ জানুৱাৰীৰ নিশা কটন বিশ্ববিদ্যালয় চৌহদত সংঘটিত হৈছিল নিৰ্বাচনকেন্দ্ৰিক এই হিংসাৰ ঘটনা৷ সেইদিনাৰ নিশাৰ ঘটনা সন্দৰ্ভ মহেন্দ্ৰ নাথ ডেকা ফুকন [এম এন ডি পি] আৰু সীতানাথ ব্ৰহ্মচৌধুৰী [এছ এন বি চি] ছাত্ৰাবাসৰ আবাসীয়ে পৰস্পৰৰ বিৰুদ্ধে পাণবজাৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৭/২২ আৰু ৮/২২ নম্বৰত দুটা গোচৰ ৰুজু কৰে৷ এজাহাৰত উভয় পক্ষই অভিযুক্ত ছাত্ৰৰ নাম উল্লেখ কৰিছে যদিও আৰক্ষীয়ে আজি নিশা পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই এজনকো৷ উল্লেখ্য যে ঐতিহ্যমণ্ডিত কটনৰ ছাত্ৰাবাসৰ আবাসীয়ে এনে উদ্ভণ্ডালিত লিপ্ত হোৱা ঘটনা এইটোৱে প্ৰথম নহয়, ইয়াৰ পূৰ্বেও সংঘটিত হৈছে আন কেইবাটাও ঘটনা৷ প্ৰতিবাৰেই আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া হয় এনে ঘটনা৷ আনকি এনে ঘটনাৰ পিচত কটন বিশ্ববিদ্যালয় কতৃৰ্পক্ষয়ো তদন্ত কমিটী গঠন কৰে৷ কিন্তু শাস্তি কিম্বা অনুশাসনমূলক ব্যৱস্থাহে লোৱা পৰিলক্ষিত নহয়৷ পৰিণতিত মাহ-বছৰৰ মূৰত পুনৰ কটনৰ গৰিমাত কালিমা সানে এচাম উদণ্ড ছাত্ৰই৷ এইবাৰো হয়তো ব্যতিক্ৰম নহ’ব৷ গোচৰ ৰুজু হৈছে, কটন বিশ্ববিদ্যালয় কতৃৰ্পক্ষই তদন্ত সমিতিও গঠন কৰি দিছে৷ কিন্তু দিন যোৱাৰ লগে লগে এইবাৰৰ এই নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাও পাহৰণিৰ গৰ্ভত হেৰাই যাব নেকি– এচাম শিক্ষাৰ্থী-অভিভাবকে প্ৰশ্ন উত্থাপন কৰিছে৷ ন্যায় নাপাব নেকি উচ্ছ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে আহি এচাম উদণ্ডৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাসকলে৷ উল্লেখ্য, যোৱা ৫ জানুৱাৰীৰ নিশা এছ এন বি চিৰ একাংশ উদও ছাত্ৰই হঠাতে এম এন ডি পি ছাত্ৰাবাসত আক্ৰমণ চলায়৷ লগে লগে প্ৰত্যাক্ৰমণৰ বাবেও আগবাঢ়ি আহে এন ডি পিৰ কেইগৰাকীমান আবাসী৷ এই লৈ সেইদিনা নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ কটন বিশ্ববিদ্যালয় চৌহদ ৰণক্ষেত্ৰত পৰিণত হয়৷ ভয়াৱহ এই ঘটনাত আঘাতপ্ৰাপ্ত হয় ২৫জন শিক্ষাৰ্থী৷ ঘটনা সন্দৰ্ভত আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীকেইগৰাকীয়ে অভিযুক্তৰ নাম উল্লেখ কৰি পাণবজাৰ থানাত ৬ জানুৱাৰীৰ পুৱা এজাহাৰ দাখিল কৰে৷ এম এন ডি পি আৰু এছ এন বি চিৰ আবাসীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত দুয়োটা ছাত্ৰাবাসৰ কেইবাগৰাকীও ছাত্ৰৰ বিৰুদ্ধে কেইবাটাও ধাৰাত পাণবজাৰ থানাত গোচৰ ৰুজু হল ঠিকেই, পিচে এই ঘটনাৰ ৭২ ঘণ্টা উকলি যোৱাৰ সময়লৈকে অভিযুক্ত ছাত্ৰক গ্ৰেপ্তাৰত পাণবজাৰ আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে৷ পিচে এই অভিযোগলৈ পাণবজাৰ আৰক্ষীয়ে কৰ্ণপাত কৰা নাই৷ এনে সময়তে কালি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেল যোগে যোৱা ৫ জানুৱাৰীৰ নিশাৰ ঘটনাৰ উচিত তদন্ত দাবী কৰিছে৷ সেইদিনা নিশাৰ ঘটনাৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগক কঠোৰ সমালোচনা কৰিছে সংগঠনটোৱে৷ সেইদিনা নিশা কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্ৰৱেশ কৰি পুলিচ প্ৰশাসনে ছাত্ৰৰ ওপৰত অমানুসিক নিৰ্যাতন চলায় বুলি সংগঠনটোৰ সম্পাদক প্ৰাঞ্জল কলিতা, কাৰ্যালয় সম্পাদক সঞ্জয় গম্বুৱে সংবাদমেলত ব্যক্ত কৰে৷ কটন যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে৷ ইয়াৰ বাবে চৰকাৰে হোষ্টেলৰ ছাত্ৰৰ ওপৰত পুলিচ লগাই ছাত্ৰ শক্তিক নাইকিয়া কৰাৰ বাবে এনে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক আৰু কাৰ্যালয় সম্পাদকে৷ মূলতঃ বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত কটন বিশ্ববিদ্যালয়ৰ হিংসাত্মক ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন হৈছে৷