Logo
image

উঃপ্ৰদেশসহ ৫ ৰাজ্যত ভোটৰ দিন ঘোষণা

অতিমাৰীৰ ভয়াৱহতাৰ মাজতে

আমাৰ অসম,৯ জানুৱাৰীঃ সমগ্ৰ দেশজুৰি ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ ব্যাপক গণসংক্ৰমণ, অব্যাহত থকাৰ মাজতে দেশৰ নিৰ্বাচন আয়োগে আজি দেশৰ পাঁচ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে৷ ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈকে কেইবাটাও পৰ্যায়ত পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ১০ মাৰ্চত কেউখন ৰাজ্যৰে নিৰ্বাচনী ফলাফল ঘোষণা হ’ব৷ নিৰ্বাচন আয়োগে ঘোষণা কৰা সূচী অনুসৰি ৪০৩খন বিধানসভাৰ আসন থকা দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈকে মুঠ  ৭ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, ১৪ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, ২০ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, ২৩ ফেব্ৰুৱাৰীত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন, ২৭ ফেব্ৰুৱাৰীত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ৩ মাৰ্চত ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন, ৭ মাৰ্চত সপ্তম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ক্ৰমে ১১৭খন বিধানসভাৰ আসন থকা পঞ্জাব বিধানসভা, ৭০খন বিধানসভাৰ আসন থকা উত্তৰাখণ্ড আৰু ৪০খন বিধানসভাৰ আসন থকা গোৱাত ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ উল্লেখ্য, আজি বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা পাঁচ ৰাজ্যৰ চাৰি ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ড- সম্প্ৰতি বিজেপিৰ দখলত আছে৷ উত্তৰ প্ৰদেশ বিধানসভাৰ কাৰ্যকাল চলিত মে’ত আৰু অন্য চাৰিখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল মাৰ্চ মাহৰ বিভিন্ন দিনত সমাপ্ত হোৱাৰ কথা আছিল৷ ক’ভিডৰ উদ্দেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জানুৱাৰীলৈকে সকলো নিৰ্বাচনী সভা, ঘৰে ঘৰে গৈ চলোৱা প্ৰচাৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে নিৰ্বাচন আয়োগে৷ পাঁচ বিধানসভাৰ নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰি দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰাই ক’লে– ‘ক’ভিডক লৈ পেনিক হোৱাৰ প্ৰয়োজন নাই, মাথোঁ সতৰ্ক হোৱাৰহে প্ৰয়োজন আছে৷ সময় মতে নিৰ্বাচন অনুষ্ঠিত কৰাতে গণতন্ত্ৰৰ প্ৰকৃত সৌৰভ নিহিত হৈ থাকে৷ নিৰ্বাচনী বিষয়া আৰু পুলিং বুথসমূহ সম্পূৰ্ণ সুৰক্ষিত৷ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক অনলাইন মনোনয়ন-পত্ৰ দাখিলৰ সুযোগ দিয়া হ’ব৷ ভোটদানৰ সময়ত যদিহে কোনো ভোটাৰৰ গাৰ উষ্ণতা বেছি হয়, তেন্তে তেনে ভোটাৰক টোকেন প্ৰদান কৰা হ’ব আৰু ভোটদানৰ শেষ মুহূৰ্তত ভোটদানৰ সুযোগ দিয়া হ’ব৷ ক’ভিড গাইডলাইন অমান্য কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব৷ পূৰ্বৰ তুলনাত পুলিং সময় এঘণ্টা বৃদ্ধি পাব৷ নিৰ্বাচনৰ দায়িত্বত নিয়োজিত সকলো বিষয়া-কৰ্মচাৰীয়ে বুষ্টাৰ ড’জ গ্ৰহণ কৰিব লাগিব৷ প্ৰতিটো সমষ্টিতে নূন্যতম এটা ভোটকেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব৷ উল্লেখ্য, বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচ ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশত ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ০.২৪ শতাংশ, উত্তৰাখণ্ডত ১.০১ শতাংশ, পঞ্জাবত ২.১ শতাংশ, মণিপুৰত ৰ.ৰ শতাংশ আৰু গোৱাত সৰ্বোচ্ছ ১৩ শতাংশ৷ মুঠ ১৮ কোটি ভোটাৰে দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ মুঠ ভোটাৰৰ ৮.৫ কোটি হ’ল মহিলা৷ ২৪.৯ লাখ ভোটাৰ হ’ব নতুন ভোটাৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া পঞ্জাব ভ্ৰমণৰ সময়ত হোৱা ঘটনাক কেন্দ্ৰ কৰি বিজেপি-কংগ্ৰেছৰ মাজত তীব্ৰ বাক-বিতণ্ডা চলি থকাৰ মাজতে আজি নিৰ্বাচন আয়োগে নিৰ্বাচনী দিন ঘোষণা কৰিলে৷ এই ঘোষণাক লৈ সন্তুষ্টি প্ৰকাশ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই৷ নড্ডাই ক’লে– নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচোখন ৰাজ্যতে বিজেপিৰ জয় হ’ব৷