Logo
image

ইথানলযুক্ত পেট্ৰ’ল বিক্ৰী নকৰে ডিলাৰে

ৰাইজৰ অজ্ঞাতেই ইন্ধনত মিশ্ৰণ

আমাৰ অসম,৯ জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত তেল কোম্পানীসমূহে সোমবাৰৰ পৰা ৰাজ্যত ইথানল মিহলি পেট্ৰ’ল বিক্ৰীৰ বাবে পেট্ৰ’ল পাম্পৰ মালিকসকলক নিৰ্দেশ দিছে৷ এই সন্দৰ্ভত নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম ডিলাৰছ এছ’চিয়েশ্বনে তীব্ৰ আপত্তি প্ৰদৰ্শন কৰিছে৷ এছ’চিয়েশ্বনৰ গ্ৰেটাৰ গুৱাহাটী ইউনিটৰ সভাপতি ৰাজীৱ গোস্বামীয়ে শনিবাৰে এক সংবাদমেলত কয়– ‘ৰাইজক নজনোৱাকৈ তেল  কোম্পানী তথা চৰকাৰে ১০ শতাংশ ইথানল মিহলি পেট্ৰ’ল সোমবাৰৰ পৰা বিক্ৰী কৰিবলৈ আমাক নিৰ্দেশ দিছে৷ কিন্তু আমি ইথানল মিহলি পেট্ৰ’ল নলওঁ৷ যেতিয়ালৈকে তেল কোম্পানীয়ে ইথানল মিশ্ৰিত পেট্ৰ’ল বিক্ৰীৰ বাবে নিখুঁট আন্তঃগাঁথনিৰ ব্যৱস্থা নকৰে, তেতিয়ালৈকে আমি ইথানলযুক্ত পেট্ৰ’ল বিক্ৰী কৰিব নোৱাৰো৷ সামান্য পানীত ইথানল মিহলি হ’লেই ইথানল পানীলৈ ৰূপান্তৰিত হয়৷ বৰ্তমানে চলি থকা পূৰ্বৰ আওপুৰণি আন্তঃগাঁথনিৰে ইথানলৰ সৈতে পানী মিহলি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ অসম তথা উত্তৰ-পূবৰ জলবায়ুৰ বাবে পেট্ৰ’ল মজুত ৰখা টেংকীসমূহত এনেয়েই পানীৰ ভাপৰ সৃষ্টি হয়৷ ইথানল মিহলি পেট্ৰ’লৰ ফলত গাড়ীৰ ইঞ্জিন বিকল হ’ব পাৰে৷ গাড়ী বিকল হ’লে ইয়াৰ দায়িত্ব ল’ব নোৱাৰে পেট্ৰ’ল পাম্পৰ মালিকে৷ যেতিয়াৰ পৰা আমি গম পাইছিলো যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পেট্ৰ’লত ইথানল মিহলি কৰা হ’ব, বিষয়টো আমি গুৰুত্বসহকাৰে লৈ তদানীন্তন জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়াৰ সৈতে আমি এখন বৈঠকত বহিছিলো৷ তাত তেল কোম্পানীৰ প্ৰতিনিধিও আছিল৷ বৈঠকৰ সিদ্ধান্ত মৰ্মে মাইনুটছ প্ৰকাশ পাইছিল৷ কিন্তু সেই মাইনুটছৰ চৰ্তসমূহ কাৰ্যকৰী নকৰাকৈ তেল কোম্পানীসমূহে ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে৷ ৰাইজক কোনো কথা নজনোৱাকৈ পেট্ৰ’লৰ দামত ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰিব বিচাৰিছে৷ তেল কোম্পানীৰ টাৰ্মিনেল বিলাকতো ইথানল পানীৰ লগত মিহলি হোৱাৰ সম্ভাৱনা আছে৷ গ্ৰাহকৰ ইথানল ব্ৰেণ্ডৰ সন্দৰ্ভত জনাৰ সম্পূৰ্ণ অধিকাৰ আছে৷ ইথানল কিয় মিহলি কৰিছে, ইয়াৰ দ্বাৰা গ্ৰাহকৰ কি লাভ হ’ব ইত্যাদি কথাও তেল কোম্পানীয়ে গ্ৰাহকক জনাব লাগিব৷ পৰিৱেশগত উপকাৰ আছে সেয়া হয়৷ কিন্তু গাড়ীখনৰ কিবা অসুবিধা হ’ব নেকি–এই কথাও চোৱাচিতা কৰা দৰকাৰ৷ ইথানল মিহলি পানীৰ সংস্পৰ্শলৈ আহিলে পানীলৈ ৰূপান্তৰিত হোৱা তথা ইয়াৰ দ্বাৰা গাড়ীৰ ইঞ্জিন বিকল হ’ব পৰাৰ সম্ভাৱনা তেল কোম্পানীয়েও প্ৰকাশ কৰিছে৷ আজিৰ তাৰিখত সেয়ে আমি গ্ৰাহকক নি(য়তা দিব নোৱাৰো৷ আমি সেইকাৰণে কৈছিলো যে টেংক, আণ্ডাৰগ্ৰাউণ্ড টেংক আৰু কাষ্টমাৰৰ টেংক চাফা কৰাৰ ব্যৱস্থা প্ৰথমে কৰিব লাগে৷ আমাৰ টেংকত আৰু কাষ্টমাৰৰ গাড়ীৰ টেংকত কোনো কাৰণতে যে বাহিৰৰ পৰা পানী নোসোমায় এই কথা নিশ্চিত কৰিব লাগে৷ ১২ হাজাৰ লিটাৰ পেট্ৰ’লত ১২শ লিটাৰ ইথানল মিহলি কৰিব তেল কোম্পানীয়ে৷ আমি পেট্ৰ’ল পাম্প বন্ধ নকৰো, কিন্তু ইথানল মিহলি পেট্ৰ’ল নল’লে আমাৰ ষ্টক শেষ হ’ব পাৰে৷ তেতিয়া ৰাইজৰ অসুবিধা হ’ব৷’ উল্লেখ্য, ৰাইজৰ অজ্ঞাতেই ইণ্ডিয়ান অইল আৰু হিন্দুস্তান পেট্ৰ’লিয়ামে গ্ৰাহকক ইথানল মিহলি পেট্ৰ’ল বৰ্তমানৰ পেট্ৰ’লৰ দামতে গোপনে বিক্ৰীৰ ব্যৱস্থা কৰিছে৷ কোনো কোনো ডিপোত ইতিমধ্যে ব্লেডিং পেট্ৰ’লৰ বিক্ৰী হৈয়েþ আছে৷