Logo
image

অৰ্ধশতাধিক অধ্যক্ষ-উপাধ্যক্ষ নিযুক্ত

আমাৰ অসম,৯ জানুৱাৰীঃ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে শনিবাৰে নিগম-নিকায়সমূহত অৰ্ধশতাধিক অধ্যক্ষ-উপাধ্যক্ষ নিযুক্তি দিয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যয় সংকোচনৰ নীতি গ্ৰহণৰ কথা ক’লেও নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষৰ অলংকাৰিক পদত একাধিক দলীয় নেতা-পালিনেতা তথা শুভাকাংক্ষীক সংস্থাপন দিলে৷ নক’লেও হ’ব যে নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ পদত ৰাজনৈতিক সংস্থাপন দিলেও এনে পদৰ নিযুক্তিৰ বিপৰীতে ৰাজকোষৰ পৰা যে ধন ব্যয় কৰি দা-দৰমহা দিব লাগিব সেয়া খাটাং৷ আনকি মুখ্যমন্ত্ৰীয়ে পি এছ অ’ সংস্কৃতি নোহোৱা কৰাৰ চেষ্টা চলালেও নৱ-নিযুক্ত অধ্যক্ষ-উপাধ্যক্ষসকলক ‘ষ্টেটাছ চিম্বল’ হিচাপে পি এছ অ’ দি সুৰক্ষা দিয়াৰো সম্ভাৱনা আছে৷ আনকি প্ৰতিটো পদৰ বিপৰীতে একোখনকৈ চৰকাৰী গাড়ীৰ লগতে ইন্ধনৰ খৰচো বহন কৰিব লাগিব দিছপুৰে৷ শনিবাৰে চৰকাৰে প্ৰকাশ কৰা তালিকা অনুসৰি সংখ্যালঘু উন্নয়ন বিত্ত নিগমৰ অধ্যক্ষ পদত জাভেদ ইছলাম, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ পদত নৱদীপ কলিতা, পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ পদত দিলীপ দাস, পেট্ৰ’কেমিকেল লিমিটেডৰ উপাধ্যক্ষ পদত হেমন্ত গগৈ,  জিএমডিএৰ উপাধ্যক্ষ পদত মুকুতা ডেকা আৰু আব্দুল মান্নান ফাৰুক, ৰাজ্যিক হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ পদত সুভাষ দত্ত, পৰিবহণ নিগমৰ উপাধ্যক্ষ পদত প্ৰণৱ লহক, মিনাৰেল ডেভলপমেণ্ট কৰ্পৰেচনৰ উপাধ্যক্ষ হিচাপে অশোক ভৰালী, আছাম প্লেনটেশ্বন ডেভেলপমেণ্ট কৰ্পৰেচনৰ অধ্যক্ষ পদত অশোক শৰ্মা,আৰ্টফেডৰ উপাধ্যক্ষ হিচাপে প্ৰহ্লাদ গোৱালা, মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে নৱাৰুণ মেধি, পাৰ্বত্য জনজাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে বলেন্দ্ৰ মুছাহাৰী, ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে যতীৰিন্দ্ৰ বৰ্মন, পিছপৰা জাতিৰ উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে বিশ্বজিৎ ৰায়,হ্ল নগৰ পানী যোগানৰ উপাধ্যক্ষ হিচাপে কৃষ্ণমণি চুতীয়া, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ হিচাপে ইন্দ্ৰ গগৈ, ফিছফেডৰ উপাধ্যক্ষ হিচাপে দীলু শৰ্মা, ভাষিক সংখ্যালঘু পৰিষদৰ উপাধ্যক্ষ হিচাপে সুকুমাৰ বিশ্বাস, কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ হিচাপে জয়ন্ত ডেকা, চৰকাৰী বিপণন নিগমৰ উপাধ্যক্ষ বিতুপন ৰাইদিঙীয়া, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উপাধ্যক্ষ হিচাপে অশোক বৰঠাকুৰ, এমট্ৰনৰ উপাধ্যক্ষ হিচাপে ৰিতুবৰণ শৰ্মা, চলচ্ছিত্ৰ বিত্ত উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে ড॰ আলেখ্য বৰুৱা, সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ হিচাপে ৰাজবীৰ সিং, সংখ্যালঘু উন্নয়ন বিত্ত নিগমৰ উপাধ্যক্ষ হিচাপে খলিলুৰ ৰহমান,  পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ নিগমৰ উপাধ্যক্ষ হিচাপে অৰুণ তেৰাং, ডি এন পি নিগমৰ উপাধ্যক্ষ হিচাপে অশ্বিনী পাইট, পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে পৰেশ বৰকটকী, চাহ নিগমৰ উপাধ্যক্ষ হিচাপে শিৱ ভদ্ৰা, ট্ৰেড প্ৰম’শ্যন অৰ্গেনাইজেশ্যনৰ উপাধ্যক্ষ হিচাপে মধু ডেকা,হ্ল হাইড্ৰ’কাৰ্বন এনাৰ্জী কোম্পানীৰ উপাধ্যক্ষ হিচাপে শিৱাজী ডুবে, প্লেনটেশ্বন ডেভেল’পমেণ্ট কৰ্পৰেছন উপাধ্যক্ষ হিচাপে প্ৰফুল্ল বৰা,  প্ৰণাম কমিছনৰ সদস্য পদত ড॰ বিদ্যাৱতী দাস, খাদী আৰু গ্ৰামোদ্যোগৰ উপাধ্যক্ষ হিচাপে হৰেণ দেউৰী, বীজ নিগমৰ উপাধ্যক্ষ হিচাপে পৱন বেদিয়া, এপিডিচিএলৰ দুজন সঞ্চালক যতীন বৰা আৰু ড॰ প্ৰকাশ কাশ্যপ, এপিজিচিএলৰ সঞ্চালক পদত দেৱজিত মহন্ত আৰু ধ্ৰুৱ প্ৰসাদ বৈশ্য,  এইজিচিএলৰ সঞ্চালক পদত নৱ বৈশ্য আৰু তৰুণ বৰুৱা মৰাণ, ব’ৰ্ড অব স্প’ৰ্ট্‌ছৰ উপাধ্যক্ষ পদত মৃগাংগ বৰ্মনক নিযুক্তি প্ৰদান কৰিছে৷ য়ুথ কমিছন অসমৰ অধ্যক্ষ পদত বিধায়ক তৰংগ গগৈ, য়ুথ কমিছনৰ উপাধ্যক্ষ পদত অনুপ বৰ্মন আৰু অৰুণজ্যোতি মৰাণ, য়ুথ কমিছনৰ সদস্য হিচাপে ৰাতুল শৰ্মা, ঋষিৰাজ হাজৰিকা, ডাঃ ভাস্কৰ পাপুকণ গগৈ, ড॰ অংকিতা দত্ত আৰু মিতানাথ বৰাক নিযুক্তি দিছে৷