Logo
image

অভিলেখ বিক্ৰীৰে গ্ৰন্থমেলা সমাপ্ত

আমাৰ অসম, ১০ জানুৱাৰীঃ ক’ভিডকেন্দ্ৰিক নতুন আতংকৰ মাজতে কিতাপৰ বিক্ৰীৰ ক্ষেত্ৰত কাৰ্যতঃ অভিলেখ সৃষ্টিৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা৷ গ্ৰন্থপ্ৰেমীৰ লানি নিছিগা সোঁত, নতুন কিতাপৰ উন্মোচনী সভা, ভিন্ন বিষয়ৰ মনোজ্ঞ আলোচনা সত্ৰ, বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী, শিশুৰ ৰং-বিৰং আদি  অনুষ্ঠানেৰে উখল-মাখল হৈ থকা ১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিল৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাৰ পৰিৱেশে মুগ্ধ কৰা বুলি মন্তব্য কৰে জ্ঞানপীঠপ্ৰাপক কোংকনী ভাষাৰ বিশিষ্ট সাহিত্যিক দামোদৰ মাউজোৱে৷ গোৱাৰ পৰা আহি অসম গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন অলংকৃত কৰা মাউজোৱে লগতে কয়– ‘গ্ৰন্থমেলা মানেই হৈছে কিতাপৰ মহোৎসৱ৷ ইয়াত লেখক-পাঠক আৰু প্ৰকাশকৰ মনঃসংযোগ ঘটে৷ নতুন ধ্যান-ধাৰণাৰ আদান-প্ৰদান হয়৷ ফলত ভাষা-সাহিত্যই নতুন দিশৰ উমান ল’ব পাৰে৷’ নতুন গ্ৰন্থৰ প্ৰকাশ মানেই নতুন চিন্তাৰ বাট মুকলি কৰা এটা প্ৰক্ৰিয়া বুলি মন্তব্য কৰি মাউজোৱে কয় যে গ্ৰন্থৰ গুণগত দিশ উচ্ছতৰ হোৱাটো জৰুৰী৷ কিতাপেই মূলতঃ জ্ঞানৰ আনন্দ প্ৰদান কৰে৷ সেই দিশৰ পৰা গ্ৰন্থমেলা জ্ঞানৰ মহোৎসৱ বুলি ক’ব পাৰি৷ ক’ভিড পৰিস্থিতিয়ে বিশ্ব সভ্যতাৰ পট পৰিৱৰ্তনৰ প্ৰসংগ উত্থাপন কৰি তেওঁ লগতে কয়– ‘সমাগত সময়ে কি বিচাৰে সেই কথা লেখক-সাহিত্যিক-চিন্তাবিদসকলে বুজি পাব লাগিব৷ অসহিষ্ণুতা পৃথিৱীৰ বহু প্ৰান্ততে দেখা যায়৷ অসহিষ্ণুতা চীন, ফৰাচী, জাৰ্মানী আদি সকলো দেশতে আছে৷ এয়া একপক্ষীয় নহয়৷ লেখক-সাহিত্যিকসকলে সকলো অন্যায়ৰে প্ৰতিবাদ কৰাৰ সাহস প্ৰদৰ্শন কৰিব পাৰিব লাগিব৷ তেতিয়াহে সমাজ-জীৱনে উচিত দিক নিৰ্দেশনা লাভ কৰিব৷’ বিশিষ্ট সাহিত্যিক মাউজোক অসম গ্ৰন্থমেলা কতৃৰ্পক্ষৰ তৰফৰ পৰা ফুলাম গামোচা, এড়ি চাদৰ আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনায় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই৷ অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননীগোপাল মহন্তই৷ ড॰ মহন্তই ভাষণ প্ৰসংগত কয়– ‘অসম গ্ৰন্থমেলাৰ সফল সমাপ্তি বৌদ্ধিক জগতৰ বাবে শুভ সংবাদ৷ ক’ভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ মাজতে গ্ৰন্থৰ বিক্ৰীয়ে ৫ কোটিৰ ঘৰ স্পৰ্শ কৰিব পৰা বুলি জানি আনন্দিত হৈছোঁ৷ এই ঘটনাই প্ৰমাণ কৰিছে ৰাজ্যখনত কিতাপ পঢ়াৰ সংস্কৃতি গঢ় লৈ উঠিছে৷’ তেওঁ লগতে কয় যে নতুন প্ৰজন্মৰ আকৰ্ষণৰ সৈতে ৰজিতা খুৱাই সেই ধৰণৰ গ্ৰন্থ প্ৰকাশ কৰি তেওঁলোকৰ মনৰ চাহিদা পূৰণ কৰিব লাগিব৷ অসম প্ৰকাশন পৰিষদে শেহতীয়াকৈ ইউটিউবত অসমীয়া যুগজয়ী সাধুকথাবোৰক  দৃশ্য-শ্ৰব্যৰ জৰিয়তে সংৰক্ষণ কৰি আৰু এয়া নতুন প্ৰজন্মৰ বাবে সুলভ কৰাটো এক মহৎ কৰ্ম হৈছে৷ এই ধৰণৰ নতুন চিন্তাৰে আগবাঢ়ি অধ্যয়নৰ সংস্কৃতি গঢ় দিয়া আৰু ইয়াৰ প্ৰসাৰ ঘটোৱা কাম কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যচৰকাৰে ইতিমধ্যে এই ক্ষেত্ৰত আশাব্যঞ্জক পদক্ষেপ গ্ৰহণ কৰিছে৷ ড॰ মহন্তক ফুলাম গামোচাৰে আদৰণি জনায় সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰাণ আহমদে৷ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰা আন এগৰাকী বিশিষ্ট অতিথি বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে কয়–‘অসমীয়া ভাষা বহু উচ্ছ পৰ্যায়ৰ৷  সেই বাবে আমি গৌৰৱান্বিত৷ ভাষা-সাহিত্যৰ গতিশীলতা থকাৰ বাবেই এনে এখন সফল গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পৰাটো সম্ভৱ হৈ উঠিছে৷’ বৰ্তমানৰ ইণ্টাৰনেট যুগে শিকন-পঠনত প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি বড়োৱে কয় যে ই-শিকন, ই-পঠনৰ এই উত্তৰ আধুনিক কালে ছপা মাধ্যমৰ ওপৰত চাপ সৃষ্টি কৰিছে৷ এয়া অতিক্ৰম কৰিবলৈ কথাবোৰ নতুনকৈ ভাবিব লাগিব৷ গ্ৰন্থৰ ভৱিষ্যৎ সুৰক্ষিত বুলি উল্লেখ কৰি তেওঁ কয় যে পৰিৱৰ্তিত সভ্যতাৰ সৈতে খোজ মিলাই গ্ৰন্থৰ জগতখনক জীয়াই ৰাখিব লাগিব আৰু এই জগতখনৰ কোনো দিনে ইতি নপৰে৷ অসম গ্ৰন্থমেলাত কিতাপৰ বিক্ৰীৰ উৎসাহজনক হাৰে প্ৰমাণ কৰিছে ইণ্টাৰনেট যুগতো গ্ৰন্থৰ ভৱিষ্যৎ সুৰক্ষিত, ইয়াৰ পদ্ধতি অৱশ্যে সুকীয়া হ’ব পাৰে৷ বড়োক ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰে আদৰণি জনোৱা হয় অসম গ্ৰন্থমেলা ফালৰ পৰা৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰাণ আহমদে কয় গ্ৰন্থমেলা লেখক-পাঠক আৰু প্ৰকাশকৰ মিলনমেলা৷ অসম গ্ৰন্থমেলাতো এই কথাই প্ৰতিফলিত হৈছে৷ তেওঁ অসম গ্ৰন্থমেলা সফল কৰাত সহযোগিতা আগবঢ়োৱা সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে৷ সামৰণী অনুষ্ঠানত সভাপতিত্ব কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই৷ তেওঁ কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি এক নতুন ইতিহাস ৰচনা কৰিলে৷ ইয়ে ভাষা-সাহিত্য আৰু গ্ৰন্থ উদ্যোগৰ ক্ষেত্ৰলৈ শুভ বাৰ্তা কঢ়িয়াই আনিছে৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অসম গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে৷ উল্লেখ্য, গ্ৰন্থমেলাৰ অন্তিম দিনাও লোকাৰণ্য হৈ পৰে চানমাৰি বাকৰি৷ বিগত ১১ দিনৰ তুলনাত শেষৰ দিনা অধিক গ্ৰন্থ বিক্ৰী হয় অসম গ্ৰন্থমেলাত৷ মুঠ ১২ দিনত অসম গ্ৰন্থমেলাত প্ত কোটিৰো অধিক টকাৰ কিতাপ বিক্ৰীয়ে অসম প্ৰকাশন পৰিষদৰ লগতে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা প্ৰকাশন গোষ্ঠীসমূহক উৎসাহী কৰি তুলিছে৷ উল্লেখ্য, অসম গ্ৰন্থমেলাত পঢ়ুৱৈৰ সমাদৰ লাভ কৰা গ্ৰন্থসমূহৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য অসম প্ৰকাশন পৰিষদৰ ৰক্তিম পাটৰৰ ‘মহাৰাজা পৃথু’, ড॰ প্ৰাণজিৎ বৰা সম্পাদিত ‘নৱকান্ত বৰুৱা ৰচনাৱলী’, বিপুলজ্যোতি শইকীয়া সম্পাদিত ‘হীৰেন ভট্টাচাৰ্য ৰচনাৱলী’, ‘অসম বিলাসিনী’ কাকতৰ ড॰ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ সম্পাদিত একত্ৰ সংকলন৷ ইপিনে সাহিত্য অকাডেমি বঁটাপ্ৰাপক অনুৰাধা শৰ্মা পূজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল’, প্ৰকাশন পৰিষদ সাহিত্য বঁটা বিজয়ী ডাঃ নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’, অজন্তা বুঢ়াগোহাঞিৰ ‘লা-চিত’, অতনু ভট্টাচাৰ্যৰ ‘সিংহল সমুদ্ৰ সৈকত’, গীতালি বৰাৰ ‘নিচুক তৰাৰ দৰে’, পাৰ্থসাৰথি মহন্তৰ ‘কামাখ্যা’, ‘শিৱ’ আৰু ‘জীৱনৰ সংলাপ’, অৰূপ কুমাৰ নাথৰ ‘অন্নখন’, অসম সাহিত্য সভাৰ ‘অসমীয়া লোক সাহিত্যৰ বুৰঞ্জী’ আৰু মনোজ কুমাৰ গোস্বামীৰ ‘ভাইৰাছ ইত্যাদি’ আদি গ্ৰন্থই পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য, অসমৰ যুগমীয়া সাধুসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদে প্ৰস্তুত কৰি উলিওৱা দৃশ্য-শ্ৰব্য সাধুৰ ইউটিউৱ চেনেল ‘পাব্লিকেশ্যন বৰ্ড আসাম’ ছাবক্ৰাইব কৰাৰ বাবদ এখন গ্ৰন্থ লাভৰ ব্যৱস্থাৰ প্ৰতি আজি গ্ৰন্থমেলাৰ বাকৰিত গ্ৰাহকৰ বিপুল সঁহাৰি দেখা যায়৷ মন কৰিব লগা কথা যে  এই দৃশ্য-শ্ৰৱ্য সাধু ‘httpsজ্ঞ//www.youtube.com/ন্তু/PublicationBoardAssam’ চাইটত ইতিপূৰ্বে উপলব্ধ হৈছে৷  দেওবাৰেও গ্ৰন্থমেলাত কেবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচিত হয়৷ ইয়াৰ ভিতৰত এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে নৱ কুমাৰ তালুকদাৰৰ ‘অ’ ডেকা বন্ধু’ শীৰ্ষক গ্ৰন্থখন৷ ড॰ লক্ষ্মীনন্দন বৰা সভাঘৰত জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই  পৰিচালনা কৰা এই গ্ৰন্থ উন্মোচনী সভাত ময়ূৰ বৰা, ডাঃ নীলিমা ঠাকুৰীয়া হক, আমিনুল হককে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ শেষৰ দিনা অসম গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী গৰিমা শইকীয়া গাৰ্গে৷ উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী৷ অনুষ্ঠানত গীত পৰিৱেশন কৰে আশ্বাস আয়ুস্মান, ৰাজকুমাৰী ফাল্গুনী, ৰাজশ্ৰী বৰকাকতি, সংস্কৃতা মালাকাৰ, শতাব্দী খাটনিয়াৰ আৰু অসীম ৰঞ্জনে৷ অনুষ্ঠানত ক্ৰিয়েটিভ ডান্স একাডেমিৰ শিল্পীসকলেও নৃত্য পৰিৱেশন কৰে৷