Logo
image

খান্দি থকা হৈছে লুইতৰ বুকু নৱবৰ্ষত ঘোষণা সোণোৱালৰ

আমাৰ অসম, ১০ জানুৱাৰীঃ ব্ৰহ্মপুত্ৰ আৰু গংগাৰ গভীৰতা বৃদ্ধিৰ বাবে ড্ৰেজিঙৰ কাম পূৰ্ণগতিত চলি আছে৷ এইখননৰ ফলত ওচৰ চাপি আহিব সাগৰ-নদী, সহজ হ’ব ৰপ্তানি-আমদানি বাণিজ্য৷’ এই ঘোষণা বন্দৰ, জাহাজ আৰু আয়ুস বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ  সোণোৱালৰ৷ নৱবৰ্ষ উপলক্ষে দেওবাৰে গুৱাহাটী ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়– ‘মালবাহী জাহাজসমূহে ২০২২৬নৰ শেষভাগলৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা আৰম্ভ কৰিব৷ বাংলাদেশ চৰকাৰেও ভাৰত চৰকাৰৰ সহযোগত শদিয়াৰ পৰা বাংলাদেশ হৈ হালদিয়ালৈ ২০০০ কিলোমিটাৰ দীঘল জলপথছোৱা এক মসৃণ জলপথ হিচাপে গঢ়ি তুলিবলৈ কাম কৰি আছে৷’ প্ৰধান মন্ত্ৰী গতি শক্তি’ৰ দৃষ্টিভংগীৰ কথা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘ভাৰতৰ অৰ্থনৈতিক সমৃদ্ধি পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ ভাৰতৰ অৰ্থনৈতিক প্ৰত্যাৱৰ্তনত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ অৱদানৰ সম্ভাৱনাক অনুধাৱন কৰি অঞ্চলটোৰ জলপথ নিৰ্মাণ আৰু ইয়াক বংগোপসাগৰৰ মুখ্য বন্দৰৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলি আছে৷ ই কেৱল অঞ্চলটোৰ অৰ্থনৈতিক সম্ভাৱনাক গতিশীলতা প্ৰদান কৰাই নহয়, কিন্তু স্থলবেষ্টিত অঞ্চলটোক আন্তৰ্জাতিক বাণিজ্য পথসমূহৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰিব৷ মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে মিজোৰাম, ত্ৰিপুৰা আৰু অসমক ম্যানমাৰ [চিটৱে বন্দৰ] আৰু বাংলাদেশ [মঙ্গোলা আৰু চিট্টাগৎ বন্দৰ]ৰ  কৌশলগত বন্দৰৰ সৈতে সংযোগ কৰিবলৈ অক্লান্ত চেষ্টা কৰি আছে৷ ড্ৰেডিঙক এক বহনক্ষম আৰু অৰ্থনৈতিকভাৱে লাভজনক মাধ্যম হিচাপে গঢ়ি তুলিবলৈ উত্তৰ-পূবৰ পৰা বিশেষজ্ঞসকলক একত্ৰিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে লগতে ইংগিত প্ৰদান কৰি কয় ‘যে, তেজপুৰ বিশ্ববিদ্যালয়, আই আইটি গুৱাহাটী আৰু আই আই টি এম শ্বিলঙৰ বিশেষজ্ঞসকলৰ সহযোগিতা এইক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ হ’ব৷ ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পুবৰ অন্যান্য নদীসমূহত যথেষ্ট সম্ভাৱনা নিহিত হৈ আছে আৰু নদী পৰ্যটন, কাৰ্গো, পৰিবহণ আৰু এক বৈকল্পিক অৰ্থনৈতিক পৰিবহণৰ বিকাশৰ ফলত উত্তৰ-পূবৰ জনগণ প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব৷ চৰকাৰৰ জলমাৰ্গ বিকাশ প্ৰকল্পই নদীসমূহক এক কাৰ্যকৰী আৰু বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ মাধ্যম হিচাপে পুনৰুজ্জীৱিত কৰি অঞ্চলটোৰ এক অনুকূল আৰু সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ বাবে কাম কৰি আছে৷ সাগৰ আৰু নদী পথক সংযোগ কৰি এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ চেষ্টা কৰিছে ভাৰত চৰকাৰৰ বন্দৰ আৰু জাহাজ মন্ত্ৰণালয়ে৷ অসম তথা উত্তৰ-পূবক অৰ্থনৈতিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জল পথক অধিক সম্ভাৱনাময় কৰি তোলাৰ প্ৰয়াস কৰা হৈছে৷ অসমৰ কৃষিজাত সামগ্ৰীয়ে লাহে লাহে দখল কৰিবলৈ লৈছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰ৷ বিশেষকৈ অসমৰ চাহৰ আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি৷ অসমৰ অন্যান্য কৃষি উৎপাদিত সামগ্ৰীৰ ১৫ানি হোৱাৰ বিপৰীতে অসমে আন ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ভিন্ন সামগ্ৰীৰো দীৰ্ঘদিন ধৰি কৰি আহিছে আমদানি৷ পূৰ্বে সামগ্ৰী ১৫ানি বা আমদানিৰ বাবে অসম তথা উত্তৰপূৰ্বাঞ্চলে ৰে’ল পথ আৰু বায়ু পথ ব্যৱহাৰ কৰিছিল, য’ত ব্যয় হৈছিল অধিক সময়, অধিক ধনৰ৷  পাণ্ডুত হ’ব জাহাজ মেৰামতিৰ কাম৷ পাণ্ডুত এই কাম হ’লে জাহাজ আৰু বন্দৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকল লাভাম্বিত হ’ব৷ কাৰণ, এখন জাহাজ বেয়া হ’লে মেৰামতিৰ বাবে নিব লাগিলে নিবলগীয়া হৈছিল কলকাতালৈ৷ ছমাহতকৈ অধিক সময় লাগিছিল মেৰামতি হৈ জাহাজখন ঘূৰি অহাত৷ মানুহবোৰৰ মন ভাগি পৰিছিল৷ হতাশ হৈ পৰিছিল৷ এতিয়া সেই হতাশা দূৰ হ’ব৷ শক্তিশালী কৰাৰ ব্যৱস্থা হৈছে অসমৰ লগতে ১১১টা ৰাষ্ট্ৰীয় জলপথৰ৷ সকলোকে ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি সোণোৱালে কয় যে ক’ভিডৰ ক্ষেত্ৰত স্বাস্থ্য, পৰিয়াল কল্যাণ  আৰু আয়ুস মন্ত্ৰালয়ৰ তৰফৰ পৰা এইবাৰো আগৰ দৰেই সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ তেওঁ সকলোকে দৈনিক যোগাসন কৰিবলৈ আৰু আয়ুস আহাৰ গ্ৰহণ কৰিবলৈ আহ্বান৷ সকলোকে আয়ুৰ ৰক্ষা কিট ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় তেওঁ কয়– একহাজাৰ হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷  ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও কেইবাটাও নতুন পৰিকল্পনা সন্দৰ্ভত আলোচনা হৈছে৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সোণোৱালে কয় ‘ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা৷ তেওঁ ৭ বছৰত ব্যাপক পৰিৱৰ্তন দিলে৷ সেয়েহে আগন্তুক নিৰ্বাচনত বিজেপিয়েই শেষ হাঁহি মাৰিব৷   মোদীৰ পাঞ্জাৱ ভ্ৰমণ যাত্ৰা সন্দৰ্ভত ঘটা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়–কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিক ভাৰতৰ সকলো মানুহে একেমুখে গৰিহণা দিছে৷ কংগ্ৰেছ এতিয়া আউটডেটড, কংগ্ৰেছে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় মোদী কেৱল ভাৰতৰেই নহয় সমগ্ৰ পৃথিৱীৰে ই প্ৰিয় নেতা৷