Logo
image

মোদী উদ্বিগ্ন, জৰুৰী বৈঠক

আমাৰ অসম,১০ জানুৱাৰীঃ দেশৰ ক্ৰমাৎ বাঢ়ি অহা ক’ভিডৰ ভয়ংকৰ পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভীষণ উদ্বিগ্ন৷ এই পৰিস্থিতি কেনেদৰে নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু দেশবাসীক কি উপায়েৰে ৰক্ষা কৰিব পৰা হয় সেই পৰিকল্পনা স্থিৰ কৰিবলৈ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷ বৈঠকত স্বয়ং প্ৰধানমন্ত্ৰীয়ে দেশৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰে৷  উল্লেখ্য, সম্প্ৰতি   দেশত ৰকেটৰ গতিত বাঢ়িছে ক’ভিডৰ সংক্ৰমণ৷ ইতিমধ্যে দেশত ক’ভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে৷ যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত ৰ,৬০,৫০৩ জন লোক সংক্ৰমিত হৈছে৷ অথচ সাতদিন পূৰ্বে ২৪ ঘণ্টাত দেশত সংক্ৰমিত হৈছিল ২৭,৫৫৩ জন৷ এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ সুৰক্ষাৰ বাবে ল’বলগীয়া পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্য, গৃহ সচিব অজয় কুমাৰ ভাল্লা, কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণ, কেবিনেট সচিব ৰাজীৱ গৌবা আৰু আন আন শীৰ্ষবিষয়াৰ সৈতে৷ বৈঠকত জৰুৰীভাৱে দেশৰ কিশোৰ-কিশোৰীৰ টিকাকৰণ সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হয়৷ তদুপৰি সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই প্ৰত্যেকখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতে পৃথকে পৃথকে আলোচনা কৰি সংশি¡ষ্ট প্ৰদেশসমূহৰ ক’ভিড পৰিস্থিতিৰ উমান ল’ব৷ তদুপৰি পৰিস্থিতি অনুযায়ী প্ৰত্যেকখন প্ৰদেশক সেই মতে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিব৷ ইপিনে দেশৰ প্ৰতিখন ৰাজ্যত স্বাস্থ্যৰ আন্তঃগাঁথনি ক’ভিডৰ মোকাবিলা কৰিব পৰাকৈ সাজু হৈ আছে নে নাই সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে সকলো বিষয়াৰ পৰ খবৰ লয়৷ যি ৰাজ্যত আন্তঃগাঁথনিৰ অৱস্থা পিছপৰা সেই ৰাজ্যক কেন্দ্ৰীয়ভাৱে জৰুৰী সাহায্য প্ৰদানৰো সিদ্ধান্ত লোৱা হয়৷ সকলো ৰাজ্যকে কেন্দ্ৰই ক’ভিডৰ মোকাবিলাৰ ক্ষেত্ৰত সহায় কৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়৷