Logo
image

নিশা পলায়নৰ ব্যৰ্থ চেষ্টা... আৰক্ষীক আক্ৰমণ... ভৰিত গুলী

চলিত পেটাৰ্নৰ্তে ধুবুৰীত পুনৰ এনকাউণ্টাৰ

আমাৰ অসম,১০ জানুৱাৰীঃ সেই একেই পেটাৰ্ণ, সেই একেই কাহিনী৷ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়া, গো-চোৰাং বেপাৰী, বলাৎকাৰী, হত্যাকাৰীক৷ বন্দী তথা জিম্মাত থকা এইসকল অভিযুক্তক অভিযানৰ বাবে বা  স্বাস্থ্য পৰীক্ষাৰ বাবে মেডিকেললৈ লৈ যোৱাৰ সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ বৃথা চেষ্টা চলায়৷ কিন্তু স্মাৰ্ট অসম আৰক্ষীয়ে হেণ্ডকাফসহ পলায়নৰ চেষ্টা কৰা অভিযুক্তক কৰায়ত্ত কৰিব নোৱাৰি উপায়ন্তৰ হৈ  ভৰিত গুলী মাৰে৷ আৰক্ষীয়ে একেই পেটাৰ্ণত কৰা এনকাউণ্টাৰত অধিকাংশই গুলীবিদ্ধ হৈ আহত হ’লেও আন কেইবাজনো অভিযুক্তৰ মৃত্যুও হৈছে৷ জিম্মাৰ পৰা অভিযুক্তই পলায়নৰ ঘটনা আৰক্ষীৰ ব্যৰ্থতা যদিও বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে এনকাউণ্টাৰৰ খবৰ সগৌৰৱে টুইটাৰ যোগে ৰাজহুৱাহে কৰে৷ একে চিত্ৰনাট্য তথা পেটাৰ্ণত অসম আৰক্ষীয়ে কৰা এনকাউণ্টাৰে বৰ্তমান শতকৰ ঘৰ স্পৰ্শ কৰিছে৷ অৱশ্যে আৰক্ষীৰ এই এনকাউণ্টাৰক লৈ প্ৰশ্নও উত্থাপন হৈছে৷ এনে এনকাউণ্টাৰক ভুৱা অভিহিত কৰি মানৱ অধিকাৰ আয়োগ আৰু ন্যায়ালতো গোচৰ ৰুজু হৈছে৷ তৎসত্বেও মুখ্যমন্ত্ৰীৰ সেউজ সংকেটত অসম আৰক্ষীৰ পিষ্টলৰ গুলী থমকি ৰোৱা নাই৷ বিগত ৪৮ ঘণ্টাত দুটাকৈ এনকাউণ্টাৰ সংঘটিত হৈছে ৰাজ্যত৷ শনিবাৰে পুৱতি নিশা বিশ্বনাথ আৰক্ষীয়ে শিৱা ভূঞা ওৰফে সুজল ভূঞা নামৰ এটা ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰত গুলীবৃদ্ধ কৰাৰ পাছত শনিবাৰে মাজনিশা ধুবুৰী আৰক্ষীয়ে এনকাউণ্টাৰ কৰি ছহিদুৰ ৰহমান নামৰ এটা গো-মাফিয়াক গুলীবিদ্ধ কৰে৷ মাজনিশা আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ বৃথা চেষ্টা কৰোতেই ছহিদুৰক গুলী কৰা বুলি ধুবুৰী আৰক্ষীয়ে দাবী কৰিছে৷ লক্ষণীয়ভাৱে বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাবলৈ যোৱা অৱস্থাত হেণ্ডকাফ আজুৰি কৰ্তব্যৰত কনিষ্টবলক গতা মাৰি পলায়নৰ চেষ্টা কৰোতেই ড্ৰাগছ মাফিয়া শিৱা ভূঞাক গুলীচালনা কৰিব লগা হোৱা বুলি দাবী কৰিছে৷ কিন্তু গুলীবিদ্ধ শিৱা ভূঞাই আৰক্ষীৰ এনকাউণ্টাৰ ভুৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা ঘটনাই এনকাউণ্টাৰটোক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ সম্প্ৰতি তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন শিৱা ভূঞাই সংবাদ মাধ্যমৰ আগত এনকাউন্টাৰটোৰ সন্দৰ্ভত কয়–ঘটনাৰ দিনা থানাত মোক নিশা ১১ বজালৈ বহুৱাই ৰাখিছিল৷ ১১ বজাৰ পাছত মোক ৰুটি খাবলৈ দিছিল আৰক্ষীয়ে৷ ৰুটি খাই থানাৰ ভিতৰতে শুই গৈছিলো৷ কিন্তু চিলমিলকৈ টোপনি আহিছিল যদিও এজন কনিষ্টবলে মোক জগাই দিছিল৷ ইয়াৰ পাছত আৰক্ষীয়ে মোৰ চকু দুটা আৰু মুখত ক’লা কাপোৰেৰে বান্ধি দিছিল৷ মই এয়া কিয় কৰিছে বুলি প্ৰশ্ন কৰাত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে হাস্পতাললৈ নিব বুলি কৈছিল৷ তাৰ পৰা আৰক্ষীৰ বাহনত তুলি মোক কিছুদূৰ লৈ যোৱাত পাছত গাড়ীৰ পৰা নামিবলৈ দিছিল৷ গাড়ীৰ পৰা নমাৰ পাছতেই মোৰ ভৰি দুটা ব্লেংকেটেৰে মেৰিয়াই মাটিত বগৰাই দিছিল৷ এজনে মূৰত হেঁচি ধৰিছিল, এজনে গাত আৰু আনজনে ভৰি হেঁচি ধৰিছিল৷ তাৰ পাছত ব্লেংকেটত পিষ্টল লগাই মোৰ ভৰিত গুলী কৰিছিল৷ ভৰিত গুলী কৰাৰ পাছত দুই জাই ব্লেং ফায়াৰো কৰিছিল আৰক্ষীয়ে৷ এই ঘটনাটো এছ পি কাৰ্যালয়ৰ সন্মুখতে হৈছিল৷’ স্বাভাৱিকতেই গুলীবৃদ্ধ শিৱা ভূঞাৰ এই ভাষ্যই আৰক্ষীৰ এনকাউণ্টাৰটোক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বেও আন এজন গুলীবৃদ্ধ অভিযুক্তই জিম্মাত থকাৰ অৱস্থাত আৰক্ষীয়ে প্ৰথমে দৌৰিবলৈ দি পাছ ফালৰ পৰা গুলী কৰা বুলি ভয়ংকৰ অভিযোগ কৰিছিল৷

গ্ৰেপ্তাৰৰ দিনাই এনকাউণ্টাৰ

‘আমাৰ অসমঃ নামনি অসমৰ ধুবুৰীত গো¸মাফিয়া তথা ড্ৰাগছ মাফিয়া লৈ লক্ষ্য কৰি ধুবুৰী আৰক্ষীয়ে চলালে গুলী৷ বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ তথা ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিযুক্ত ছহিদুৰ ৰহমানক এনকাউণ্টাৰ কৰে ধুবুৰী আৰক্ষীয়ে৷ ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা  ১৯২৯/২১ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ড্ৰাগছ তথা গো মাফিয়া ছহিদুৰ ৰহমানক শনিবাৰে গ্ৰেপ্তাৰ কৰে৷ আটকাধীন ড্ৰাগ্‌ছ আৰু গো মাফিয়া ছহিদুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত মাফিয়া ছহিদুৰক লগত লৈ আৰক্ষীয়ে শনিবাৰে মাজনিশা ড্ৰাগছ উদ্ধাৰ অভিযান চলায়৷ অভিযানৰ সময়তে নিশা প্ৰায় ১২ বজাত আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা চলাইছিল অভিযুক্ত ছহিদুৰে৷  ফলত উপায়ন্তৰ হৈ ধুবুৰী আৰক্ষীয়ে মাফিয়া ছহিদুৰক ভৰিত গুলী কৰা বুলি দাবী কৰিছে৷ পিছত গুলীবিদ্ধ অৱস্থাত ড্ৰাগছ আৰু গো মাফিয়াটোক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় আৰক্ষীয়ে৷ ইপিনে মাফিয়াটোৰ আক্ৰমণত এজন আৰক্ষী কনিষ্টবল গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়৷ আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানজনক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷