‘কা’ আছে ‘কা’ নাই
সময়সীমা পাৰ হ’ল, নিয়মাৱলী প্ৰস্তুত কৰিব নোৱাৰিলে গৃহ দপ্তৰে
আমাৰ অসম, ১১জানুৱাৰীঃ পুহমহীয়া ঠেৰেঙালগা শীতৰ উষ্ণতা বঢ়াই ঠিক এই সময়তে দুবছৰৰ পূৰ্বে গুৱাহাটীৰ ৰাজপথত সুঠাম যুৱ-কিশোৰৰ দেহৰ পৰা তপত তেজৰ সোঁত বৈ গৈছিল৷ সেইটো আছিল ২০১৯ চনৰ ১২ ডিচেম্বৰৰ অভিশপ্ত সন্ধিয়া৷ তাৰ আগদিনা নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজ্যসভাত বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিছিল৷ ইফালে, অসমত প্ৰতিখন চহৰ, গাঁৱে যুদ্ধক্ষেত্ৰৰ ৰূপ লৈছিল৷ অসমৰ বিজেপি চৰকাৰ, চৰকাৰী বাহিনীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভৰ দাবানল সৃষ্টি হৈছিল৷ এফালে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
নেতৃত্বত প্ৰথমে ‘কেব’ আৰু আইনত পৰিণত হোৱাৰ পাছত ‘কা’বিৰোধী আন্দোলনে প্ৰৱলৰ পৰা প্ৰৱলতৰ ৰূপ লৈছিল৷ সেয়া যেন ১৯৭৯ বিদেশী খেদা আন্দোলনৰো ততোধিক উগ্ৰ ৰূপ৷ চৰকাৰ আৰু চৰকাৰীপন্থী দলৰ বাহিৰে সৰ্বস্তৰৰ লোক ৰাজপথলৈ ওলাই আহিছিল৷ ‘কেব’ নালাগে– শ্লোগানৰ চিৎকাৰত প্ৰৱল শীতৰ অসম ক্ৰমাৎ তপত হৈ পৰিছিল৷ প্ৰথমে লোকসভা আৰু ১১ ডিচেম্বৰত ৰাজ্যসভাত নৰেন্দ্ৰ মোদী চৰকাৰে ক্ৰুৰ হাঁহি মাৰি অৱলীলাক্ৰমে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সময়ত অসমৰ ৰূপ ঠিক যুদ্ধভূমিৰ দৰে৷ অসমীয়াৰ ‘কেব’বিৰোধী আন্দোলনত কঁপি উঠিছিল দিল্লীৰ মছনদ৷ ঠিক তাৰ পিছদিনাই গৃহযুদ্ধত বিধবস্ত অসমক, ‘কেব’বিৰোধী আন্দোলনক মষিমূৰ কৰি গুৱাহাটীৰ ৰাজপথত কেইবাদিশতো চলিছিল চৰকাৰী বাহিনীৰ অপ্ৰৰোচিত গুলী৷ কোনো আন্দোলনকাৰীক সতৰ্ক নকৰাকৈ, ৰাবাৰ বুলেট কিম্বা টিয়েৰ গেছ ব্যৱহাৰ নকৰাকৈ আন্দোলনকাৰীৰ শৰীৰ উদ্দেশ্যি অটোমেটিক ৰাইফলৰ পৰা সক্ৰিয় সীহৰ ঘাতক গুলীবৰ্ষণ কৰিছিল চৰকাৰী বাহিনীয়ে, যুদ্ধক্ষেত্ৰত লোৱাৰ দৰে ‘পজিছন’লৈ৷ ছেম ষ্টেফৰ্ড, দীপাঞ্জল দাসকে ধৰি গুৱাহাটীত ৪ জন আন্দোলনকাৰীক চৰকাৰী বাহিনীয়ে বৰ্বৰভাৱে হত্যা কৰিছিল, গুলীৰ আঘাত লৈ ২৬জন আন্দোলনকাৰী ভৰ্তি হৈছিল জি এম চি এইচত৷ ছেমহঁতৰ শৰীৰৰ তপত তেজৰ সোঁত মহানগৰীৰ ৰাজপথত বৈ যোৱাৰ লগে লগে লাহে লাহে পুহ-মাঘমহীয়া শীতৰ দৰে শীতল হৈ পৰিছিল আন্দোলন৷
আৰক্ষীৰ বৰ্বৰতা আৰু ৰাইফলৰ গুলীৰে বলীয়ান হৈ উঠা নৰেন্দ্ৰ মোদী চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে অৰ্থাৎ ১২ ডিচেম্বৰত ‘কা’ নামৰ এখন বিতৰ্কিত আইন প্ৰণয়ন কৰা বুলি জাননী জাৰি কৰিছিল৷ ২০২০ চনৰ ১০ জানুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰণালয়ে জাননী জাৰি কৰি জনাইছিল, ১০ জানুৱাৰীৰ পৰাই দেশত সংশোধিত নাগৰিক্ব আইন অৰ্থাৎ ‘কা’ প্ৰণয়ন হ’ল৷ এই আইনৰ জৰিয়তে ভাৰতৰ প্ৰতিবেশী দেশ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় অত্যাচাৰৰ বলি হৈ অহা মুছলমানক বাদ দি হিন্দু, জৈন, খ্ৰীষ্টান, বৌদ্ধধৰ্মৰ লোককে ধৰি ৬টা ধৰ্মৰ বিদেশী নাগৰিকে ভাৰতত নাগৰিকত্ব লাভ কৰিব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত থিয় হৈ সন্মানীয় সদস্যসকলক ‘কা’ আৰু এন আৰ চিৰ ‘ক্ৰন’লজি’ পাত পাতকৈ বুজাইছিল৷ প্ৰথমে ‘কা’, তাৰ পাছত এন আৰ চি– অসমৰ দৰে এখন এখনকৈ দেশৰ প্ৰত্যেকখন ৰাজ্যতে বলৱৎ হ’বই– হতবাক হৈ বিৰোধী, শিক্ষিত সাংসদে অমিত শ্বাহৰ ‘ক্ৰন’লজি’ শুনিবলৈ বাধ্য হৈছিল৷ সেয়া আছিল ২০২০ চনৰ লোকসভাৰ শীতকালীন অধিৱেশন৷
কিন্তু, যিমান বলপূৰ্বকভাৱে, যিমান ক্ষিপ্ৰতাৰে নৰেন্দ্ৰ মোদী চৰকাৰে ‘কা’ প্ৰণয়ন কৰিলে, সেই আইনখন বলৱৎ বা কাৰ্যকৰী কৰিবলৈ ততোধিক বিলম্বিত প্ৰক্ৰিয়াৰ আশ্ৰয় ল’লে৷ কিয়নো আজি ২০২২ চনৰ ১০ জানুৱাৰীত, ‘কা’ প্ৰণয়ন হোৱাৰ ঠিক দুবছৰৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ‘কা’ৰ বিধি প্ৰস্তুত [ৰুল ফ্ৰেম] কৰা নাই আৰু সেইবাবেই এতিয়াও দেশত ‘কা’ নামৰ বিতৰ্কিত আৰু বলপূৰ্বকভাৱে অভাৱনীয় ক্ষিপ্ৰতাৰে প্ৰণয়ন কৰা আইনখন দেশত বলৱৎ হোৱা নাই৷ বিধি প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে লোৱা তৃতীয়টো বৰ্ধিত সময়সীমা কালি অৰ্থাৎ ৯ জানুৱাৰীত উকলি গৈছে৷ লোকসভা আৰু ৰাজ্যসভাৰ দুখনকৈ সংসদীয় সমিতিৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে লোৱা এই বৰ্ধিত সময়সীমাৰ অনুমতি আছিল বাধ্যতামূলক৷ অৰ্থাৎ, এই সময়সীমাৰ ভিতৰত, তৃতীয় বৰ্ধিত সময়সীমা হিচাপে ২০২২ চনৰ ৯ জানুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ‘কা’ৰ বিধি প্ৰস্তুত কৰিব লাগিছিল আৰু তেতিয়াই কাৰ্যতঃ বলৱৎ হ’লহেঁতেন সংশোধিত নাগৰিকত্ব আইন বা ‘কা’৷ ইয়াৰ পূৰ্বে দুবাৰকৈ ক্ৰমে ২০২১ চনৰ ৯ এপ্ৰিললৈ প্ৰথমবাৰ আৰু ২০২১ চনৰ ৯ জুলাইলৈ দ্বিতীয়বাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে লোকসভা আৰু ৰাজ্যসভাৰ দুখন সংসদীয় সমিতিৰ পৰা বৰ্ধিত সময়সীমা লৈয়ো ‘কা’ৰ বিধি প্ৰস্তুত কৰা নাছিল৷ সেই দিশৰ পৰা অৰ্থাৎ বিধি প্ৰস্তুত নকৰাৰ বাবে আজিৰ দিনটোত দেশত ‘কা’ নামৰ বিতৰ্কিত আইনখন নাই বা বলৱৎ হৈ থকা নাই৷
আন এটা গুৰুত্বপূৰ্ণ দিশৰ পৰাও ‘কা’ নামৰ বিতৰ্কিত আইনখন এতিয়া দেশত বলৱৎ হৈ থকা নাই৷ ‘কা’ যেতিয়া সংসদত গৃহীত হৈছিল আৰু চৰকাৰে জাননী জাৰি কৰি আইনখন প্ৰণয়ন হোৱা বুলি জনাইছিল তেতিয়া অসমৰ লগতে দেশজুৰি আইনখনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদৰ জোৱাৰ উঠিছিল৷ গণতান্ত্ৰিক প্ৰতিবাদ চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে কেইবাটাও সংগঠনে ‘কা’ৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত গোচৰ তৰিছিল৷ কেৰালাৰ এটা ৰাজনৈতিক দল ‘ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ’ [আইইউএমএল], তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মিত্ৰ, কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ, ‘অল ইণ্ডিয়া মজলিছ-ই-ইট্টেহাদুল মুছলিমিন’ [এআইএমআইএম]ৰ মুৰব্বী আছাদুদ্দিন অ’ৱেইছি, অসমৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, বেচৰকাৰী সংগঠন ৰিহাই মঞ্চ আৰু কেইবাজনো নাগৰিকে উচ্ছতম ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে তৰি থোৱা গোচৰৰ এটা শুনানি হৈ গ’লেও এই গোচৰৰ কোনো ৰায়দান কৰা হোৱা নাই৷ ২০২১ চনৰ ১৫ জুনত ন্যায়াধীশ হেমন্ত গুপ্তা আৰু ভি ৰামসুব্ৰমণিয়নৰ বিচাৰপীঠে এবাৰ শুনানি লোৱাৰ পাছত গোচৰটো এতিয়াও অসমাপ্ত কৰি ৰাখিছে৷ সেয়ে কেন্দ্ৰীয় চৰকাৰে যদি ‘কা’ৰ বিধি বলৱতো কৰে তথাপি উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অবিহনে এই বিতৰ্কিত আইনখন বলৱৎ নহ’ব৷ সেয়ে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অবিহনে আজিৰ দিনটোত দেশত ‘কা’ নাই৷
ইপিনে, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এটা ৰায়দানে দেশত ‘ক’ বলৱৎ হৈ থকা বুলি প্ৰতীয়মান কৰিছে৷ এফালে কেন্দ্ৰীয় চৰকাৰ আৰু উচ্ছতম ন্যায়ালয়ৰ ক্ৰমে বিধি প্ৰস্তুত আৰু ৰায়দানৰ অবিহনে ‘কা’ নাই যদিও গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটিশ্বৰ আৰু মালাশ্ৰী নন্দীৰ নিৰ্দেশৰ ফলত দেশত ‘কা’ বলৱৎ হৈ থকা প্ৰতীয়মান হৈছে৷ বাবলু পাল নামৰ এজন বাংলাদেশী নাগৰিকক ‘কা’ৰ অধীনত এই দুজন ন্যায়াধীশৰ বিচাৰপীঠে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাবলৈ অনুমতি প্ৰদান কৰিছে৷ বাবলু পাল অসমলৈ আহিছিল ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম আন্দোলনৰ নেতৃবৰ্গৰ ঐতিহাসিক চুক্তি মৰ্মে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অসমলৈ অহা বাংলাদেশী নাগৰিকক বিদেশী হিচাপে গণ্য কৰা হয়৷ অসমত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তিও সেই চন আৰু একেই তাৰিখ৷ সেই সূত্ৰে দীৰ্ঘদিন পূৰ্বে আৰক্ষীৰ হাতত ধৰা পৰা বাবলু পালক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায় দিছিল৷ তেওঁ সেই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাত ন্যায়াধীশ এন কোটিশ্বৰ আৰু মালাশ্ৰী নন্দীৰ বিচাৰপীঠে বাবলু পালক ‘কা’ৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাবলৈ অনুমতি দিয়াৰ লগে লগে দেশত বিধি প্ৰস্তুত নোহোৱাকৈও আৰু উচ্ছতম ন্যায়ালয়ে ‘কা’ সন্দৰ্ভত ৰায়দান নকৰাকৈও ভাৰতত বিতৰ্কিত আইনখন বলৱৎ হৈ থকা বুলি প্ৰতীয়মান হৈছে৷ এই ৰায়দানৰ পাছত এতিয়া কোনেও ক’ব নোৱাৰিব, ভাৰতত ‘কা’ বলৱৎ হৈ থকা নাই৷
২০১৯ চনৰ ১১ ডিচেম্বৰত বলপূৰ্বকভাৱে ৰাজ্যসভাত ‘কা’ গৃহীত কৰি আৰু অসমত পাঁচজনকৈ আন্দোলনকাৰীক গুলীয়াই হত্যা কৰি অতি বৰ্বৰভাৱে কেন্দ্ৰীয় চৰকাৰে এই বিতৰ্কিত আইনখন প্ৰণয়ন কৰিছিল৷ সেই সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে ‘কা’ প্ৰণয়ন কৰাৰ বাবে যিমান দৌৰাদৌৰি লগাইছিল, সেয়া দেখি তৎমুহূৰ্ততে দেশত ‘কা’ বলৱৎ হ’ব বুলি সকলোৱে অনুমান কৰিছিল৷ কিন্তু সম্পূৰ্ণ দুবছৰ অতিক্ৰম কৰাৰ পাছতো ‘কা’ বলৱতক লৈ নৰেন্দ্ৰ মোদী চৰকাৰ প্ৰায় নীৰৱ৷ কিয় ইমান দৌৰাদৌৰিকৈ আৰু বৰ্বৰভাৱে অসমৰ আন্দোলন দমন কৰি নৰেন্দ্ৰ মোদী চৰকাৰে ‘কা’ বলৱৎ কৰিছিল আৰু কিয় এতিয়া সেই একেখন চৰকাৰ ‘কা’ক লৈ নিৰ্লিপ্ত হৈ আছে তাৰ আঁৰত আছে দুটাকৈ গভীৰ কাৰণ৷ সেয়া হৈছে চৰকাৰী আৰু ৰাজনৈতিক উদ্দেশ্য৷ ই আন এক অধ্যায়৷
‘কা’ বাতিল নকৰালৈকে অসম শান্ত নহয়
‘কা’ৰ বিধি প্ৰণয়নৰ বাবে তিনিবাৰকে চৰকাৰক সময় বঢ়াই দিয়াৰ পাছতো বিধি প্ৰণয়নৰ কৰিব নোৱাৰিলে চৰকাৰখনে৷ এয়া চৰকাৰখনৰ ‘এজেণ্ডা’ নে অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ ৰোষত পৰাৰ ভয় তাক লৈ তীব্ৰ চৰ্চা হৈছে৷ ‘কা’ৰ বিধি প্ৰণয়নৰ বাবে গৃহ বিভাগক বাৰম্বাৰ সময় দিয়াৰ পাছতো বিধি প্ৰণয়ন কৰিব নোৱাৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই৷ তেওঁ সোমবাৰে ‘আমাৰ অসম’ৰ আগত কয়– তিনিবাৰকৈ সময় বঢ়াই দিয়াৰ পাছতো চৰকাৰখনে ‘কা’ৰ বিধি প্ৰণয়ন কৰিব নোৱৰিলে বা নকৰিলে৷ এই কথাটোৱে প্ৰমাণ কৰিছে যে বিজেপি নামৰ দলটো কাৰো প্ৰতি দায়বদ্ধ নহয়৷ হিন্দুৰ প্ৰতিও তেওঁলোক দায়বদ্ধতা নাই, মুছলমানৰ প্ৰীতি কোনো দায়ৱদ্ধতা নাই৷ এওঁলোকৰ মূল কথা যিকোনো প্ৰকাৰে ‘ইচ্ছু্য’ বনাব লাগে৷ ইচ্ছু বনাই ক্ষমতা দখল কৰিব লাগে এনে দৃষ্টিকোণৰ পৰা এই কাম কৰি থাকে বিজেপিয়ে৷ তাৰ কাৰণে আমাৰ সাধাৰণ মানুহৰ কষ্ট হয়৷ তাৰেই পৰিণততি আজি এইটো হৈছে৷ তেওঁলোকৰ যদি সামান্যতমো লজ্জাবোধ আছে ‘কা’ প্ৰত্যাহাৰ কৰক৷ এই সময়ত সেইটোৱে হ’ব উচিত কথা৷ এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়–অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ ৰোধত পৰাৰ ভয়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ‘কা’ৰ বিধি প্ৰয়ণন নকৰিলে৷ ‘কা’ক লৈ উত্তৰ পূৰ্বাঞ্চল বাসীৰ ক্ষোভ এতিয়াও মৰিষণ হোৱা নাই৷ ‘কা’ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত ক্ষান্ত নহয় উত্তৰ পূৰ্বাঞ্চলবাসী৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগণৰ প্ৰভূত্ব অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ‘কা’ৰ বিৰুদ্ধে সকলো সৰৱ হৈ থাকিবই লাগিব৷ ‘কা’ সন্দৰ্ভত অন্তিম সময়তো চৰকাৰখনে বিধি প্ৰণয়ন কৰিব নোৱাৰাক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়–‘কা’ৰ বিধি প্ৰণয়ন নকৰা কথাটোত ‘কা’ৰ বিৰুদ্ধে অসম তথা উত্তৰ পূৰ্বাঞ্চলত হোৱা গণ সংগ্ৰামৰ প্ৰভাৱ নিশ্চিতভাৱে আছে৷ তদুপৰি ‘কা’ সন্দৰ্ভত বিধি প্ৰণয়ন নকৰাটোত বিজেপিৰ ৰাজনৈতিক এজেণ্ডা আছে৷ বিজেপিয়ে হিন্দুসকলৰ মিত্ৰ হৈ দেখুৱালে৷ কিন্তু প্ৰকৃততে হিন্দুসকলৰ মিত্ৰ নহয় বিজেপি৷ বিজেপি হৈছে কৰ্পোৰেট গোষ্ঠীৰ মিত্ৰ৷ মানুহৰ মাজত মেৰু বিভাজন কৰাৰ বাবে ‘কা’ আনিছে৷ এতিয়া ‘কা’ৰ বিধি প্ৰয়ণন কৰা নাই৷ প্ৰয়োজন হ’লে এই ইচ্ছু পুনৰ মেলি দিব৷ অসমৰ নিৰ্বাচন, ২৪ চনৰ নিৰ্বাচন বা উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰাক্ক্ষণত আৰু কিবা সলনি কৰি এনে আইন উত্থাপন কৰিব তাৰ জৰিয়তে মেৰু বিভাজন হ’ব৷