Logo
image

কাৰ্বি আংলঙত দেশৰ প্ৰথমটো মাতৃঘৰ

আমাৰ অসম, ১১ জানুৱাৰীঃ দেশৰ স্বাস্থ্যক্ষেত্ৰত নতুন সংযোজন৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অতি পিছপৰা তথা দুৰ্গম এলেকা হিচাপে খ্যাত বৰপুং-তাৰাপুঙৰ ছাৰিহুটি বে’ গাঁৱত মুকলি কৰা হ’ল ভাৰতৰ প্ৰথমটো ‘মাতৃ ঘৰ’৷ যি ঘৰৰ জৰিয়তে গৰ্ভৱতীয়ে অতি সহজে লাভ  কৰিবলৈ সক্ষম হ’ব স্বাস্থ্য সেৱা৷ কাৰ্যতঃ দুৰ্গম পাহাৰীয়া এলেকাৰ গৰ্ভৱতী মহিলাসকলে প্ৰসৱকালীন উপযুক্ত পৰিচৰ্যা তথা স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ অহা কোনো নতুন কথা নহয়, কিন্তু এইসকল গৰ্ভৱতী মহিলাক প্ৰসৱৰ ক’মেও এসপ্তাহ পূৰ্বে দুৰ্গম এলেকাৰ পৰা উলিয়াই আনি এনে একোটা বিশেষ ঘৰত ৰাখি যাতে অতি সহজে চৰকাৰী স্বাস্থ্য সেৱা প্ৰদান কৰিব পৰা যায় তেনে পৰিকল্পনা কৰিয়েই কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনক্ৰমে দেশত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে এই বিশেষ ‘মাতৃ ঘৰ’৷ উল্লেখ্য যে, সৰ্বভাৰতীয় পৰ্যায়ত এই মাতৃ ঘৰ সেৱা উপলব্ধ কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰলৈ লিখিছিল পত্ৰ৷ তাৰ পাছতে ৰাজ্যৰ অন্যতম পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দুৰ্গম বৰপুং-তাৰাপুং এলেকাৰ ছাৰিহুটি বে’ গাঁৱত দেশৰ প্ৰথমটো ‘মাতৃ ঘৰ’ মুকলি কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে৷  প্ৰান্তীয় এলেকাৰ এই ঘৰটোত আছে ছগৰাকী গৰ্ভৱতীক একেলগে ৰাখিব পৰাকৈ ছখন সুকীয়া বিছনা আৰু স্বাস্থ্য পৰিসেৱাৰ সকলো সুবিধা৷ প্ৰসৱৰ ক’মেও এসপ্তাহ পূৰ্বে এই ‘মাতৃ ঘৰ’ত গৰ্ভৱতীগৰাকীক সযতনে ৰাখি প্ৰসৱৰ সময়ত যাতে অতি সহজে স্বাস্থ্যকৰ্মীসকলে চিকিৎসালয়লৈ নি প্ৰসূতিগৰাকীক নিৰাপদ প্ৰসৱ কৰাব পাৰে তাৰ বাবেই এনে পদক্ষেপ লৈছে স্বাস্থ্য বিভাগে৷