Logo
image

নিউ ইয়েৰ চলিব উৰুকা নচলে

আমাৰ অসম, ১১ জানুৱাৰীঃ নিউ ইয়েৰ চলিব, কিন্তু ভোগালীৰ উৰুকা নচলে৷ ইংৰাজী নৱবৰ্ষক আদৰাৰ নামত হাজাৰ হাজাৰ লোকে গাত গা লগাই ক’ভিড বিধি উলংঘনেৰে ভোজভাত খালেও মাঘৰ বিহুৰ উৰুকাৰ নিশা অসমীয়াই আনন্দ ফুৰ্তি কৰিব নোৱাৰিব৷ কিয়নো মাঘৰ বিহুৰ উৰুকাৰ ভেলাঘৰত নিশা ১০ বজাৰ পাছত ভোজ-ভাত খালে ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন সংক্ৰমণৰ আশংকা কৰিছে চৰকাৰে৷ যাৰ বাবে নৱবৰ্ষৰ নামত হাজাৰ হাজাৰ লোকক একে স্থানতে বনভোজ খোৱাৰ অনুমতি দি বিহুৰ উৰুকাহে ক’ভিড কাৰ্ফিউ কঠোৰভাৱে বলৱৎ কৰাৰ স্থিতি  গ্ৰহণ কৰিছে দিছপুৰে৷ ৩১ ডিচেম্বৰত নৱবৰ্ষ উদ্‌যাপনৰ নামত ক’ভিড কাৰ্ফিউ সম্পূৰ্ণৰূপত শিথিল কৰাৰ পাছত চৰকাৰে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কক হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ বনভোজ খোৱাৰো অনুমতি প্ৰদান কৰিছে৷ অমিক্ৰনৰ সংক্ৰমণৰ আশংকাত ভেক্‌চিনৰ দুয়োটা ড’জ গ্ৰহণ নকৰা লোকক ঘৰৰ বাহিৰ ওলোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ সময়তে দেওবাৰে মন্ত্ৰী ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগুৱে সহস্ৰাধিকৰ সমৰ্থকক লগত লৈ ক’ভিড বিধি উলংঘনেৰে চিলাপথাৰত পাতিলে নৱবৰ্ষৰ বৰভোজ৷ ৫ কুইণ্টল গাহৰি, ডেৰ কুইণ্টল খাহী, এক কুইণ্টল মুৰ্গী মাংস আৰু এক কুইণ্টল মাছেৰে ডিমৌ নদীৰ পাৰত কৰা নৱবৰ্ষৰ পিকনিকত ভোজভাত খালে প্ত সহস্ৰাধিক দলীয় নেতা-সমৰ্থকে৷ কিন্তু চকুৰ সন্মুখতে বিজেপি নেতা-কৰ্মীসকলে ক’ভিড বিধি উলংঘন কৰাৰ পাছতো হাতসাৱটি বহি থাকিল ধেমাজিৰ  আৰক্ষী-প্ৰশাসন৷  যিসময়ত শিক্ষামন্ত্ৰীয়ে ক’ভিডৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ কৰি শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকি অনলাইনত শিক্ষা ল’বলৈ পৰামৰ্শ দিছে, ঠিক সেই সময়তে একেজন শিক্ষামন্ত্ৰীয়ে ভোট বেংকৰ স্বাৰ্থত দলীয় কৰ্মী-সমৰ্থকক সন্তুষ্ট কৰি ৰখাৰ বাবে ক’ভিড  বিধিক জলাঞ্জলি দি বৰভোজ পতাৰ দৰে কাণ্ডজ্ঞানহীন কাৰ্য কৰা বুলিও চৰ্চা চলিছে৷ লক্ষণীয়ভাৱে এই মহাভোজক ইংৰাজী নৱবৰ্ষৰ আদৰণী উৎসৱ বুলি কৈ দায় সাৰিব বিচাৰিছে উদ্যোক্তাসকলে৷ নৱেম্বৰৰ শেষভাগৰ পৰাই ৰাজ্যত নতুনকৈ আৰম্ভ হয় ক’ভিডৰ ত্ৰাস৷ প্ৰতিদিনেই বৃদ্ধি হয় আক্ৰান্ত৷ সেইসূত্ৰে ৰাইজে ভাবিছিল যে এইবাৰ ইংৰাজী নৱবৰ্ষৰ আদৰণিপৰ্ব চৰকাৰে বন্ধ কৰিব৷ প্ৰথম অৱস্থাত চৰকাৰেও তেনে এটা ধাৰণাই দিছিল৷ সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব, গাড়ী চলালে লকআপত ভৰাই থোৱা হ’ব আদি কথা কৈছিল চৰকাৰে৷ অৱশ্যে সেইমৰ্মে কামো কৰিছিল৷ চৰকাৰৰ তৎপৰতাৰ বাবেই এইবাৰ ৩১ ডিচেম্বৰ আৰু ৰ জানুৱাৰীত দুৰ্ঘটনাৰ সংখ্যা শূন্যপ্ৰায় হৈছিল৷ কিন্তু নৱবৰ্ষ উদ্‌যাপন চৰকাৰে বন্ধ কৰা নাছিল– অজ্ঞাত কাৰণত৷ ৩১ ডিচেম্বৰৰ পূৰ্বেই নৈশ সান্ধ্যআইন জাৰি কৰা হৈছিল যদিও ৩১ ডিচেম্বৰৰ বাবে বিশেষভাৱে উঠাই দিয়া হৈছিল নৈশ কাৰ্ফিউ৷ কাজেই সেইদিনা বহু ঠাইত বহু লোক সমৱেত হৈছিল৷ সেয়া ক’ভিডৰ বিস্তাৰৰ বাবে যথেষ্ট৷ ইফালে, মুখেৰে বহু কথা ক’লেও অসম গ্ৰন্থমেলাত জনসমাগম শৃংখলাবদ্ধ কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল৷ গ্ৰন্থমেলাৰ ব্যাপক জনসমাগমে ক’ভিডৰ প্ৰসাৰতাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ইন্ধন যোগাইছিল৷ এইবোৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰা নাছিল যদিও আচম্বিতে ভোগালী বিহুৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰা কাৰ্যই স্বাভাৱিকতে ৰাইজক বিভ্ৰান্ত আৰু ক্ষুণ্ণ কৰিছে৷ নিউ ইয়েৰ উদযাপন কৰিলে ক’ভিড নহয়, মাঘ বিহু পাতিলে ক’ভিড হয় নেকি?– এয়া ৰাইজৰ প্ৰশ্ন৷ সামাজিক মাধ্যমত এই প্ৰসংগত আবোল-তাবোল বলকিছে বিজেপিৰ কৰ্মকৰ্তাসকলে৷ সমান্তৰালভাৱে বিজেপিৰ বহু নেতাই প্ৰতিদিনেই আয়োজন কৰিছে বৰসবাহৰ৷ এইবোৰলৈ কিন্তু চৰকাৰৰ ভ্ৰূক্ষেপ নাই৷ ফলত ৰাইজৰ মনত এনে ধাৰণাৰ সৃষ্টি হৈছে যে নিউ ইয়েৰ উদ্‌যাপন কৰিলে আৰু ৰুলিং পাৰ্টীৰ মানুহে ফাংচন পাতিলে ক’ভিড নহয়– বাকী সকলোতে হয়৷ দুলীয়াজানত মুখ্যমন্ত্ৰীৰ এছ পি সন্মিলনত সম্পূৰ্ণ ক’ভিড বিধি মানি চলাৰ পাছতো একাধিক শীৰ্ষ আৰক্ষী বিষয়া ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত কোনো সামাজিক দূৰত্ব মানি নচলা, মাস্ক পৰিধান নকৰা বিজেপি নেতা-সমৰ্থকৰ বনভোজৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ক’ভিডে যে গণ-সংক্ৰমণৰ ৰূপ নল’ব তাৰ কোনে নি(য়তা দিব বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ শাসকীয় দলৰ দায়িত্বশীল মন্ত্ৰী, সাংসদ, বিধায়কে ক’ভিড বিধিক ভৰিৰে মোহাৰি পেলোৱাৰ  পাছত চৰকাৰে মাঘ বিহুৰ উৰুকাৰ নিশা  ভেলাঘৰত প্ত-১০জন লোক একগোট হৈ আনন্দ উপভোগ কৰাতহে বাধা আৰোপ কৰি কঠোৰ ক’ভিড কাৰ্ফিউ জাৰি কৰিছে৷ বিগত ৩১ ডিচেম্বৰত পুৱাৰে পৰা নিশালৈ ক’ভিড কাৰ্ফিউ শিথিল কৰা চৰকাৰে মাঘৰ বিহুৰ উৰুকাৰ নিশা ১০ বজাৰ পাছত ভেলাঘৰত থাকিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়াই নহয়, পুৱা ৬ বজাৰ পৰা পাছতহে ঘৰৰ পৰা আহি মেজি জ্বলোৱাৰ অনুমতি প্ৰদান কৰিছে৷ স্বাভাৱিকতেই মাঘৰ বিহুত নিশা ১০ বজাৰ পাছত গাঁৱৰ মানুহ ঘৰত বাহিৰত থাকিলে যদি ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাব, তেনেহ’লে চিলাপথাৰৰ বিজেপিৰ হাজাৰ হাজাৰ নেতা-কৰ্মীৰ বৰভোজৰ পৰা ক’ভিডৰ সংক্ৰমণ নহয় নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ গুৱাহাটীৰ স্বপিং ম’লত মাস্ক নিপিন্ধিলে জৰিমনা বিহা আৰক্ষী  প্ৰশাসনে বিজেপিৰ পিকনিকত ক’ভিড বিধি উলংঘন কৰা আৰু মাস্ক নিপিন্ধা কেইজনক জৰিমনা বিহা হ’ল বুলিও প্ৰশ্ন উঠিছে৷

ক’ভিড বিধি নেওচি তেজপুৰত অসমী মেলা

আমাৰ অসমঃ তেজপুৰ নেহৰু মৈদানত অনুষ্ঠিত অসমী চৰচ মেলাত ব্যৱসায় প্ৰতিষ্ঠানৰ জ্জজনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ দৈনিক বৃদ্ধি পাইছে কভিড -১৯ আক্ৰান্তৰ সংখ্যা যাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে ক’ভিড নীতি-নিয়ম৷ তেজপুৰ হেম বৰুৱা ভৱনত ভোগালী মেলা আয়োজনৰ নামত চলিছে অবৈধ জুৱা খেল আৰু সুৰাৰ বেহা৷ উল্লেখ্য যে, য’ত ক’ভিড নীতি-নিয়মত স্পষ্টভাৱে প্ৰকাশ কৰিছে পঞ্চমমানৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয় যোৱা বন্ধ, ক’ভিড ভেক্‌চিন গ্ৰহণ নকৰা লোকৰ ৰাজহুৱা স্থানত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে ,তেনে সময়ত তেজপুৰ নগৰৰ নেহৰু মৈদান [ চাৰ্চফিল্ড] ত ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত হৈ থকা অসমী চৰচ মেলাত দেখা গৈছে সম্পূৰ্ণ ক’ভিড নীতি-নিয়ম উলংঘন কৰি পুৱাৰে পৰা সন্ধিয়াপৰ্যন্ত চলিছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে হাজাৰ হাজাৰ মানুহৰ সমাগম৷ এই বিষয়ে শোণিতপুৰ জিলাৰ প্ৰশাসনে সম্পূৰ্ণ চকু মুদা ভাও ধৰা দেখা গৈছে৷ ইফালে জিলা উপায়ুক্ত কাৰ্যালয় আৰু তেজপুৰ সদৰ থানাৰ সন্মুখৰ হেম বৰুৱা ভৱনৰ প্ৰাংগণত চলি আছে ভোগালী মেলা য’ত দেখা গৈছে ভাগ্য পৰীক্ষাৰ নামত মুকলিকৈ জুৱা, তাৰ লগতে দেশীয় সুৰাৰ নামত মুকলি সুৰা বেপাৰ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰাজ্য চৰকাৰে কঠোৰ নীতি-নিয়ম জাৰি কৰিছে কোনো লোকে মদ্যপান কৰি গাড়ী চলালে ১০ হাজাৰপৰ্যন্ত জৰিমনা ভৰিব লাগিব৷ লগত ক’ভিড নীতি-নিয়মত উল্লেখ আছে বিয়লি ভাগত কোনোধৰণৰ চুলাই ভাটি খুলিব নোৱাৰিব তেনে সময়তে তেজপুৰ চৰচ মেলা আৰু ভোগালী মেলাত সন্ধিয়া জ্জ্ব বজাপৰ্যন্ত দেশীয় সুৰাৰ নামত মুকলি বেহা চলি আছে যদিও গুৰুত্ব নাই জিলা প্ৰশাসনৰ৷ ইফালে তেজপুৰ নেহৰু মৈদানত চলি থকা অসমী চৰচ মেলাৰ ব্যৱসায় প্ৰতিষ্ঠানত চিনাক্ত হৈছে ক’ভিড পজিটিভ৷ আজি উক্ত মেলাত ছজন ব্যৱসায়ীৰ লগতে এজন কমিটীৰ লোকসহ সাতজনৰ দেহত ক’ভিডৰ সংক্ৰমণৰ অৱস্থিতি ধৰা পৰা ঘটনাই ৰাইজক আতংকিত কৰি তুলিছে৷ ইফালে আজিৰ দিনটোত জিলাখনত ৭৫জনৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰিছে৷ ইয়াৰ পাছতেই জিলা উপায়ুক্তই চৰচ মেলাৰ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে৷