Logo
image

চৰকাৰী পৃষ্ঠপোষকতাত সাংস্কৃতিক আগ্ৰাসন

সাংসদ অজিত ভূঞাৰ অভিযোগ

আমাৰ অসম, ১১ জানুৱাৰীঃ ভোগালী বিহু উদ্‌যাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাধা নিষেধ আৰোপ কৰি এছ অ’ পি প্ৰকাশ কৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈ তথা গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটীৰ নেতৃত্বই৷ চৰকাৰে ভোগালী বিহুক লৈ প্ৰকাশ কৰা এছ অ’ পি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই সাংসদ অজিত কুমাৰ ভূঞাই কয়–মাঘ বিহু উদ্‌যাপনক লৈ কঠোৰ চৰকাৰ ৩১ ডিচেম্বৰত দিন শিথিল কিয়? কৰ’নাক লৈ মাঘ বিহু উদ্‌যাপন বাধা নিষেধ আৰোপ কৰা হৈছে৷ কৰ’নাৰ আগ্ৰাসনৰ বাবে কঠোৰ এছ অ’ পি প্ৰস্তুত কৰা হৈছে ভাল কথা৷ কিন্তু কেৱল মাঘৰ বিহুত কিয় নিষেধাজ্ঞা? ৩১ ডিচেম্বৰত মাজনিশা পৰ্যন্ত চলিল পাৰ্টী৷ সেই সময়ত এইবোৰ নিষেধাজ্ঞা কিয় আৰোপ কৰা নহ’ল? কাটাই কাটাই ৰ জানুৱাৰীৰ পুৱাৰ পৰা কৰ’নাৰ জন্ম হ’ল নেকি ৰাজ্যত৷ অসমত এতিয়া সাংস্কৃতিক আগ্ৰাসন চলিছে৷ ভোগালী বিহু উদ্‌যাপন কৰিব নিদিয়াটো অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ৷ অসমৰ পৰা ভোগালী বিহু, ৰঙালী বিহু, কঙালী বিহু সকলো নাইকীয়া কৰাৰ ষড়যন্ত্ৰ কৰিছে অসম বিৰোধী চক্ৰটোৱে৷ অসমীয়াৰ বিৰুদ্ধে সকলো মিলি গৈছে৷ এয়া খিলঞ্জীয়া জনগণৰ বাবে চূড়ান্ত অপমান৷ ইফালে, বিহুক লৈ চৰকাৰে ঘোষণা কৰা এছ অ’ পিক লৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়–আমাৰ জাতীয় উৎসৱ মাঘ বিহুৰ ওপৰত দিয়া বাধা নিষেধ মানি লোৱা নহ’ব৷ ৩১ ডিচেম্বৰৰ বাবে হিমন্ত চৰকাৰে সান্ধ্য আইন শিথিল কৰিব পাৰে কিন্তু বিহুৰ ওপৰত নিষেধাজ্ঞা– এয়া দুৰ্ভাগ্যজনক৷ ৩১ ডিচেম্বৰ, ৰ জানুৱাৰী আৰু পূজা পালন কৰিব পাৰে কিন্তু বিহু পতাত বাধা দিয়ে৷ আমাৰ জাতীয় উৎসৱ আৰু জাতীয় সংস্কৃতিৰ ওপৰত আক্ৰমণ চলাবলৈ দিয়া নহ’ব৷ ৰাজ্যত নিৰ্বাচন পাতিব পাৰে৷ ভোট বিচাৰিবলৈ ৰাজনৈতিক নেতা মানুহৰ ঘৰে ঘৰে যাব পাৰে, কিন্তু বিহু পতাত বাধা কিয়? মাঘ বিহুৰ উৰুকাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা কৰ্তন কৰিব লাগে৷ অসমৰ জনতাক স্বাধীনভাৱে মাঘ বিহু পালন কৰিবলৈ দিব লাগে৷ ইফালে, ভোগালী বিহুৰ পৰিপ্ৰেক্ষিতত সান্ধ্য আইন নিশা ১২ বজাৰ পৰা কৰিবলৈ আহ্বান জনাইছে গুৱাহাটী বিহু সমন্বয়ৰক্ষী কমিটীয়ে৷ গুৱাহাটী বিহু সমন্বয়ৰক্ষী কমিটীৰ নেতৃত্বই কয়–নিশা ১০ বজাৰ পূৰ্বে ভোজভাত সমাপ্ত কৰা সম্ভৱ নহয়৷ অসমবাসীৰ আবেগৰ প্ৰতি সন্মান জনাই নিশা ১২ বজালৈ সান্ধ্য আইন পিছুৱাই দিয়ক৷ উৰুকাত নৈশ সান্ধ্য আইন নিশা ১২ বজাৰ পৰা পুৱা প্ত বজালৈ সংকুচিত কৰাৰ আহ্বান বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটীৰ৷ সংবাদ মেলত কয় যে নিশা ১০ বজাৰ পূৰ্বে ভোজভাত খোৱা সমাপ্ত কৰা সম্ভৱ নহয়৷ সূৰ্য উদয় হোৱাৰ আগে আগে মেজি জ্বলোৱা হয়৷ সেয়ে পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ কৰক চৰকাৰে৷