Logo
image

অস্তিত্ব ৰক্ষাৰ বাবে আদালতৰ মজিয়াত মাতৃভাষাৰ শেষ ৰণ

আমাৰ অসম, ১১জানুৱাৰীঃ ৰাজ্য চৰকাৰে এপিএছচিৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাক বাদ দিয়াৰ পাছতো অদ্যপি নিৰ্লিপ্ত অসম সাহিত্য সভা, আছুকে ধৰি অসমৰ জাতীয় দল-সংগঠন৷ এপিএছচিত অসমীয়া ভাষাৰ ভৱিষ্যৎ এতিয়াও অনিশ্চিত হৈ ওলমি আছে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মজিয়াত৷ এপিএছচিত অসমীয়া ভাষা বাহাল ৰখাৰ আইনী যুঁজত জাতিৰ হৈ সন্মুখৰ পৰা জঁপিয়াই পৰিছে ৰাজ্যৰ বিশিষ্ট অধিবক্তা কে এন চৌধুৰীৰ নেতৃত্বত এদল জাতীয় স্বাভিমানসম্পন্ন অসমীয়া অধিবক্তাই৷ উল্লেখ্য, অসমীয়া ভাষা অবিহনে ২০২০ বৰ্ষৰ সংযুক্ত   প্ৰতিযোগিতামূলক [মূল] পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে অসম লোকসেৱা আয়োগে গুৱাহাটী উচ্ছ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ সন্দৰ্ভত অহা ১৭ জানুৱাৰীতহে শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে৷ অৰ্থাৎ সেইদিনাহে এপিএছচিত অসমীয়া ভাষা বাহাল থাকিব নে নাই ইয়াৰ সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে৷ ৰাজ্য চৰকাৰে কেবিনেটৰ বৈঠকত এপিএছচিৰ পৰা অসমীয়া ভাষা উঠাই দিয়া সন্দৰ্ভত প্ৰত্যাহ৩ান জনোৱা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ গোচৰটো আজি আদালতত লিষ্টিং হয়৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠত আজি অসমীয়া ভাষা এপিএছচিত বাহাল ৰখাৰ সন্দৰ্ভত সৱল যুক্তি দাঙি ধৰি অধিবক্তা কে এন চৌধুৰীয়ে ক’লে– ‘অসমৰ ৰাজ্যভাষা অসমীয়া৷ অসমত এপিএছ বিষয়া হ’বলৈ অসমীয়া ভাষা জানিবই লাগিব৷ দেশৰ ৰাজ্যসমূহৰ গঠন হৈছিল ভাষাৰ ভিত্তিত৷ অৱশ্যে এপিএছচিত অসমীয়া ভাষা বাহাল ৰখাৰ সন্দৰ্ভত মহামান্য ন্যায়ালয়ে কি সিদ্ধান্ত লয় সেয়া ১৭ জানুৱাৰীতহে স্পষ্ট হ’ব৷

মাতৃভাষা ৰক্ষাৰ দাবীত লাচিত সেনাৰ ১২দফীয়া দাবী-পত্ৰ

আমাৰ অসমঃ ‘ড॰ হিমন্ত বিশ্ব শৰ্মাই কেৱল ক্ষমতাৰ কথাহে চিন্তা কৰিছে যাৰ বাবে তেখেতে জাতীয় দায়বদ্ধতা পাহৰি অসমীয়া ভাষাবিৰোধী শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান দিয়া মুখ্যন্ত্ৰীজনেই এতিয়া এটাৰ পাছত আনটো হঠকাৰী সিদ্ধান্তৰে অসমীয়া ভাষাক অস্তিত্বৰ সংকটৰ গৰাহলৈ ঠেলি দিছে কিন্তু বীৰ লাচিত সেনা, অসমে স্পষ্ট কৰি দিয়ে যে ভাষাক লৈ কোনো কালে আপোচ কৰা নহ’ব৷ বীৰ লাচিত সেনা, অসমৰ প্ৰতিখন জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ১২ দফীয়া দাবী-চনদ প্ৰেৰণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে যদি এই দাবীবোৰ আওকাণ কৰে তেন্তে বীৰ লাচিত সেনা, অসমে মাতৃভাষা ৰক্ষাৰ আন্দোলন আৰু তীব্ৰতৰ কৰি তুলিব আৰু প্ৰতিজন অসমীয়াভাষী লোকক অসমীয়া ভাষাৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থ ৰাজপথলৈ উলিয়াই আনিব৷’– এই মন্তব্য বীৰ লাচিত সেনা, অসমৰ মুখ্য সচিব ৰণ্টু পানীফুকনৰ৷ উল্লেখ্য, আজি বীৰ লাচিত সেনা, অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত ডাঙৰীয়াৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বাৰ দফীয়া দাবীযুক্ত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ বীৰ লাচিত সেনা, অসমে মাতৃভাষা সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰক জনোৱা দাবীবোৰৰ কেইটামান হ’ল ক্ৰমে– অসম লোকসেৱা আয়োগৰ বাছনি পৰীক্ষাত অসমীয়া বিষয়ৰ বাধ্যতামূলক প্ৰশ্নকাকতৰ ব্যৱস্থা বাতিল কৰি অসম চৰকাৰে লোৱা শেহতীয়া সিদ্ধান্ত শীঘ্ৰে বাতিল কৰা, ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰতিটো সমষ্টিতে চিবিএছই বোৰ্ডৰ অধীনস্থ চৰকাৰী বিদ্যালয় পাতিবলৈ লোৱা চৰকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰা, অসমত থকা সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত [চিবিএছই, আইচিএছই অধীনস্থ ব্যক্তিগত খণ্ডৰ বিদ্যালয় তথ্য কেন্দ্ৰীয় বিদ্যালয়কে ধৰি] দশম শ্ৰেণী পৰ্যন্ত অসমীয়া বিষয়টো বাধ্যতামূলক কৰা, ষষ্ঠ অনুসূচীৰ অধীনস্থ এলেকাত স্থানীয় ভাষা য আঞ্চলি ভাষা বাধ্যতামূলক কৰা, অসমৰ সকলো ঠাইতে ৰাজ্যভাষা অসমীয়াৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ ব্যৱস্থা কৰক৷ বিটিআৰ, কাৰ্বি আংলং, ডিমা হাচাও, বৰাক উপত্যকাত সহযোগী ভাষা হিচাপে স্থানীয় ভাষাৰ মৰ্যাদা অটুট ৰাখিও অসমীয়া ভাষাটো সমান্তৰালভাৱে প্ৰচলন কৰি থকাৰ ব্যৱস্থা সুনিশ্চিত কৰা, অসম চৰকাৰৰ সকলো চৰকাৰী বিভাগ তথা আইন-আদালতত ৰাজ্যিক ভাষা আইন দৃঢ়তাৰে প্ৰৱৰ্তন কৰি সকলো অসমীয়া ভাষা ১০০ শতাংশ প্ৰয়োগ কৰা৷’ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো বেংক, ডাকঘৰ, ৰেলসেৱা, বিত্তীয় প্ৰতিষ্ঠান আদিতো ইংৰাজীৰ সমাস্তৰালভাৱে সকলো নথি-পত্ৰ, প্ৰ-পত্ৰ আদিত অসমীয়া ভাষাটো ১০০ শতাংশ উপলব্ধ হোৱাৰ ব্যৱস্থা কৰা, অসম চৰকাৰৰ অধীনৰ সকলো বিভাগৰ সকলো নিযুক্তিৰ বিজ্ঞাপন, আবেদন প্ৰ-পত্ৰ, লিখিত পৰীক্ষা আদিত অসমীয়া ভাষাৰ প্ৰয়োগ নিশ্চিত কৰা, চৰকাৰী উদ্যোগত ৰাজ্যিক বোৰ্ডৰ অধীনত প্ৰথম পৰ্যায়ত অতি কমেও ৫০০খন ‘অসমীয়া মাধ্যমৰ আদৰ্শ বিদ্যালয়’ স্থাপন কৰাৰ ব্যৱস্থা লওক৷ এনে বিদ্যালয়সমূহত সকলো আধুনিক আন্তঃগাঁথনিৰ লগতে ইংৰাজী ভাষা শিক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা, ইয়াৰ লগতে অসমৰ সকলো চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি অত্যাধুনিক সা-সুবিধাৰে নতুন ৰূপত গঢ়ি তোলা, এনে সকলো মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষা শিক্ষাৰ বাবে বিশেষ ব্যৱস্থা যুদ্ধকালীন ক্ষিপ্ৰতাৰে গ্ৰহণ কৰা, শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়া বিষয় প্ৰৱৰ্তন কৰা, ইউনিকোডকে ধৰি আধুনিক তথ্য-প্ৰযুক্তিৰে অসমীয়া ভাষা শক্তিশালী কৰাৰ বাবে চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা, অংগনাবাড়ী কেন্দ্ৰসমূহক চৰকাৰে পূৰ্ণ পৰ্যায়ৰ অসমীয়া মাধ্যমৰ চৰকাৰী প্ৰাক-প্ৰাথমিক বিদ্যালয় হিচাপে আকৰ্ষণীয় ৰূপত গঢ়ি তোলা আৰু শিশু উপযোগী অসমীয়া পদ্য, সাধু, নীতিশিক্ষা আদিক আধুনিক ডিজিটেল মাধ্যমত [এনিমেশ্বন, কাৰ্টুন, বা আন দৃশ্য-শ্ৰাব্য] বিকাশ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা, অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ আৰ্হিত ৰাজভাষা প্ৰচাৰ সমিতি গঠন কৰি পৰীক্ষা অনুষ্ঠিত কৰি কৃতি পৰীক্ষাৰ্থীক আকৰ্ষণীয় বঁটা আৰু জলপানী দিয়াৰ ব্যৱস্থা কৰা৷ চৰকাৰী চাকৰীৰ বাবে এই পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ অতিৰিক্ত অৰ্হতা ৰূপে গণ্য কৰা৷’