Logo
image

বলপূৰ্বক দিয়া নহয় ইথানলযুক্ত পেট্ৰ’ল

আমাৰ অসম, ১১ জানুৱাৰীঃ ‘তেল কোম্পানীয়ে ডিপোৰ মালিকক বলপূৰ্বকভাৱে ইথানলযুক্ত পেট্ৰ’লৰ যোগান নধৰে৷ পেট্ৰ’লৰ টেংকিসমূহ চাফা নকৰা পৰ্যন্ত তেল কোম্পানীয়ে ডিপোৰ মালিকক নিদিয়ে ইথানলযুক্ত পেট্ৰ’ল৷’–আজি এই কথা সদৰি কৰিছে উত্তৰ পূৰ্ব পেট্ৰ’লিয়াম ডীলাৰছ এছোচিয়ানৰ গুৱাহাটী চেপটাৰৰ সভাপতি ৰাজীৱ গোস্বামীয়ে৷ সোমবাৰে ইথানল মিশ্ৰিত পেট্ৰ’লৰ বিক্ৰী সন্দৰ্ভত তেল কোম্পানীৰে এক বৈঠক অনুষ্ঠিত হৈছিল তেল ডিপোৰ মালিকৰ৷ লক্ষণীয় যে পৰ্যাপ্ত ফুলপ্ৰুফ আন্তঃগাঠনি অবিহনেই তেল কোম্পানীসমূহে কেন্দ্ৰীয়  চৰকাৰৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা তেল ডিপোৰ মালিকসকলক ১০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল বিক্ৰী কৰিবৰ বাবে নিৰ্দেশ দিছিল৷ কিন্তু তেল ডিপোৰ মালিকসকলে ৰাইজক গোটেই বিষয়টো পৰিষ্কাৰকৈ অৱগত নকৰা পৰ্যন্ত আৰু সুৰক্ষাজনিত দিশসমূহ সুনিশ্চিত নকৰা পৰ্যন্ত ইথানল মিশ্ৰিত পেট্ৰ’ল বিক্ৰী নকৰে বুলি ঘোষণা কৰিছিল৷ বৰ্তমানৰ আন্তঃগাঠনিত ইথানল মিশ্ৰিত পেট্ৰ’ল পানীৰ সংস্পৰ্শলৈ আহিলে এনে তেল পানীলৈ পৰিৱৰ্তন হ’ব পৰাৰ আশংকা ব্যক্ত কৰি তেল ডিপোৰ মালিকে গাড়ীৰ ইঞ্জিন নষ্ট কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছিল৷ গাড়ী বেয়া হ’লে ইয়াৰ দায়িত্ব তেলৰ ডিপোৰ মালিকে ল’ব নোৱাৰে বুলিও স্পষ্ট কৰিছিল৷