Logo
image

পুষ্টিহীনতাৰ বাবে বিশ্বত প্ৰতি ১৬ ছেকেণ্ডত জন্ম হয় এটাকৈ মৃত শিশু

আমাৰ অসম, ১০ অক্টোবৰঃ গৰ্ভাৱস্থাত মাতৃয়ে যত্ন নোলোৱা বা ভালদৰে খোৱা-লোৱা নকৰাৰ বাবে গৰ্ভত থকা অৱস্থাতে সন্তান পুষ্টিহীনতাত ভোগে৷ ইয়াৰ ফলত সমগ্ৰ বিশ্বত প্ৰতি ১৬ ছেকেণ্ডত একোটাকৈ মৃত শিশুৰ জন্ম হয়৷ এই তথ্য ৰাষ্ট্ৰসংঘৰ৷ উল্লেখ্য যে ৰাষ্ট্ৰসংঘই বৃহস্পতিবাৰে প্ৰকাশ কৰা এক প্ৰতিবেদন মতে, প্ৰতিবছৰে বিশ্বত ২০ লাখৰো অধিক শিশুৱে মৃত অৱস্থাত জন্ম লাভ কৰি আহিছে৷ এই সন্দৰ্ভত ইউনিছেফ, বিশ্ব স্বাস্থ্য সংস্থা, ৰাষ্ট্ৰসংঘৰ ডিপাৰ্টমেণ্ট অৱ ইকন’মিক ছ’চিয়েল এফেয়াৰ্ছৰ পপুলেশ্বন ডিভিজনে প্ৰস্তুত কৰা প্ৰতিবেদনত উল্লেখ কৰা মতে একমাত্ৰ পুষ্টিহীনতাৰ বাবেই বিশ্বত মৃত শিশু জন্মৰ এনে বেদনাদায়ক ঘটনা বৃদ্ধি পাই আহিছে৷ প্ৰতিবেদনত এইবুলিও উল্লেখ কৰা হৈছে যে বিশ্বৰ বিশেষকৈ উন্নয়নশীল দেশসমূহত মৃত শিশু জন্মৰ ঘটনা অধিক হোৱা দেখা গৈছে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গৰ্ভাৱস্থাত মহিলাসকলক নিজৰ স্বাস্থ্যৰ যত্ন লোৱা আৰু খোৱা-লোৱাৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত৷