Logo
image

ছুৰাটৰ গাওঁত যেনি-তেনি ওলাইছে স্বৰ্ণ মুদ্ৰা!

আমাৰ অসম, ১০ অক্টোবৰঃ গুজৰাটৰ ছুৰাটৰ ওচৰৰ এখন গাঁৱত যেনি-তেনি ওলাইছে স্বৰ্ণ মুদ্ৰা৷ এই বাতৰি বতাহৰ দৰে বিয়পি পৰিছে ছুৰাটৰ ডুম্‌ছ নামৰ গাঁওখনত৷ লগে লগে স্বৰ্ণ মুদ্ৰা বিচাৰি আৰম্ভ হয় মানুহৰ হেতা-ওপৰা৷ উল্লেখ্য যে ছুৰাটৰ ডুম্‌ছ গাঁৱৰ পথৰ দুয়োপাৰে হঠাৎ একাংশ লোকে স্বৰ্ণ মুদ্ৰাৰ দৰে সৰু সৰু ধাতু প্ৰত্যক্ষ কৰে৷ নিশাৰ আন্ধাৰত ঠিক সোণৰ দৰে উজ্বলি উঠে এই ধাতৱ মুদ্ৰা৷ প্ৰথম অৱস্থাত দুই-এজনে এই মুদ্ৰা সংগ্ৰহ কৰে যদিও পিছলৈ যেতিয়া গাঁওখনৰ য’তে-ত’তে এনে মুদ্ৰা ওলাবলৈ ধৰে তেতিয়াই আৰম্ভ হয় মানুহৰ হেতা-ওপৰা৷ এই ঘটনা সম্পৰ্কে ছুৰাটৰ মোহন ভাই নামৰ এজন লোকে সাংবাদিকক জনায়–গাঁওখনত একাংশ লোকে কালি অজস্ৰ মুদ্ৰা লাভ কৰা ঘটনাটোৰ বিষয়ে ময়ো শুনিছো৷ লগে লগে ময়ো সেই মুদ্ৰাৰ সন্ধানত গাঁওখনলৈ যাওঁ৷ পিছে মোৰ ভাগ্য বেয়া৷ মই মুদ্ৰা নাপালো৷ কিন্তু আনে সংগ্ৰহ কৰা মুদ্ৰাটো দেখি মোৰো কৌতূহল উপজিছে সাইলাখ স্বৰ্ণ মুদ্ৰাৰ দৰে এই ধাতৱ মুদ্ৰাটো আচলতে সোণ নে আন কিবা?