ফ্ৰান্সত নিশাৰ ভিতৰতে লাখপতি হ’ল চাৰি মগনীয়া
আমাৰ অসম, ১০ অক্টোবৰঃ ঘৰ-বাৰী নাই৷ দিনৰ পিছত দিন ভিক্ষা বৃত্তিৰে পাৰ কৰি আহিছে জীৱন৷ কিন্তু হঠাৎ নিশাৰ ভিতৰতে চাৰিজনীয়া মগনীয়াৰ দল এটাৰ ভাগ্য সলনি হ’ল৷ মাত্ৰ এটা নিশাৰ ভিতৰতে ফ্ৰান্সৰ মগনীয়াৰ দলটো পঞ্চাছ লাখ টকাৰ গৰাকী হৈ পৰিল৷ উল্লেখ্য যে পশ্চিম ফ্ৰান্সৰ ব্ৰেইষ্ট নামৰ বন্দৰ চহৰখনত দীৰ্ঘদিন ধৰি চাৰিজন মগনীয়াই একেলগে ভিক্ষা কৰি আহিছিল৷ আটাইকেইজনৰ বয়স ৩০ৰ ভিতৰৰ৷ অলপতে এজন বাটৰুৱাই মগনীয়াৰ দলটোৰ এজনৰ ভিক্ষাপাত্ৰত ভিক্ষাৰ নামত দলিয়াই থৈ যায় এখন স্ক্ৰেছ কাৰ্ড৷ আচলতে এই কাৰ্ডখন আছিল এক ইউৰো মূল্যৰ লটাৰী টিকট৷ আশ্চৰ্যজনক যে এই কাৰ্ডখনৰ জৰিয়তে পিছদিনাই মগনীয়াৰ দলটোৱে পঞ্চাছ হাজাৰ ইউৰো অৰ্থাৎ পঞ্চাছ লাখ টকা মূল্যৰ পুৰস্কাৰ লাভ কৰে৷ ফ্ৰান্সৰ লটাৰী সংস্থা এফডিজেই লটাৰীৰ পুৰস্কাৰৰ সমস্ত ধন চাৰিজনীয়া মগনীয়াৰ দলটোৰ মাজত সমানে ভগাই দিয়ে৷ ফ্ৰান্সত লটাৰীয়ে মগনীয়াৰ জীৱন সলনি কৰি দিয়াৰ এই ঘটনা এতিয়া মানুহৰ মুখে মুখে৷