Logo
image

আল্লাৰ নিৰ্দেশ! বলীউড এৰিলে ছানা খানে

আমাৰ অসম, ১০ অক্টোবৰঃ টিভি আৰু বলীউডৰ অভিনেত্ৰী ছানা খানে অভিনয় জগতক বিদায় জনোৱাৰ কথা ঘোষণা কৰে৷ জনপ্ৰিয় ‘ৰিয়েলিটী শ্ব” ‘বিগ বছ’ৰ প্ৰতিযোগী হিচাপেও অংশগ্ৰহণ কৰিছিল তেওঁ৷ চলচ্ছিত্ৰ উদ্যোগ ত্যাগ কৰাৰ কথা অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰে৷ তেওঁ অভিনয় জগত ত্যাগ কৰাৰ মূল কাৰণ ইছলাম ধৰ্ম বুলি জানিবলৈ দিয়ে৷ তেওঁ ইনষ্টাগ্ৰামত এই সম্পৰ্কে লিখি কয় যে এতিয়াৰে পৰা তেওঁ আল্লাৰ নিৰ্দেশ পালন কৰিব আৰু মানৱ সেৱাৰ বাবে কাম কৰিব৷ ৰোমান, ইংৰাজী আৰু আৰবী– এই তিনিওটা ভাষাত পোষ্ট দি তেওঁ এই কথা ৰাজহুৱা কৰে৷ অভিনয় জগতে তেওঁক সকলোধৰণৰ অভিজ্ঞতা দিলে, টকা-পইচা দিলে, সন্মান দিলে৷ তাৰবাবে তেওঁ অভিনয় জগতৰ সকলোকে ধন্যবাদ জনায়৷ কিন্তু বিগত দিনকেইটাত তেওঁৰ মনলৈ অহৰহ এই ভাব আহিছিল যে তেওঁ কেৱল টকা-পইচা, সন্মান, নামৰ বাবেই পৃথিৱীলৈ আহিছিল নেকি? দুখীয়া আৰু আশ্ৰয়হীন লোকৰ বাবে তেওঁ একো কৰিবলগীয়া নাইনে? মানুহে ধন-দৌলতৰ পাছে পাছে দৌৰি মৃত্যুৰ কথাও এবাৰো ভাবিবলৈ সময় নাপায়৷ গতিকে তেওঁ জীৱনৰ বাকী সময়ছোৱা মানুহৰ ভালৰ বাবে কাম কৰাৰ সিদ্ধান্ত লয়৷ ২০০৫ চনত হিন্দী চিনেমাত ভুমুকি মৰা ছানা খানে বোম্বে টু গোৱা, ধন ধনা ধন গোল, হাল্লা বোল, জয় হ’, ৱজহ তু হ’ আদি চিনেমাত অভিনয় কৰিছিল৷ ইয়াৰ উপৰি তেওঁ তামিল আৰু তেলুগু চিনেমাতো অভিনয় কৰিছিল৷