Logo
image

গায়ক ৰোহনপ্ৰীত সিঙৰ সৈতে প্ৰেমত মগ্ন নেহা কাক্কাৰ

আমাৰ অসম, ১০ অক্টোবৰঃ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্লী তথা ‘ইণ্ডিয়ান আইডল’ৰ বিচাৰক নেহা কাক্কাৰ পুনৰ চৰ্চাৰ শীৰ্ষলৈ আহিছে৷  প্ৰেমিক হিমাংশ কোহলিৰ সৈতে সম্পৰ্ক ছেদ হোৱাৰ পাছত অত্যন্ত দুখী হৈ পৰা বলীউডৰ কণ্ঠশিল্পীগৰাকীৰ জীৱনলৈ এতিয়া আগমন ঘটিছে এজন নতুন যুৱকৰ৷ বৰ্তমান দুয়ো গভীৰ প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাইছে৷ নেহা কাক্কাৰৰ নতুন প্ৰেমিকৰ নাম হ’ল ৰোহনপ্ৰীত সিং৷ ৰোহনপ্ৰীত সিং নেহা কাক্কাৰতকৈ সাত বছৰ সৰু৷ ৰোহনপ্ৰীতৰ বয়স ২৫ বছৰ আৰু নেহাৰ বয়স ৩২ বছৰ৷ পাঞ্জাবী সংগীত জগতৰ চিনাকি নাম হৈছে ৰোহনপ্ৰীত সিং৷ কেইদিনমান পূৰ্বে ৰোহনপ্ৰীত সিঙে ইনষ্টাগ্ৰামৰ জৰিয়তে নেহা আৰু তেওঁৰ অন্তৰংগ ছবি ৰাজহুৱা কৰিছিল৷ ৰোহনপ্ৰীতে নেহা আৰু তেওঁৰ ছবি ৰাজহুৱা কৰাৰ পাছতে   ভাইৰেল হৈ পৰে এই ছবি৷ তাৰপাছতে ৰোহনে এটা ভিডিঅ’ ৰাজহুৱা কৰে, য’ত ৰোহনে নেহাক এটা আঙঠি পিন্ধায়৷ ৰোহনে আঙঠি পিন্ধোৱাত লাজ আৰু আনন্দত নেহাৰ গাল ৰঙা পৰি যায়৷ এই ছবি আৰু ভিডিঅ’ক লৈ ব্যাপক চৰ্চা চলাৰ সময়তে শুকুৰবাৰে নেহাই ইনষ্টাগ্ৰমৰ জৰিয়তে স্বীকাৰ কৰে তেওঁ আৰু ৰোহনপ্ৰীতৰ মাজত  গঢ় লৈ উঠা প্ৰেমৰ সম্পৰ্কৰ কথা৷ ফলত দুয়োৰে প্ৰেম এতিয়া ৰাজহুৱা হৈ পৰিল৷ নেহাই ‘নেহুপ্ৰীত’ শীৰ্ষক হেছটেগো ব্যৱহাৰ কৰে৷