Logo
image

ৰে’লৱেৰ ২০০ কোটি টকা লোকচান

আমাৰ অসম, ১০ অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইন তিনিখনৰ বিৰুদ্ধে পঞ্জাব আৰু হাৰিয়ানাত হোৱা ব্যাপক প্ৰতিবাদৰ ফলত ভাৰতীয় ৰে’ল বিভাগে ২০০ কোটি টকা লোকচানৰ সন্মুখীন হয়৷ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেও ১১ কোটি টকা হেৰুৱালগীয়া হয়৷ কৃষকৰ প্ৰতিবাদৰ ফলত পঞ্জাবত সৰ্বাধিক লোকচানৰ সন্মুখীন হয় ভাৰতীয় ৰে’ল বিভাগ, টোল প্লাজা আৰু পে’ট্ৰল-ডিজেলৰ ডিপোবোৰে৷ বিশেষকৈ ভাৰতীয় ৰে’লে ২০০ কোটি টকাৰ ৰাজহ হেৰুৱাইছে৷ কৃষকসকলে ৰে’ল বন্ধ কাৰ্যসূচী পালন কৰি পঞ্জাব আৰু হাৰিয়ানাত ৰে’লৰ চলাচল বন্ধ কৰি ৰাখিছে৷ এনেয়েও এতিয়া ভাৰতত কৰ’নাৰ ত্ৰাসৰ বাবে নিয়মীয়া ৰে’ল চলাচল বন্ধ আছে৷ কেৱল বিশেষ ৰে’লহে চলাচল অব্যাহত আছে৷ কিন্তু কৃষক আৰু কৃষক সংগঠন তথা ৰাজনৈতিক দলৰ প্ৰতিবাদৰ ফলত বিশেষ ৰে’লৰ চলাচল বন্ধ হৈ পৰে৷ ১৫ অক্টোবৰলৈকে ৰে’ল পথসমূহৰ পৰা কৃষক আঁতৰি যোৱাৰ লক্ষণ নাই৷ পঞ্জাবৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে অনুৰোধ জনোৱাৰ পাছতো কৃষকে ৰে’ল পথ বন্ধ কৰি ৰখা কাম ত্যাগ কৰা নাই৷ কৃষকৰ প্ৰতিবাদৰ ফলত বাট-পথ বন্ধ হৈ থকাৰ লগতে তেল ডিপোসমূহো বন্ধ হয়৷ ফলত টোল প্লাজা আৰু তেল ডিপোবোৰো বন্ধ হয়৷ ৭ অক্টোবৰলৈকে ৰে’লৱেই ৫৫ লাখ টকা যাত্ৰীক ঘূৰাই দিবলগীয়া হয়৷