Logo
image

সভাপতিৰ দৌৰত মৃণালিনী দেৱী, তাছা, হাজৰিকা...

আমাৰ অসম, ১ফেব্ৰুৱাৰীঃ কোন হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি? কাৰ হাতত ন্যস্ত হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী প্ৰধান সম্পাদকৰ দায়িত্ব? তাক লৈ ইতিমধ্যে আৰম্ভ হৈছে সাহিত্য সভাৰ সভাপতি-প্ৰধান সম্পাদককেন্দ্ৰিক কুচকাৱাজ৷ অসম সাহিত্য সভাৰ ভিতৰুৱা সূত্ৰৰ পৰা পোৱা তথ্য মতে, এইবাৰ সভাৰ সভাপতিৰ দৌৰত আছে বৰ্তমানৰ উপ-সভাপতি মৃণালিনী দেৱী, প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰাদ তাছা, পদ্মশ্ৰী সূৰ্য হাজৰিকা৷ সভাৰ একাংশই আকৌ ড॰ ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, ড॰ প্ৰদীপজ্যোতি মহন্ত, অধ্যাপক শৈলেন ভৰালী, ড॰ উমেশ ডেকা, ড॰ কৰৱী ডেকা হাজৰিকা আদিক অসম সাহিত্য সভাৰ  সভাপতিৰূপে বিচাৰে৷ সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড॰ জগদীশ পাটগিৰিও আছে সভাপতিৰ দৌৰত৷ আনহাতে, প্ৰধান সম্পাদকৰ দৌৰত আছে বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, দেৱজিৎ বৰা, উপেন্দ্ৰজিৎ শৰ্মা, ৰমানন্দ বৰা আৰু চহিৰ ভূঞা৷ সভাৰ একাংশই থানেশ্বৰ মালাকাৰ, ড॰ সৌমাৰজ্যোতি মহন্ত, অধ্যাপক মদন শৰ্মা, চন্দন শৰ্মা, প্ৰদীপ পূজাৰী আদিৰ ভিতৰতে প্ৰধান সম্পাদক নিৰ্বাচিত হোৱাটো কামনা কৰিছে৷ উল্লেখ্য, দুই-এদিনতে গুৱাহাটী বা শিৱসাগৰত অসম সাহিত্য সভাৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, অসম সাহিত্য সভা সম্প্ৰতি অভাৱনীয় সাংবিধানিক সংকটৰ সন্মুখীন হৈছে৷ সংবিধান অনুসৰি সময়মতে নিৰ্বাচন অনুষ্ঠিত নোহোৱাত সাহিত্য সভাত সৃষ্টি হৈছে চূড়ান্ত বেমেজালিৰ৷ ক’ভিডৰ দোহাই দি সাহিত্য সভাৰ একাংশ শীৰ্ষ বিষয়ববীয়াই ক্ষুদ্ৰ স্বাৰ্থসিদ্ধিত উঠিপৰি লগাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ক’ভিডৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ অজুহাতত চক্ৰটোৱে বৰ্তমানেও কাৰ্যনিৰ্বাহ কৰি থকা কমিটীখনৰ কাৰ্যকাল বৃদ্ধিত উঠিপৰি লাগিছে একাংশ৷ ইয়াৰ সমান্তৰালভাৱে বৰ্তমানৰ সভাপতি কুল শইকীয়াক বিদায় দি উপ-সভাপতি মৃণালিণী দেৱীক ভাৰপ্ৰাপ্ত সভাপতি পদত অধিষ্ঠিত কৰাৰো কুচকাৱাজ চলিছে একাংশই৷ সাহিত্য সভাৰ সংবিধান মতে, যোৱা বছৰৰ ডিচেম্বৰ মাহতে সম্পূৰ্ণ হ’ব লাগিছিল নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া৷ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত অধিৱেশন অনুষ্ঠিত কৰি নবনিৰ্বাচিত সমিতিয়ে দায়িত্ব ল’ব লাগে৷ কিন্তু ক’ভিডসৃষ্ট পৰিস্থিতিৰ অজুহাতত অনুষ্ঠিত নহ’ল সাহিত্য সভাৰ নিৰ্বাচন৷ কেৱল নিৰ্বাচনেই নহয়, ক’ভিডৰ বাবে অসম সাহিত্য সভাৰ নিয়মমাফিক কাম-কাজসমূহো সম্পন্ন নহ’ল৷ এইক্ষেত্ৰত সভাৰ সভাপতি তথা প্ৰধান সম্পাদকৰ দায়িত্বহীনতাই জগৰীয়া বুলি অভিযোগ উত্থাপন হৈছে৷ পৰিস্থিতি এনে পৰ্যায় পালে যে দুবছৰীয়া কাৰ্যকাল অতিক্ৰম হোৱাৰ পিচতো সংবিধান অনুসৰি সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰাত বিফল হ’ল সাহিত্য সভা৷ কেৱল নিৰ্বাচন অনুষ্ঠিত কৰাত বিফল হোৱাই নহয়, কৰ্মচাৰীক কেইবামাহ ধৰি দৰমহা দিয়াত ব্যৰ্থ হ’ল বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখনে৷ দৰমহাৰ দাবীত কৰ্মচাৰীয়ে আন্দোলন কৰিবলগীয়া হ’ল৷ চৰকাৰৰ পৰা ধন আনিব নোৱৰাৰ বাবে কৰ্মচাৰীক দৰমহা দিব পৰা নাই বুলি নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিলে সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই৷ ফেব্ৰুৱাৰী মাহত নাৰায়ণপুৰত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনো অতি কৌশলেৰে বাতিল কৰা হৈছে৷ তাৰ পৰিবৰ্তে সদ্যহতে গুৱাহাটীত এখন বিশেষ প্ৰতিনিধি সভা আৰু ফেব্ৰুৱাৰীৰ শেষৰ ফালে শিৱসাগৰত প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে সাহিত্য সভাই৷ সাহিত্য সভাৰ সূত্ৰ মতে সভাৰ কাৰ্যকাল বৃদ্ধি আৰু নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কীয় সিদ্ধান্ত প্ৰতিনিধি সভাত গ্ৰহণ কৰা হ’ব৷ গুৱাহাটীৰ সভাত গ্ৰহণ কৰা সিদ্ধান্তক শিৱসাগৰত চূড়ান্ত ৰূপ দিয়া হ’ব৷ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও সভাৰ কাৰ্যকাল বৃদ্ধি কৰাটো অৱশ্যম্ভাৱী হ’ব৷ কিয়নো নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ তিনি চাৰি মাহৰ সময়ৰ প্ৰয়োজন হ’ব৷ এই সময়খিনিৰ বাবে অন্ততঃ বৃদ্ধি কৰা হ’ব বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখনৰ কাৰ্যকাল৷ সাহিত্য সভাৰ এটা সূত্ৰৰ মতে কাৰ্যকাল এবছৰ বৃদ্ধিৰো সম্ভাৱনা আছে৷ সভাৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিব নোৱৰা, চৰকাৰৰ পৰা ধন অনাত ব্যৰ্থ হোৱা, কৰ্মচাৰীক দৰমহা প্ৰদান কৰিব নোৱৰাকে ধৰি ভালেকেইটা ব্যৰ্থতাৰ বাবে কুল শইকীয়াক সভাপতি পদত পুনৰ বিচৰা নাই সভাৰ অধিকাংশই৷ আন একাংশই উপ সভাপতি মৃণালিনী দেৱীক ভাৰপ্ৰাপ্ত সভাপতি পদত অধিষ্ঠিত কৰিবলৈহে আগ্ৰহী৷ তেওঁলোকৰ যুক্তি যে সাহিত্য সভাৰ বাবে প্ৰয়োজনীয় আৰ্থিক পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত মৃণালিনী দেৱীয়েহে সফল হ’ব পাৰিব৷ ৰাজ্যৰ বেছিভাগ শাখা সাহিত্য সভায়ো এইক্ষেত্ৰত আপত্তি নকৰাটো প্ৰায় নিশ্চিত৷ ইয়াৰ বিপৰীতে বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱায়ো সংবিধানবহিৰ্ভূতভাবে সভাৰ কাম-কাজ চলি থকাটো বিচাৰে৷ লক্ষণীয়ভাবে শুৱালকুছি অধিৱেশনত সভাৰ সংবিধান সংশোধন হৈছিল যদিও সেইখন আজিলৈকে ছপা আকাৰে প্ৰকাশ নহ’ল৷ প্ৰাক্তন প্ৰধান সম্পাদক ৰাজখোৱালৈ সংশোধিত সংবিধানৰ প্ৰতিলিপি বিচাৰি সাহিত্য সভাৰ ফালৰ পৰা কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰা হৈছে৷ কিন্তু নানা অজুহাত দেখুৱাই সংবিধানৰ প্ৰতিলিপি সভাক হস্তান্তৰ কৰা নাই পদুম ৰাজখুৱাই৷ বৰ্তমানৰ প্ৰধান সম্পাদকেও এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাই৷ সভাৰ ভিতৰচ’ৰাত চৰ্চা হোৱা অনুসৰি সংশোধিত সংবিধান অনুসৰি প্ৰধান সম্পাদক নাইবা সভাপতিয়ে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰে৷ সেয়ে সংশোধিত সংবিধানখন মতে নহয়, পূৰ্বৰ সংবিধান মতেহে তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে৷