Logo
image

১৫ ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণকৈ খুলিব স্কুল

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ২-৩ দিনৰ ভিতৰতে কাৰ্ফিউ শিথিলকৰণৰ নতুন এছ অ’ পি প্ৰকাশৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ১,০০০১ ঘৰলৈ হ্ৰাস পালেই কাৰ্ফিউ নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজালৈ শিথিল কৰিব চৰকাৰে৷  এই সন্দৰ্ভত সোমবাৰে ধেমাজিত সংবাদ  মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘ৰাজ্যৰ ক’ভিড পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে৷ বৰ্তমান ক’ভিড আক্ৰান্তৰ সংখ্যা দৈনিক ২০০০১ আশে-পাশে আছে যদিও সংক্ৰমণ দৈনিক ১,০০০লৈ হ্ৰাস পালেই নৈশ কাৰ্ফিউ শিথিল কৰা হ’ব৷ ১,০০০ সংখ্যা হ’লেই নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজালৈ সান্ধ্য আইন শিথিল কৰা হ’ব৷ অৱশ্যে এই নিৰ্দেশনা জাৰি হ’বলৈ ২-৩ দিন সময় লাগিব৷ বিদ্যালয়সমূহো মই ভাবো ১৫ ফেব্ৰুৱাৰীৰ পৰা খুলি দিব পাৰিম৷ ছাত্ৰ-ছাত্ৰীসকলক প্ৰায় ৯ লাখ ভেক্‌চিন দিবলৈ সক্ষম হৈছোঁ৷ বিদ্যালয় খোলা থাকিলে ভেক্‌চিন দিয়াত সুবিধা হ’ব৷ তৎসত্ত্বেও দ্বিতীয় পালি ভেক্‌চিন ২৮ ফেব্ৰুৱাৰীত শেষ কৰাৰ লক্ষ্যৰে চৰকাৰে ভেক্‌চিন প্ৰদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷’ উল্লেখ্য, অসমৰ লগতে সমগ্ৰ দেশতে ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ দ্বিতীয় পালি ভেক্‌চিন প্ৰদান কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে৷ যিসকল কিশোৰ-কিশোৰীৰে ৩ জানুৱাৰীৰ পৰা ক’ভিড ভেক্‌চিন গ্ৰহণ কৰিছিল সেইসকলে ২৮ দিন সম্পূৰ্ণ হোৱাৰ লগে লগে সোমবাৰৰ পৰা পৰ্যায়ক্ৰমে দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে, কেৱল ক’ভাক্সিনকহে কিশোৰ-কিশোৰীসকলক প্ৰদানৰ বাবে অনুমতি দিয়া হৈছে৷ শনিবাৰলৈকে অসমত প্ৰায় ৮,০৪,৬৯০গৰাকী কিশোৰ-কিশোৰীয়ে ক’ভিডৰ প্ৰথমপালি ভেক্‌চিন গ্ৰহণ কৰিছে৷ লক্ষণীয়ভাৱে ৰাজ্যত ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে৷ সোমবাৰেও ৰাজ্যত আন ১৯ জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য স্বাস্থ্যবিভাগে নিশ্চিত কৰিছে৷ বিগত ২৪ ঘণ্টাত ক’ভিড পজিটিভিটীৰ হাৰ ৪.৬৬ শতাংশলৈ হ্ৰাস পালেও ক’ভিডত আক্ৰান্ত হৈছে ১,৮৮১ জন লোক৷ গুৱাহাটীত ৩৮৯ জন, গোলাঘাটত ১০৬ জন, লখিমপুৰত ৯৩ জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ সোমবাৰে ডিব্ৰুগড় আৰু যোৰহাটত তিনিজনকৈ ক’ভিড ৰোগী মৃত্যু হোৱাৰ বিপৰীতে কাছাৰ, দৰং আৰু তিনিচুকীয়াত দুজনকৈ ৰোগীৰ মৃত্যু হৈছে৷