Logo
image

৫৪ত ভৰি দিলে মুখ্যমন্ত্ৰীয়ে

জন্মদিনৰ ব্যাপক আয়োজন 

আমাৰ অসম, ১ফেব্ৰুৱাৰীঃআজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৪সংখ্যক জন্মদিন৷ অৰ্থাৎআজি ৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী শৰ্মাই৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ জন্মদিন উদ্‌যাপনৰ প্ৰস্তুতি চলোৱা হৈছে৷ জালুকবাৰী সমষ্টিৰ ৰাইজে তিনিদিনীয়াকৈ পালন কৰিব তেওঁলোকৰ মৰমৰ নেতাজনৰ জন্মদিন৷ ইতিমধ্যে ৰঙীন লাইট, বেনাৰ-পোষ্টাৰেৰে সঁজাই তোলা হৈছে জালুকবাৰী সমষ্টি৷ মুখ্যমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি দেওবাৰে জালুকবাৰীত চাফাই অভিযান, গছপুলি ৰোপন আদি কাৰ্যসূচী হাতত লৈছে৷ মুখ্যমন্ত্ৰীৰ অনুগামী এদল যুৱক-যুৱতীয়ে দেওবাৰে জালুকবাৰীৰ ঠায়ে ঠায়ে প্ৰিয় নেতাজনৰ চিত্ৰ অংকন কৰে৷ জন্মদিনৰ লগত সংগতি ৰাখি কাইলৈ পহিলা ফেব্ৰুৱাৰীৰ দিনা পাণ্ডুত বিশেষভাৱে সক্ষমসকলৰ মাজত হুইল চেয়াৰ বিতৰণ কৰা হ’ব৷ তদুপৰি আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সাহায্যও প্ৰদান কৰা হ’ব৷ সন্ধিয়া মুখ্যমন্ত্ৰীজনৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ৰেষ্টকেম্প কালীবাৰীত যজ্ঞৰ আয়োজন কৰা হৈছে৷ যজ্ঞত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ আদাবাৰী তিনিআলিত অটল উদ্যানত মুখ্যমন্ত্ৰীৰ জন্মদিনৰ কাৰ্যসূচী সামৰণি পৰিব৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই ৰাইজৰ লগত মত বিনিময় কৰিব৷ মামা অৰ্থাৎ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ জন্মদিনত মাজুলীৰ পৰা আহিব ৪৭জন ‘ভাগিন’৷ সোমবাৰে পুৱাই দুখন বাছেৰে গুৱাহাটী অভিমুখে ৰাওনা হৈছে ভাগিনকেইজন৷ মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে বঢ়মপুৰৰ মহা মৃত্যুঞ্জয় মন্দিৰতো চলিছে ব্যাপক প্ৰস্তুতি৷ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে মন্দিৰ চৌহদ৷ কাইলৈ মুখ্যমন্ত্ৰীজনৰ সাম্ভাব্য ভ্ৰমণক লৈ উৎসাহী হৈ পৰিছে বঢ়মপুৰবাসী৷ মাজুলীতো মুখ্যমন্ত্ৰী শৰ্মাৰ জন্মদিনক লৈ উলহ-মালহ পৰিলক্ষিত হৈছে৷