Logo
image

ল’ৰালিৰ স্কুললৈ আহি স্মৃতিমেদুৰ হিমন্তবিশ্ব

‘আমাৰ অসম,১ ফেব্ৰুৱাৰীঃ নিজৰ ৫৩সংখ্যক জন্মদিনত শৈশৱৰ কথা সুৱৰি নষ্টালজিক হৈ পৰে মঙলবাৰে ৫৪ বছৰত ভৰি দিয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণৰ পাছত মঙলবাৰে প্ৰথমবাৰ ড॰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় গুৱাহাটীৰ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত৷ ১৯৭৬ চনত তৃতীয় শ্ৰেণীত নাম লগাইছিল হিমন্ত বিশ্ব শৰ্মাই৷ ৰোল নম্বৰ আছিল তেওঁৰ ৬৷ ১৯৭৭ চনত তেওঁ চতুৰ্থ শ্ৰেণীলৈ উত্তীৰ্ণ হয় তেওঁৰ ৰোল নম্বৰ হয় ৩৷ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ পঞ্জীয়ন বহীৰ বগা পাতখিলাই বৰণ সলালেও চিয়াঁহীৰ ৰং আজিও উজ্জ্বল হৈ আছে৷ স্পষ্ট হৈ আছে সেই সময়ৰ ৰোল নং ৬১ ছাত্ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম৷ মুখ্যমন্ত্ৰী শৰ্মাৰ ৫৪সংখ্যক জন্মদিনত বৃহৎ আয়োজন কৰা হয় নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত৷ সহপাঠীসকলৰ উদ্যোগত জন্মদিনৰ ব্যাপক আয়োজন কৰা হয় প্ৰাথমিক বিদ্যালয়খনত৷ জন্মদিনৰ কাৰ্যসূচীৰ মাজতে বিদ্যালয়খনত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ বিদ্যালয়খনত উপস্থিত হৈ তেওঁ এবাৰ ভুমুকি মাৰিলে বিদ্যালয়খনৰ শ্ৰেণীকোঠাসমূহত৷ চৌদিশে ঘূৰি ঘূৰি চালে বিদ্যালয়খন৷ জন্মদিনত বিদ্যালয়খনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড॰ শৰ্মাক উপস্থিতসকলে দি যায় আদৰণি, শুভেচ্ছা, আশীৰ্বাদ৷ কৰ্তব্যৰ খাতিৰত দূৰ দূৰণিত থকা সহপাঠী-সহপাঠীনিও লৱৰি আহিল বিদ্যালয়খনলৈ৷ সকলোৰে হেঁপাহ এবাৰ সহপাঠীজনক লগ পোৱাৰ, কাষতে পোৱাৰ, লগেভাগে এখন ফটো উঠি সোঁৱৰণী হিচাপে ৰাখি থোৱাৰ৷ বিদ্যালয়খনত আয়োজন কৰা অনুষ্ঠানৰ মঞ্চত জন্মদিনৰ কেক কাটিলে মুখ্যমন্ত্ৰীজনে৷ সহপাঠীসকল কাষত পাই আবেগিক হৈ পৰে মুখ্যমন্ত্ৰী শৰ্মা৷ তেওঁ বিদ্যালয়খনত জন্মদিনৰ কাৰ্যসূচীত ভাগ লৈ কয়– মোৰ জন্ম হৈছিল যোৰহাটত৷ জীৱনৰ আদিপাঠ যোৰহাটৰ বাল্য ভৱনৰ জৰিয়তে আৰম্ভ হৈছিল৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে মই যোৰহাটৰ বাল্য ভৱনলৈ গৈছিলোঁ৷ তাত কিছু সময় কটাই বিদ্যালয়খনৰ বাবে কি কৰিব পাৰি তাৰ চিন্তা-চৰ্চা কৰিছিলোঁ৷ বাল্যভৱনৰ পাছত মোৰ ঠিকনা হয় নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়৷ গান্ধীবস্তিত মাৰ সৈতে পাঁচটা ভাই থকা আৰম্ভ কৰিছিলোঁ৷ গান্ধীবস্তিৰ সেই সময়ৰ ল’ৰা-ছোৱালীৰ একমাত্ৰ ঠিকনা আছিল নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়৷ বিদ্যালয়খনত সম্ভৱতঃ দ্বিতীয় শ্ৰেণীত নামভৰ্তি কৰিছিলোঁ৷ এই বিদ্যালয়খনৰ প্ৰতিটো কথাই মানসপটত সজীৱ হৈ আছে৷ আজিও গান্ধীবস্তিৰ ল’ৰা বুলি কৈয়ে গৌৰৱ অনুভৱ কৰোঁ৷ মোৰ বহু ঠিকনা এতিয়াও গান্ধীবস্তি বুলিয়ে লিখোঁ৷ আজিও এই ঠিকনাত মোলৈ চিঠি আহে৷ গান্ধীবস্তিৰ প্ৰতিঘৰ মানুহক চিনি পাইছিলোঁ৷ কাৰ বেৰ ভাঙি পোৱা নাই, কাৰ মধুৰীয়াম খোৱা নাই তাৰ হিচাপ-নিকাচ নাই৷ কোনোবাই বিয়াক আমাক মাতক-নামাতক– নমতা বিয়া খোৱা, মধুৰীয়াম খোৱা, পুৱা বেৰা ভঙা, ফাকুৱাত যাৰে তাৰে গালত বোকা সানি দিয়া-ৰং সানি দিয়াক লৈ কত কাজিয়া হৈছে তাৰ লেখ নাই৷ যিমান উৎপাত কৰিব পাৰি গোটেইখিনি কৰি থৈ গৈছোঁ গান্ধীবস্তিত৷ গান্ধীবস্তিৰ পূজা আৰম্ভ হোৱাৰ পৰা দেখিছোঁ৷ দেবী বিসৰ্জন দিবলৈ যাও৷ কত যে মাৰপিত কৰিছোঁ তাৰ সীমা-সংখ্যা নাই৷ আমি এই বিদ্যালয়ত পঢ়ি থকা সময়ত বৃত্তি পোৱাটোৱে ডাঙৰ কথা৷ যোগেশ্বৰ দাস ছাৰে হাতত কিমান মাৰিছে তাৰ হিচাপ নাই৷ হাতখন পাতি দিব লাগে আৰু ইয়াত কোব পৰিব সেইটোৱে জানো৷ মাৰ খাই ভালো লাগিছিল৷ বৃত্তি পাম বুলি ভবা নাছিলোঁ৷ সেই সময়ত বৃত্তি দিয়াটো উৎসৱৰ দৰে আছিল৷ বৃত্তি দিয়াৰ উদ্দেশ্য আছিল বৃত্তি দিবলৈ যোৱাৰ সময়ত মামাহঁতে ইচ্ছামতে খুৱায়৷ বৃত্তি দিয়াৰ পাছত কামৰূপ একাডেমীত নামভৰ্টি কৰিছোঁ৷ এদিন মোৰ ভাইটিক খবৰ দিলে যে যোগেশ্বৰ দাস ছাৰে মোক মাতিছে৷ স্কুললৈ গৈ ছাৰক লগ কৰাত ছাৰে ক’লে– তই বৃত্তি পাইছ৷ জীৱনত কিবা অলপ পোৱাৰ আৰম্ভণি হৈছে গান্ধীবস্তিৰ পৰাই৷ ইয়াত থাকিয়ে কিমান কি যে কৰিছোঁ/ পাহাৰলৈ উঠি গৈ বান্দৰ কেঁকোৰা আনি কিমানৰ গাত সানিলোঁ তাৰ সীমা-সংখ্যা নাই৷ গান্ধীবস্তি মোৰ এৰিয়া আছিল৷ এনে বহু কাম কৰিছোঁ, যিবোৰ ৰাজহুৱাভাৱে প্ৰকাশ কৰিব নোৱাৰি৷ উল্লেখ্য, মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৫৩ বছৰ সম্পূৰ্ণ কৰি ৫৪ বছৰত ভৰি দিয়ে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ জন্মদিন ৰাজ্যজুৰি উলহ মালহেৰে পালন কৰা হয়৷ মুখ্যমন্ত্ৰীৰ জন্মদিনকলৈ দলদোপ হেন্দোলদোপ হৈ পৰে সমগ্ৰ ৰাজ্য৷ জন্মদিনৰ পূৰ্বে অৰ্থাৎ সোমবাৰে নিশা বাসভৱনত তেওঁৰ সমৰ্থক সতীৰ্থই ভিৰ কৰে৷ নিশাই পৰিয়ালৰ সদস্য তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অসংখ্য গুণমুগ্ধই জন্মদিন পালন কৰে৷ বিশাল আকাৰৰ কেক কাটি হেপি বাৰ্থ ডে শ্লোগান দি জন্মদিন পালন কৰে৷ মুখ্যমন্ত্ৰীৰ জন্মদিনত দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষামন্ত্ৰী তথা আন আন কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে৷ ৫৪ সংখ্যক জন্মদিনৰ পুৱা জ্ঝ.৩০ বজাত মুখ্যমন্ত্ৰী শৰ্মা উত্তৰ গুৱাহাটীৰ বিহলঙনীৰ পৰম শিৱম মন্দিৰত উপস্থিত হৈ মহা প্ৰভুৰ আৰ্শীবাদ লয়৷ পৰম শিৱম মন্দিৰত ধূপ দীপ নৈবদ্যৰে প্ৰাৰ্থনা জনাই তেওঁ পোন পোনে উপস্থিত হয় ঐতিহাসিক দৌল গৌবিন্দ মন্দিৰত৷ দৌল গোবিন্দ মন্দিৰৰ আশিষ লৈ মন্দিৰৰ সমীপত ৫০ লাখ টকা ব্যয় সাপেক্ষে মন্দিৰত এখন বহুমুখী প্ৰকল্পৰ শিলান্যাস কৰে৷ ইয়াৰ পাছত তেওঁ উত্তৰ গুৱাহাটী শিশু গ্ৰামৰ শিশুসকলৰ সৈতে জন্মদিন পালন কৰে৷ জন্মদিনৰ দিনা মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটীক লৈ ৬টা বিশেষ ঘোষণা কৰে৷ ছয়লেনযুক্ত ৰাজপথ, ফুট ব্ৰীজ আৰু উৰণীয়া সেঁতুক লৈ তেওঁ এই ঘোষণা কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে দিনৰ ১১.৩০ বজাত জুৰোড তিনি আলিৰ ফ্লাই অ’ভাৰৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পাছত দিনৰ ১২.২০ বজাত তেওঁ গান্ধীবস্তিস্থিত নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়৷ মুখ্যমন্ত্ৰী শৰ্মাই অধ্যয়ন কৰা প্ৰাথমিক বিদ্যালয়খনত তেওঁৰ সহপাঠীসকলৰ সৈতে কেক কাটি জন্মদিন উদ্‌যাপন কৰে৷ নিজৰ ৫৩সংখ্যক জন্মদিনত মুখ্য মন্ত্ৰীৰ সম্ভাৱনাৰ স্ব›Ÿ পৰিস্ফুট হয়৷ এই বিশেষ দিনটোত তেওঁ বছৰ বছৰ ধৰি অসম সচিবলায়ৰ টেবুলত পৰি থকা ফাইল নিষ্পত্তিৰ প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘প্ৰজেক্ট সদ্ভাৱনা’ শীৰ্ষক উক্ত প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ জন্মদিনত নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ চৌহদত গছপুলি ৰোপণ কৰাৰ লগতে ভক্তৰ মাজত ভোগ বিতৰণ কৰা হয়৷ মুখ্যমন্ত্ৰী শৰ্মাৰ ওপজা দিন উপলক্ষে ধুবুৰী জিলা জনতা যুৱ মৰ্চাৰ উদ্যোগত ধুবুৰীৰ ঐতিহ্যমণ্ডিত হৰিসভা শিৱ মন্দিৰত বিশেষ পূজা অৰ্চনা কৰা হয়৷ নলবাৰীৰ পানীগাঁও শনিৰোড চ’কত জন্মদিন উদযাপন কৰা হয়৷ নলবাৰী জিলা যুৱ মৰ্চা, কৃষক মৰ্চাৰ কৰ্মী-সমৰ্থকে অনুষ্ঠানত ভাগ লয়৷ বৰাকৰ উদাৰবন্দৰ মা কাঁচাকান্তি মন্দিৰত বিজেপি যুৱ মৰ্চাই পূজা আগবঢ়াই জন্মদিন পালন কৰে৷ হোজাইৰ লংকেশ্বৰী মন্দিৰত মৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত কৰাৰ উপৰি বস্ত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপিৰ কৰ্মী সমৰ্থকে৷ মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে কমলপুৰৰ পুঠিমাৰী মহাবিদ্যালয়ৰ ৬০গৰাকী ছাত্ৰীক জলপানি বিতৰণ কৰা হয়৷ চেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ উদ্যোগত গুৱাহাটীত উদ্‌যাপন কৰা হয় মুখ্যমন্ত্ৰীৰ জন্মদিন৷ হাটশিঙিমাৰী প্ৰেছ ক্লাবত কেক কাটি মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰা হয়৷ মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে বৰক্ষেত্ৰীৰ মুকালমুৱা আৰু আদাবাৰী চিকিৎসালয়ত চিকিৎসাধীন ৰোগীৰ মাজত ফলমূল বিতৰণ কৰা হয়৷ মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে দুমুনিচকীত কামৰূপা বহুমুখী পাম পৰিয়ালে সমাজলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক সম্বৰ্ধনা জনায়৷ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত চাংসাৰিত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰা হয়৷ মুখ্যমন্ত্ৰীৰ সাহায্যৰে সুস্থ হৈ উঠা আনন্দ বজাৰৰ এটি কণমানিৰ পৰিয়ালে ওচৰ চুবুৰীয়াক মিঠাই খুৱাই মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰে৷ [‘আমাৰ অসম’ৰ ধুবুৰী, আনন্দ বজাৰ, বাইহাটা চাৰিআলি, দুমুনিচকী, বৰক্ষেত্ৰী, হাটশিঙিমাৰী, কমলপুৰ, লংকাৰ প্ৰতিবেদক, শিলচৰ আৰু নলবাৰীৰ প্ৰতিনিধিৰ সহযোগত]

জন্মদিনত দৌলগোবিন্দ আৰু পৰম শিৱম মন্দিৰত মুখ্যমন্ত্ৰী

‘আমাৰ অসমঃ  মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক ওপজা দিন আজি উলহ-মালহেৰে ৰাজ্যজুৰি উদ্‌যাপিত হয়৷ মুখ্যমন্ত্ৰীৰ গৃহসমষ্টি জালুকবাৰীৰ প্ৰান্তে প্ৰান্তে দিনযোৰা কাৰ্যসূচীৰে ওপজা দিন উদ্‌যাপন কৰিলে দলীয় কৰ্মকৰ্তাই৷ আজি মুখ্যমন্ত্ৰীয়ে পুৱাই উত্তৰ গুৱাহাটী বিহলঙনীৰ ‘পৰম শিৱম মন্দিৰ’’ত উপস্থিত হৈ বৈদিক সাজেৰে মন্দিৰৰ কেশৱ মহাৰাজজীৰ ওচৰত আঁঠু লৈ পৰম শিৱম মহাপ্ৰভুৰ আশীৰ্বাদ গ্ৰহণ কৰে৷ ধূপ-দীপ নৈবেদ্যৰে ভগৱন্তক প্ৰাৰ্থনা জনাই পোনে পোনে উপস্থিত হয় ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত৷ মুখ্যমন্ত্ৰীৰ আগমনৰ বাতৰি পাই কেইবাশ দলীয় কৰ্মী-অনুৰাগীয়ে ভিৰ কৰেহি মন্দিৰৰ প্ৰৱেশ-দ্বাৰত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৌল গোবিন্দ মহাপ্ৰভুৰ ওচৰত বন্তি জ্বলাই প্ৰভুৰপৰা আশীৰ্বাদ বিচাৰিলে৷  ইয়াৰ পাছত দৌল গোবিন্দ মন্দিৰৰ সমীপতে ৫০লাখ ব্যয়সাপেক্ষ মন্দিৰৰ এখন বহুমুখী প্ৰকল্পৰ শিলান্যাস কৰে৷ মুখ্যমন্ত্ৰীক দলীয় কৰ্মী-অনুৰাগীয়ে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে অজস্ৰজনে ওপজা দিনৰ আন্তৰিক অভিনন্দন জনায়৷ পাছত দৌল গোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰাতুল বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মন্দিৰৰ প্ৰধান সম্পাদক [বিত্ত] অমৰেন্দ্ৰ বৰুৱা, প্ৰধান সম্পাদক[প্ৰশাসন] দীপক বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য গণেশ দাসে মুখ্যমন্ত্ৰীক বিপুলভাৱে সম্বৰ্ধনা জনায়৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে জালুকবাৰী সমষ্টিবাসীয়ে দি অহা আন্তৰিক মৰমৰ বাবে ধন্যবাদ জনাই দোল গোবিন্দ মন্দিৰৰ প্ৰকল্গৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা ধনৰ কথা দোহাৰে৷ তেওঁ কয় যে দৌল গোবিন্দ মন্দিৰৰ বাবে পূৰ্বেও সহযোগ আগবঢ়াই আহিছে আৰু প্ৰয়োজনত সকলো সাহায্য আগবঢ়াই যাব৷ মহাপ্ৰভুৰ আশীৰ্বাদৰ বাবে তেওঁ ক’তো থমকি ৰ’ব লগা হোৱা নাই৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীলৈ বুলি ৰাওনা হয়৷  ইফালে উত্তৰ গুৱাহাটী শিশুগ্ৰামৰ কণ কণ শিশুৰ লগত ভাৰতীয় জনতা পাৰ্টী ভাতৃ সংগঠনসমূহে উদ্‌যাপন কৰে ওপজা দিন৷ ভাৰতীয় জনতা পাৰ্টী বেজেৰা মণ্ডল, উত্তৰ গুৱাহাটী ভাৰতীয় জনতা পাৰ্টী নগৰ সমন্নয়ৰক্ষী সমিতি, জালুকবাৰী কিষাণ মৰ্চাৰ উপৰিও কেইবাটাও সংগঠনে শিশুসকলৰ লগত উদ্‌যাপন কৰে মুখ্যমন্ত্ৰীৰ ওপজা দিন৷ ভাৰতীয় জনতা পাৰ্টী নগৰ সমন্নয়ৰক্ষী সমিতিৰ সভাপতি ধৈৰ্য্য বৰুৱাই কেক কাটি শিশুসকলৰ সৈতে মৰমৰ মামাৰ ওপজা দিন পালন কৰে৷ অনুষ্ঠানত সম্পাদক গংগাধৰ দাসে শিশুসকলৰ মাজত ফলমূল বিতৰণ কৰে৷ ইফালে, বেজেৰা মণ্ডল বিজেপিৰ সভাপতি দিলীপ ডেকাই আন এক অনুষ্ঠানযোগে শিশুসকলৰ লগত কেক কাটি মুখ্যমন্ত্ৰীৰ ওপজা দিন পালন কৰি ফলমূল খাদ্য-সামগ্ৰী বিতৰণ কৰে৷ বেজেৰা মণ্ডল বিজেপি যুৱ মৰ্চাই ৰূদ্ৰেশ্বৰ ৰাস উৎসৱ বাকৰিত শিশুসকলৰ মাজত ভিন্নধৰণৰ প্ৰতিযোগিতা পাতি ফলমূল বিতৰণ কৰে৷ জালুকবাৰী বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গৌৰীপুৰত নাম প্ৰসংগৰে মুখ্যমন্ত্ৰীজনাৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিলে৷ মৰ্চাৰ সভানেত্ৰী মুন দাসে মুখ্যমন্ত্ৰীজনা সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু এনে এজন জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ ওপজা দিন উদ্‌যাপন কৰি উৎফুল্ল হোৱা বুলি কয়৷