উচ্ছেদত বাধা উন্মাদ শ্বেৰমানৰ
বৰপেটা সত্ৰৰ বেদখলকৃত ভূমিত উচ্ছেদৰ প্ৰতিশোধৰ হুংকাৰ
আমাৰ অসম,৩ ফেব্ৰুৱাৰীঃ বিজেপি চৰকাৰ গ’লেই হয়তো তালিবানতকৈয়ো কঠোৰ হ’ব বিধায়ক শ্বেৰমান আলী আহমেদ৷ বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ পক্ষত থকা লোকসকললৈ বিধায়ক শ্বেৰমান আলী আহমেদৰ তালিবাণী ভাষাৰে চৰম সকীয়নি– বিজেপি চৰকাৰ গ’লেই সত্ৰৰ ভূমি উচ্ছেদৰ সৈতে জড়িতসকলৰ ওপৰত লোৱা হ’ব কঠোৰতকৈয়ো কঠোৰতম প্ৰতিশোধ৷ উল্লেখ্য যে, বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই অলপতে ৰাজ্য চৰকাৰলৈ জনাইছিল আবেদন৷ এই আবেদনৰ পাছতেই বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশক্ৰমে জিলা প্ৰশাসন তৎপৰ হৈ পৰাৰ সময়তেই বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰদান কৰা কঠোৰ সকীয়নিক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ উন্মাদপ্ৰায় হৈ পৰা বিধায়কজনৰ সকীয়নি– সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ চলিলেই অনাগত দিনত লোৱা হ’ব কঠোৰতকৈয়ো কঠোৰতম প্ৰতিশোধ৷ ইতিমধ্যে বিধায়ক শ্বেৰমান আলী আহমেদৰ এটা উচতনিমূলক ভাষণৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতেই বৰপেটাৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ উল্লেখ্য যে, বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ ৰ নং বৰদলনি গাঁৱত ৪১৩ নং দাগত থকা বৰপেটা সত্ৰৰ ৪০ বিঘা ভূমিত চলা অবৈধ বেদখল উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বাঘবৰ ৰাজহ চক্ৰ বিষয়াই৷ ইতিমধ্যে ৩১ জানুৱাৰীত সত্ৰৰ ভূমি জোখ-মাপ কৰি মাটিৰ চাৰিওদিশে খুটা পুতি থৈ আহিছিল ৰাজহ চক্ৰ বিষয়াই৷ আনকি বেদখলকাৰীসকলক সত্ৰৰ ভূমিৰ পৰা আঁতৰি যোৱাৰো জাননী জাৰি কৰিছিল৷ পিছে মঙলবাৰৰ নিশা বিধায়ক শ্বেৰমান আলী আহমেদ উক্ত বেদখলী ভূমিত উপস্থিত হৈ প্ৰশাসনে পুতি থৈ অহা খুঁটি নিজ হাতে উভালি পেলাই বিধায়ক শ্বেৰমান আলী আহমেদে উক্ত লোকসকলক সত্ৰৰ বেদখলী ভূমিত নিশ্চিন্তে থাকিবলৈ আহ৩ান জনায়৷ ইয়াতেই ক্ষান্ত নাথাকি বিধায়কজনে সত্ৰৰ ভূমি উচ্ছেদৰ পক্ষত থকা লোকসকললৈ প্ৰদান কৰে চৰম সকীয়নি৷ তালিবানতকৈয়ো কঠোৰ ভাষাৰে ৰাজ্যৰ এজন জনপ্ৰতিনিধি বিধায়ক শ্বেৰমান আলী আহমেদে বিজেপি চৰকাৰ যোৱাৰ পাছতেই কঠোৰতকৈয়ো কঠোৰতম প্ৰতিশোধ ল’ম বুলি ভাবুকি প্ৰদান কৰে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈয়ে বিধায়ক শ্বেৰমান আলী আহমেদে ভাষণৰ আৰম্ভণিতে ক’লে- ‘নিজৰ ইচ্ছামতে বাঘবৰ সমষ্টিত নহ’ব৷ আপোনালোকে নিঃশ্চিন্ত থাকক৷ যেতিয়ালৈকে মই জীয়াই আছোঁ, ইনছাআল্লা, আপোনালোক শান্তিত টোপনি মাৰক৷ ‘........ আপোনালোকে মোক ভোট দিছেতো৷ মই আগতে মৰিম, তাৰ পাছত আপোনালোকৰ কিবা ক্ষতি হ’ব৷ ইপিনে বিধায়ক শ্বেৰমান আলী আহমেদৰ এনে কাৰ্যত আ(ৰ্য প্ৰকাশ কৰিছে বাঘবৰ ৰাজহ চক্ৰ বিষয়া সোণবৰ চুতীয়াই৷ তেওঁ বিধায়কজনক প্ৰশাসনক সহযোগ কৰাৰ বাবে আহ৩ান জনায়৷ ইপিনে ৰনং বৰদলনি গাঁৱত থকা বৰপেটা সত্ৰৰ ভূমিৰ লগতে মন্দিয়াত থকা মহাপুৰুষীয়া সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও উচ্ছেদ চলিব বুলি সদৰি কৰে ৰাজহ চক্ৰ বিষয়া সোণবৰৰ চুতীয়াই৷ শেহতীয়াভাৱে বিধায়কজনে সত্ৰৰ ভূমিৰ সীমাৰ খুটা উভালি পেলোৱাৰ পাছতেই আজি বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকল বাঘবৰত উপস্থিত হৈ বিধায়কজনৰ কাৰ্য আৰু মন্তব্যৰ নিন্দা কৰে৷ এয়া বৰপেটা সত্ৰবাসীক প্ৰদান কৰা ভাবুকি বুলিও মন্তব্য কৰে সত্ৰ পৰিচালনা সমিতিয়ে৷