Logo
image

মাঘৰ আদি পুহৰ শেহ, তেহে চাবা জাৰৰ ঠেহ

আমাৰ অসম,৩ ফেব্ৰুৱাৰীঃ এদিনীয়া ক্ৰিকেটৰ শ্লগ অভাৰত প্ৰচণ্ড মাৰমুখী বেটিং কৰাৰ দৰে যেন বতৰে শীতৰ প্ৰকোপ দেখুৱাইছে এইবাৰ অসমত৷ ক্ৰিজত টেইল এণ্ডাৰ থাকিলেও এদিনীয়া মেচত শ্লগ অভাৰ বা শেষৰ ৫-১০ অভাৰ প্ৰচণ্ডভাৱে কোবাই ৰান কৰাটো অলিখিত কিন্তু প্ৰচলিত নিয়ম৷ পিছে আসন্ন বিদায়ৰ মুহূৰ্তত এইবাৰ অসমক শীতে যিদৰে কোবাইছে, সেয়া যেন ঠিক ক্ৰিকেটৰ শ্লগ অভাৰহে৷ কিয়নো সাধাৰণতে মাঘৰ শেষৰপিনে শীতে বিদায় লয় আৰু লাহে লাহে বতৰ উষ্ণ হৈ উঠে৷ অসমৰ বতৰ প্ৰায় তেনেকুৱাই৷ সেয়ে এসময়ত গাঁৱৰ বুঢ়া মেঠাই অসমৰ শীতৰ পৰিৱেশ বুজাবলৈ কৈছিল– মাঘৰ আদি পুহৰ শেহ, তেহে চাবা জাৰুৰ ঠেঁহ৷ মানে, পুহমাহৰ শেষৰপিনে আৰু মাঘমাহৰ আৰম্ভণিত অসমক প্ৰৱল শীতে হেঁচা মাৰি ধৰে৷ কিন্তু আজি মাঘৰ ১৯ তাৰিখ আৰু আজিৰ দিনটোত [প্ৰকৃততে পূৰ্বৰ ২৪ ঘণ্টাত] গুৱাহাটীৰ তাপমাত্ৰা ১১.২ ডিগ্ৰী চেলচিয়াছলৈ অৱনমিত হৈছে৷ এয়া স্বাভাৱিক তাপমাত্ৰাৰ তুলনাত ০.৪ ডিগ্ৰী চেলচিয়াছ কম৷ যোৱা ২৪ ঘণ্টাত স্বাভাৱিকতকৈ ৰ.২ ডিগ্ৰী কমি ডিব্ৰুগড়ৰ সৰ্বনিম্ন তাপমাত্ৰা ১০ ডিগ্ৰী চেলচিয়াছ,০.৬ ডিগ্ৰী কমি তেজপুৰৰ তাপমাত্ৰা ১২.ৰ ডিগ্ৰী, ০.৯ ডিগ্ৰী কমি শিলচৰৰ তাপমাত্ৰা ১২.৮ ডিগ্ৰী, ০.৫ ডিগ্ৰী কমি ধুবুৰীৰ তাপমাত্ৰা ১৩ ডিগ্ৰী, যোৰহাটৰ ১১.২ ডিগ্ৰী আৰু ১.৮ ডিগ্ৰী কমি উত্তৰ লখিমপুৰৰ তাপমাত্ৰা ৯.৩ ডিগ্ৰী চেলচিয়াছলৈ নামিছে৷ শীত যেন নাযাবই৷ মাঘৰ আদি, পুহৰ শেহ... এতিয়া যেন তাহানি কৈ যোৱা প্ৰৱচনত পৰিণত হ’ল৷

ঋতুচক্ৰৰ প্ৰক্ৰিয়া অনুসৰি শীতৰ বিদায় আসন্ন৷ তাত কাৰো সন্দেহ নাই৷ কিন্তু অসমৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়া সুমিত দাসে জনালে, প্ৰচণ্ড শীতে বিদায় ল’বলৈ কেইদিনমান সময় বাকী আছে৷ তেওঁৰ মতে, ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহটোত শীতৰ হেঁচা তেনেই অস্বাভাৱিক নহয়৷ অৱশ্যে এইকেইটা দিনত যে তাপমাত্ৰা স্বাভাৱিকতকৈ কম হৈছে সেয়া তেওঁ স্বীকাৰ কৰিলে৷ পৰিৱৰ্তিত জলবায়ুৰ স্থিতিত এতিয়া অস্বাভাৱিকতাই যেন স্বাভাৱিক বতৰৰ ৰূপ৷ এসময়ত অক্টোবৰৰ পৰাই শীত লাহে লাহে নামি আহিছিল আৰু জানুৱাৰীৰ মাজভাগৰ পৰা তেনে গতিতে শীতে বিদায়ো লৈছিল৷ অসমৰ বাসিন্দাক শীতে শেষবাৰৰ বাবে হেঁচা মাৰি ধৰিছিল মাঘৰ বিহুত, অৰ্থাৎ ১৪-১৫ জানুৱাৰীত৷ পুহ মাহৰ পৰা ঠেৰেঙা লগা জাৰত কঁপি কঁপি মাঘৰ আদিতে অসমৰ বাসিন্দাই শীতক বিদায় দি গাৰ পৰা এড়ী চাদৰ আঁতৰাইছিল৷ কিন্তু মাঘৰ ১৯ তাৰিখতো এইবাৰ যেন শীত নাযাবই৷

ৰাজ্যজুৰি শীতৰ এই প্ৰৱল প্ৰকোপৰ কাৰণ কি? হাঁড়কঁপোৱা জাৰে কিয় আজিও, ফেব্ৰুৱাৰীৰ আৰম্ভণিতো অসমবাসীক ইমূৰৰ পৰা সিমূৰলৈ কঁপাই আছে৷ এয়া ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেন্স বা পশ্চিমীয়া অশান্ততন্ত্ৰৰ প্ৰভাৱ৷ এতিয়া উত্তৰ আৰু পশ্চিম ভাৰতত প্ৰৱল শীত পৰিছে৷ তাৰ পৰা গংগা উপত্যকা হৈ প্ৰৱল শীতৰ লহৰ অসমলৈ বাধাহীনভাৱে বৈ আহিছে৷ কিয়নো মাজত শীতৰ এই গতিক বাধা দিব পৰাকৈ কোনো উল্লেখযোগ্য প্ৰতিবন্ধক নাই৷ নিৰৱচ্ছিন্নভাৱে পশ্চিমৰ পৰা তেনেই সমতলেৰে বৈ অহা শীতল বতাহে বাধাহীনভাৱে অসমত প্ৰৱেশ কৰাত ৰাজ্যত হাঁড়ভঙা ঠাণ্ডা অনুভূত হৈছে৷ সম্প্ৰতি কাশ্মীৰ, হিমাচল প্ৰদেশত প্ৰৱল তুষাৰপাত হৈছে৷ তাৰ প্ৰভাৱ নামি আহিছে সমতললৈ আৰু সমতল পোৱাৰ পাছত সেই শীতপ্ৰবাহেই পশ্চিমীয়া বতাহৰ ৰূপ লৈ অসমত প্ৰৱেশ কৰিছে৷ সেই বতাহে লগত কঢ়িয়াই আনিছে বংগোপসাগৰৰ জলবিন্দু থকা শীতল বাষ্প৷ তাৰ ফলতে অসমত এতিয়া মাঘৰ অৰ্ধেক দিন পাৰ হোৱাৰ পাছতো পাৰাস্তম্ভৰ মাত্ৰা দিনে দিনে তললৈ নামিছে৷ পুৰণি, তেনেই পুৰণি হৈ পৰিছে সেই মাঘৰ আদি, পুহৰ শেহ...৷ এইবাৰ ঠাণ্ডা যেন নাযাবই৷