Logo
image

ৰাজ্যত মাদ্ৰাছা শিক্ষাৰ ইতি

বেয়া পালেও উপায় নাইঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ৬ ফেব্ৰুৱাৰীঃ মাদ্ৰাছা বন্ধকলৈ উচ্ছ ন্যায়ালয়ে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই উচ্ছতম ন্যায়ালয়লৈ যাব ইমদাদ উদ্দিন বৰভূঞা সমন্বিতে ১৩ জন লোক৷ ২০২০ চনত অসম চৰকাৰে ধৰ্মীয় শিক্ষা প্ৰদান কৰা মাদ্ৰাছা বন্ধ কৰি সাধাৰণ শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তন কৰাৰ লগতে নতুন আইন গৃহীত কৰিছিল৷ পূৰ্বে মাদ্ৰাছাৰ লগতে সংস্কৃত টোলসমূহ বন্ধ কৰা হ’ব বুলি বিভাগীয় মন্ত্ৰীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত গৃহীত কৰা আইনত মাদ্ৰাছা বন্ধৰ বিষয়টোহে অন্তুৰ্ভুক্ত কৰা হয়৷ অসম চৰকাৰৰ এই আইনক প্ৰত্যাহ৩ান জনাই মাদ্ৰাছা শিক্ষা বন্ধৰ বিৰোধিতাৰ ১৪ জনকৈ ব্যক্তিয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল৷ উক্ত লেখ আবেদনৰ ভিত্তিত ৰুজু হোৱা ডব্লিউ পি [চি] ৩০৩৮/২০২১ নম্বৰৰ গোচৰটোৰ দীঘলীয়া শুনানী গ্ৰহণ কৰি শুকুৰবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ দুজনীয়া খণ্ড বিচাৰপীঠে গোচৰীয়া পক্ষৰ আবেদন খাৰিজ কৰাৰ লগতে চৰকাৰৰ সিদ্ধান্ত ঠিকে থকা বুলি ৰায় দিয়ে৷ উচ্ছ ন্যায়ালয়ৰ ৰায়টোত কোৱা হয় যে যিহেতু মাদ্ৰাছাসমূহ প্ৰাদেশীকৃত হৈ গৈছে গতিকে এইবোৰ চৰকাৰৰ সম্পত্তি হৈ গৈছে৷ প্ৰাদেশীকৰণ হৈ যোৱা অনুষ্ঠানৰ ক্ষেত্ৰত  সংখ্যালঘুৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰি৷ সংবিধানত এই বুলি কোৱা হৈছে যে কোনো বিশেষ ধৰ্মৰ পাঠদান শিক্ষানুষ্ঠানত চৰকাৰৰ খৰচত কৰিব নোৱাৰিব৷ গতিকে মাদ্ৰাছা বন্ধকলৈ চৰকাৰৰ সিদ্ধান্তত উচ্ছ ন্যায়ালয়ে হস্তক্ষেপ কৰিব নোৱাৰে৷ উচ্ছ ন্যায়ালয়ৰ এই ৰায়ক লৈ সন্তুষ্ট নহয় আবেদনকাৰীকেইজন৷ এই ৰায়ক প্ৰত্যাহ৩ান জনাই শীঘ্ৰেই আবেদনকাৰীকেইজন উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব৷ আবেদনকাৰী কেইজনৰ নিযুক্তি দৰ্শোৱা অধিবক্তা এ আৰ ভূঞাই সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে এই কথা৷ ইফালে মাদ্ৰাছা বন্ধ সন্দৰ্ভত উচ্ছ ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ইতিমধ্যে মাদ্ৰাছাসমূহ বন্ধ হৈ গৈছে৷ চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে একাংশ লোকে উচ্ছ ন্যায়ালয়লৈ গৈছিল৷ উচ্ছ ন্যায়ালয়ে শুকুৰবাৰে উক্ত বিষয় সন্দৰ্ভত চৰকাৰৰ পক্ষত ৰায় দিছে৷ উচ্ছ ন্যায়ালয়ৰ ৰায়ত আমি স্বাভাৱিকভাৱে সুখী৷ এতিয়াৰ পৰা মাদ্ৰাছাসমূহ সাধাৰণ স্কুলৰ দৰে হ’ব৷ ইয়াকে লৈ কোনোবাই বেয়া পালেও উপায় নাই৷ উচ্ছ ন্যায়ালয়ৰ ৰায় ঐতিহাসিক৷ মাদ্ৰাছা সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ হোৱাটো দৰকাৰ৷ কিছুমানে হয়তো এই কথা বেয়া পাইছে, কিন্তু উপায় নাই৷