Logo
image

কঙালী-ভোগালীৰ পাছত এইবাৰ ‘হিতাধিকাৰী’ বিহু

আমাৰ অসম,৮ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কিছুদিনৰ পৰা চান্দা সংস্কৃতি বন্ধ কৰাৰ সপক্ষে বক্তব্য দাঙি ধৰি আহিছে৷ মুখ্যমন্ত্ৰীয়ে আজি অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহুক চান্দা সংস্কৃতিৰ পৰা মুক্ত কৰাৰ কথা ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰীয়ে বিহু সমিতিসমূহলৈ বিহুৰ অনুষ্ঠান পতাৰ বাবে ডেৰ লাখ টকাকৈ চৰকাৰী সাহায্যও ঘোষণা কৰিছে৷ ইয়াৰ বাবে বান্ধি দিছে দুটা চৰ্ত– প্ৰথম চৰ্ত   অনুসৰি বিহু পহিলা ব’হাগৰ পৰা সাত ব’হাগৰ ভিতৰত হ’ব লাগিব৷ বিহুৰ অনুষ্ঠানভাগি একেৰাহে দহ বছৰ ধৰি অনুষ্ঠিত হোৱা হ’ব লাগিব৷ বিহু পতাৰ বাবে ব্যৱসায়ীৰ পৰা চান্দা নুতুলিবলৈ ৰাজ্যবাসীক আহ৩ান জনাই মুখ্যমন্ত্ৰীৰ যুক্তি– ক’ভিডৰ সময়ত ব্যৱসায়ীসকল যথেষ্ট কষ্টত আছে, চান্দা তুলি তেওঁলোকক আৰু কষ্ট নিদিব৷ ক’ভিডৰ তিনিটা ঢৌৰ সৈতে মোকাবিলা কৰি ব্যৱসায় কৰাটো তেওঁলোকৰ বাবে টান হৈ পৰিছে৷ বহুকেইজন ব্যৱসায়ীয়ে আত্মহত্যা কৰিবলগীয়া হৈছে৷ তেওঁলোকক চান্দাৰ পৰা ৰেহাই দিব লাগে৷ বিহু লাগিলে দুবছৰ নহওক৷’ মুখ্যমন্ত্ৰীয়ে আজি ১০ বছৰৰ পুৰণি আৰু ব’হাগৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ বিহু অনুষ্ঠিত কৰা বিহু সমিতিলৈ ডেৰ লাখ টকাৰ সাহায্য ঘোষণা কৰাৰ পাছতে চৰ্চা হৈছে ৰঙালি বিহুটো এইবাৰৰ পৰা চৰকাৰী ‘হিতাধিকাৰী’ বিহুত পৰিণত হ’ব নেকি৷ ইতিমধ্যে ৰাজ্যৰ বহু লোকে কাহীৰ ভাতসাজৰ চাউল চৰকাৰী ৰেচন হিচাপে লাভ কৰে৷ বেংকৰ ঋণো চৰকাৰে মকুব কৰিছে৷ অৰুন্ধতী, দিবাংগ পেঞ্চন, ৰঙা স্কুটীকে ধৰি ৰাজ্যত চৰকাৰে সৃষ্টি কৰিছে লাখ লাখ হিতাধিকাৰী৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুৰ্গা পূজা অনুষ্ঠিত কৰিবৰ বাবে প্ৰতিখন পূজা কমিটীলৈ ৫০ হাজাৰ সাহায্য দিয়াৰ আৰ্হিতে আমাৰো মুখ্যমন্ত্ৰীয়ে বিহু পতাৰ বাবে ডেৰ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে নেকি প্ৰশ্ন উঠিছে৷ ইপিনে, বহু বিহু সমিতিয়ে ব’হাগ বিহুৰ প্ৰথম সাত দিন পৰম্পৰাগত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি পাছৰফালে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে৷ আনকি ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহুও অনুষ্ঠিত হয় ২৬, ২৭ আৰু ২৮ ব’হাগত৷ এনে ক্ষেত্ৰত চৰকাৰৰ ঘোষণাই বিহুক চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু চৰকাৰী সাহায্য ৰহিত দুটা শ্ৰেণীও ভাগ কৰিব নেকি– এই চৰ্চাও আৰম্ভ হৈছে৷ এই সন্দৰ্ভত বিহু সুৰক্ষা সমিতি অসমৰ মিঠাৰাম চেতিয়াৰ বক্তব্য এনেধৰণৰ– চৰকাৰে পুলিচ মিলিটেৰী লগায়ো আমাক চান্দা তোলাৰ পৰা বাধা দিব নোৱাৰে৷ ৰাইজে স্বইচ্ছাৰেই ৫০ টকাৰ পৰা হাজাৰ টকালৈ চান্দা দিয়ে৷ এইবাৰো চান্দা তুলিয়েই আমি ফাটবিহু পাতিম৷ আমাৰ বিহুত নেপালী, চাহ জনগোষ্ঠী, বিহাৰী, মাৰোৱাৰী সকলোৱে ভাগ লয়৷ সকলোকে একেলগে ঢোল বায়, বিহু নাচে৷ এই সংস্কৃতিক নষ্ট কৰিবলৈ দিয়া নহ’ব৷ চৰকাৰী যি সাহায্য দিব ইয়াত মাৰোৱাৰী, বিহাৰীয়ে দিয়া কৰৰ পইচা নাই নেকি৷’ আনহাতে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে কয়– ‘চৰকাৰে ১০ বছৰীয়া পুৰণি বিহু সমিতিসমূহক ডেৰ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত আদৰণীয়৷ কিন্তু মাত্ৰ ডেৰ লাখ টকাৰে বিহু পাতিব পাৰি জানো? এইখিনি টকাৰে টেণ্টৰ খৰচে নোলায়৷ যদি চৰকাৰে দিয়ে প্ৰাণখুলি দিয়ক৷ সকলো বিহু সমিতিকে দিয়ক৷ উজনি অসমত সাত বিহুৰ পাছত বিহুৰ আয়োজন কৰা হয়৷ উজনি অসমতো বহু পুৰণি বিহু সমিতি আছে তেওঁলোকে এইবাৰ বিহু নপতাকৈয়ে থাকিব নেকি? ৰঙালী বিহুত ৮১ পৰা ২০-২৫ লাখ টকা পৰ্যন্ত খৰচ হয়৷ গতিকে চৰকাৰে এবাৰ ভালদৰে বিবেচনা কৰি চাওক৷’ এই সন্দৰ্ভত উলুবাৰী ৰঙালী বিহু সন্মিলনৰ সাধাৰণ সম্পাদক অৰূপজ্যোতি চৌধুৰীয়ে কয়– ‘চৰকাৰে ১০ বছৰীয়া পুৰণি বিহু সমিতিক ডেৰ লাখ টকাৰ অৰ্থ সাহাৰ্য দিয়াৰ সিদ্ধান্তক আদৰণি জনাইছোঁ৷ অৱশ্যে ডেৰ লাখ টকাৰে ৰঙালী বিহু আয়োজন কৰা সম্ভৱ নহয়৷ আমি চাৰিদিনীয়া কাৰ্যসূচীৰে প্ৰতিবছৰে ৰঙালী বিহুৰ আয়োজন কৰোঁ, চৰকাৰে আগবঢ়াব বিচৰা অৰ্থ সামৰ্থৰে ৰভা, মঞ্চৰ কামতে শেষ হ’ব৷ তদুপৰি শিল্পী, কলা-কুশলীৰ কথা আছে৷ আমি কোনো ব্ৰেণ্ডেড শিল্পীক নিমন্ত্ৰণ নকৰোঁ, মধ্যবিত্ত শিল্পীকে নিমন্ত্ৰণ কৰোঁ৷ কিন্তু তেওঁলোকৰ লগত বাদ্যযন্ত্ৰৰ শিল্পীখিনিও থাকে৷ তেওঁলোককো চাব লাগিব৷ তদুপৰি বিহু নৃত্য গোটেই বছৰটো নচা নহয়, বিহু নৃত্যৰ শিল্পীসকলে মঞ্চৰ বিহুৰ বাবে অপেক্ষা কৰি থাকে৷ এনেয়ে ক’ভিডৰ বাবে বিহু শিল্পীসকলে আৰ্থিক দুৰৱস্থাত ভুগি আছে৷ গতিকে চৰকাৰে এই দিশটোত গুৰুত্ব দিয়া উচিত৷ তদুপৰি অসমত থকা প্ৰতিজন লোকে নিজকে অসমীয়া বুলি ভবা উচিত৷ তেতিয়াহে অসমৰ সংস্কৃতি আগবাঢ়ি যাব৷ এই ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতাৰ দৰকাৰ৷’ এই সন্দৰ্ভত পূব-গুৱাহাটী বিহু সন্মিলনৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই কয়– ‘ৰঙালী বিহু সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্তক আমি আদৰণি জনাইছোঁ৷ আমাৰ বিহু তিনি ব’হাগৰ ভিতৰতে সামৰণি পৰে৷ আমি পৰম্পৰাগত নিয়ম অনুসৰিয়ে ৰঙালী বিহুৰ আয়োজন কৰি আহিছোঁ৷ আমি কৰ্মকৰ্তাৰ বৰঙণি, আজীৱন সদস্য, দাতাৰ জৰিয়তে বিহুৰ আয়োজন কৰি আহিছোঁ৷ এই সন্দৰ্ভত আমি কাৰ্যকৰী সমিতিৰ সিদ্ধান্তমৰ্মে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিম৷’ এই সন্দৰ্ভত সদৌ অসম বিহু সুৰক্ষা সমিতিৰ সম্পাদকপ্ৰধান পৱিত্ৰ মোহন ফুকনে সংবাদ মাধ্যমক কয় – ‘সাত বিহুৰ পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহুৰ আয়োজন কৰিলে বিহুৰ পৰম্পৰা ৰক্ষা হ’ব৷ চৰকাৰে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ ১০ বছৰীয়া পুৰণি বিহু সমিতিক বিহু আয়োজন কৰিবলৈ চৰকাৰে ডেৰ লাখ টকাৰে সাহাৰ্য দিয়াৰ সিদ্ধান্ত আদৰণীয়৷ তদুপৰি চান্দা সংস্কৃতি বন্ধ কৰাটো এটা ইতিবাচক দিশ৷ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ লোকশিল্পীক গুৰুত্ব দিয়ক৷ চান্দাৰ নামত সৰ্বসাধাৰণ লোকক হাৰাশাস্তি কৰা অনুচিত৷’ এই সন্দৰ্ভত বৃহত্তৰ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ উপদেষ্টা কৈলাশ শৰ্মাই কয়– ‘আমি চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছোঁ৷ ড॰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী যিয়ে আমাৰ জাতীয় উৎসৱ বিহুক চৰকাৰীভাৱে স্বীকৃতি দিলে৷ ১০ বছৰীয়া বিহু সমিতিলৈ ডেৰ লাখ টকাৰে অনুদান আগবঢ়োৱা সিদ্ধান্ত আদৰণীয়৷ বৃহৎ অসমীয়া সমাজ-গঠনৰ চৰকাৰৰ এই পদক্ষেপ আদৰণীয়৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বৃহত্তৰ অসমীয়া জাতি গঠনত আগবঢ়োৱা অৱদানৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ আমি বিভিন্ন জাতি-জনগোষ্ঠী একত্ৰিত হৈ বৃহত্তৰ অসমীয়া জাতি গঠন কৰি আমাৰ সংস্কৃতি আগবঢ়াই নিব লাগিব৷ আমি এমুঠি শিল্পীৰ কথা চিন্তা নকৰোঁ৷ অসমৰ বিভিন্ন প্ৰান্তত থকা থলুৱা শিল্পীসকলক আমি আগুৱাই নিব লাগিব৷’