Logo
image

জুবিনে বিহু বাদ দিব বাকী শিল্পীৰ কি হ’ব

আমাৰ অসম,৮ফেব্ৰুৱাৰীঃ এইবাৰ ৰঙালী বিহুৰ মঞ্চত দেখিবলৈ পোৱা নাযাব যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক৷ এইবাৰ বিহুৰ মঞ্চত সংগীতানুষ্ঠান পৰিৱেশন নকৰাৰ কথা সংবাদ মাধ্যমক জনালে যুৱ-প্ৰজন্মৰ হাটথ্ৰৱ জুবিন গাৰ্গে৷ চৰকাৰে ৰঙালী বিহু আয়োজনত চান্দা সংস্কৃতি বন্ধ কৰাকে ধৰি কেতবোৰ ঘোষণা কৰাৰ বাবে এই কথা সংবাদ  মাধ্যমক জনালে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে৷ জুবিন গাৰ্গে এই সন্দৰ্ভত সংবাদ মাধ্যমক এনেদৰে কয়– ‘বিহুৰ চিষ্টেম যদি সকলোৱে মিলি সলাব বিচাৰিছে সলাই দিয়ক৷ সদায় শিল্পীসকলৰ অসুবিধা হয়৷ মই বিহুত ইমান আগ্ৰহী নহয়৷ অহা বছৰ মোৰ ৫০ বছৰ হ’ব৷ মই বিহু বন্ধয়েই কৰিম৷’ জুবিন গাৰ্গৰ বক্তব্যৰ পৰা প্ৰমাণিত হৈছে যে আগন্তুক বৰ্ষৰ পৰা বিহু মঞ্চত দেখা নাপাব তেওঁৰ অনুৰাগীসকলে৷ জুবিন গাৰ্গৰ দৰে প্ৰতিষ্ঠিত শিল্পী এজনে বিহু ফাংচন নকৰিলেও ব্যক্তিগতভাৱে তেওঁৰ কোনো অসুবিধা নহয়৷ কিয়নো মুম্বাইকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বাবে অসংখ্য অফাৰ আছে৷ বোলছবি নিৰ্মাণ, পৰিচালনা, অভিনয় আদিতো আজিকালি তেওঁ খুব ব্যস্ত৷ ষ্টুডিঅ’ত নিশা দুপৰলৈকে সদায় ৰেকৰ্ডিঙৰ কাম থাকেই৷ কিন্তু সকলো শিল্পীয়েইটো জুবিন গাৰ্গ নহয়৷ ৰাজ্যৰ প্ৰায়সকল শিল্পীৰ ব’হাগ মাহটোৱেই একমাত্ৰ উপাৰ্জনৰ মাহ৷ বছৰৰ বিহু ফাংচনকেইটৰ বাবেই তেওঁলোকে বছৰটো অপেক্ষা কৰি থাকিবলগীয়া হয়৷ চৰকাৰে চান্দা তুলি বিহু পতা বন্ধ কৰাৰ ফলত এই শিল্পীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ ক’ভিডৰ বাবে দুবছৰ ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ কথা চিন্তা কৰা চৰকাৰে একেই ক’ভিডত ইতিমধ্যে জুৰুলা হোৱা শিল্পীসকলক সম গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে৷ বিহুৰ ফাংচন বন্ধ হোৱাৰ ফলত শিল্পীসকলক সংগত কৰা বাদ্যযন্ত্ৰীসকলো অথাই সাগৰত পৰিব৷ তেওঁলোকৰ পৰিয়ালসমূহ কেনেকৈ চলিব– প্ৰশ্নটো এবাৰ চৰকাৰে ভাবি চোৱা ভাল– এই কথা বিভিন্নজনে আলোচনা কৰিছে৷৷ ইপিনে, চৰকাৰে দিয়া ডেৰ লাখ টকাৰে চান্দা নোতোলাকৈ কেনেদৰে বিহু পাতিব– ইয়াক লৈ বিমোৰত পৰিছে উদ্যোক্তাসকল৷ বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ পেণ্ডেলৰ খৰচেই নোলায় এই টকাৰে, জনপ্ৰিয় শিল্পীসকলক দিবলগীয়া মাননিৰ কথা বাদেই৷