Logo
image

মঙলদৈৰ মনপুৰ পথাৰত কাতি বিহু উদযাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আমাৰ অসম, ১৭ অক্টোবৰঃ কাতি বিহুৰ পৱিত্ৰ সন্ধিয়াত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলদৈৰ মনপুৰ পথাৰত আকাশ-বন্তি প্ৰজ্বলন কৰে। লগতে কৃষিজীৱী ৰাইজৰ লগতে সমগ্ৰ অসমবাসীৰ সৰ্বাংগীণ উত্তৰণ তথা মংগল কামনা কৰে মুখ্যমন্ত্ৰী সোণোৱালে। অনুষ্ঠানত হাউছফেডৰ অধ্যক্ষ তথা বিধায়ক ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী ভবেশ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়া লগতে অসম পৰ্যটন উন্নয়ন নিগম পৰিসীমিতৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, আছাম চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী, বিশিষ্ট সমাজসেৱক ফণীন্দ্ৰনাথ শৰ্মা উপস্থিত থাকে।