Logo
image

অফিচ অফিচ

" salad daysWhen I was green in judgment"  – Shakespeare ভৰসা ডাক্তৰে পোনতে মোৰ লিভাৰটো চালে যিদৰে মই অফিচত বহি চি চি টিভিত প্ৰথমে চাই লওঁ তেওঁকযি অফিচলৈ সদায়েই পলমকৈ আহে পুৱা দহ বজাতএটা হেবিচুৱেল লেট কামাৰ তিনিখন মেম’ একেদিনাই লৈএখন ভৰালে চছ্‌মা বাকচত বাকী দুখনত অফিচ কেণ্টিনৰ ভজা চিঙৰাৰ বিৰিঙা তেল ভৰসা ডাক্তৰে লাহেকৈ সুধিলেঃতেলী বস্তুবোৰ বেছিকৈ খায় নেকি?পুৱা এঘাৰ বজাতবৰবাবুৱে চাধা এখোলা মলিফিকিমত ঘোগোলা এৰি দিয়ে বতাহত চি চি টিভিত মোৰ তিনিবিধহাঁচি শুনি ডাক্তৰে কিবা হাচিল কৰা যেন দেখুৱাই ক’লেঃ আপুনি কিন্তু চিগাৰেট এৰিব লাগিব ঘড়ীত মোৰ বাৰ বাজিলগাণনিকৰ আহোঁতেহে পলম ছুটী কৰে কাটাই কাটাই অন্ততঃ এটাত শুদ্ধ হৈ থাকা শেষ ভালেই গণনা ভালভৰসা ডাক্তৰ ক’লেঃ ঘনাই যে আপুনি বাথৰূমলৈ যায় পানী বেছিকৈ খায় নেকি?দিনৰ এক বাজিলআজিও মোৰ আশুলিপিকা বৰবাবুৰ কোঠাত সোমাইছেবহল টেবুলৰ সিপাৰে কলমটিয়াই থকা প্ৰশাসনিক বিষয়াই জোৰকৰি চকুহাল ডাঙৰকৈ মেলি দিছেমোৰ প্ৰিয় আশুলিপিকাই বৰবাবুৰ সৈতে টিফিন ভগাই খায়পকা চুলিত কলপ লাগেআনে দেখাকৈ এৰে চাধা মলিবলৈও পাঁচজন ভাল কৰ্মী হ’লে অফিচ এটা চলি যায় টেবুলৰ চাৰিটা খুঁটাৰ এটা নাথাকিলে নিজৰ ভৰিৰ এটা পাতি চলাই দিব পাৰি!!ডাক্তৰে শেষবাৰ মোলে’ চাই ক’লেঃ তিনিটা অংগ ঠিকে থাকিলেই চলি থাকে মানুহৰ শৰীৰ তেতিয়া পাঁচ নে ছয় বাজিছে?