Logo
image

মাজুলীত জনী লিভাৰ, কংস মামা, কালকেতুৰ ভিৰ

চিত্তৰঞ্জনক সমৰ্থন ৰাজীৱ লোচনৰ

আমাৰ অসম, ২১ ফেব্ৰুৱাৰীঃ মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী বতাহ ক্ৰমাৎ গৰম হৈ পৰিছে৷ শাসকীয় বিজেপি মিত্ৰজোঁটৰ লগতে বিৰোধী কংগ্ৰেছ, ৰাইজৰ দলৰ সমৰ্থিত অজাপ দলে দলীয় সভা অনুষ্ঠিত কৰি তৎপৰতা  অৱলম্বন কৰিছে৷ নিৰ্বাচনী যুঁজত ক্ৰমে ভিৰ বাঢ়িছে জনী লিভাৰ, কংস মামা, কালকেতুৰ৷ তৰল কথাৰে বাক যুদ্ধত লিপ্ত হৈ পৰিছে শাসক-বিৰোধী উভয় পক্ষ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামক মাজুলীৰ উপ-নিৰ্বাচনত বৃহৎ ভোটৰ ব্যৱধানত জয়যুক্ত কৰাৰ বাবে ৰনকৌশল ৰচনাৰ কাৰণে মাজুলীলৈ অহা মন্ত্ৰী পীয়ূষ হাজৰিকাই সাংবাদিকৰ আগত কয়– ‘মাজুলীৰ উপ-নিৰ্বাচনত অসম জাতীয় পৰিষদে টিকট প্ৰদান কৰা উমৈহতীয়া প্ৰাৰ্থী চিত্ত বসুমতাৰীক সকলোৱে মিলি বলিৰ পঠা সজালে৷ সৌ সিদিনা ধেমাজিত এটা বিধানসভা নিৰ্বাচনত হাৰিছেহে৷ মাজুলীত আমাৰ বৃহৎ ভোটৰ ব্যৱধানত জয় হ’ব৷ কংগ্ৰেছে এই কথা-বতৰাবোৰ জানে৷ গতিকে মন বেয়া নকৰো বুলি বা আৰু লাজ সহ্য কৰিব নোৱাৰোঁ বুলিয়েই চিৰিয়াচলি নেখেলিলে৷ অকল মাজুলীয়েই নহয় ৰাজ্যৰ পৌৰনিগমৰ নিৰ্বাচনতো আমি বৃহৎ জয় সাব্যস্ত কৰিম৷ কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্বৰ দুৰ্বল ভূমিকাৰ বাবেই বহু ঠাইত পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়েই দিব নোৱাৰিলে৷ মাজুলীততো টিকট দিয়াৰ সাহসেই নকৰিলে৷ অৱশ্যে কংগ্ৰেছৰ পৰা অসমৰ ৰাইজে আশাও নকৰে৷ বৰ্তমানৰ নেতৃত্বৰ পৰা আৰু আশা নকৰে৷ পূৰ্বে ৰাজ্যত ইমানেই বেয়া শাসন, বেয়া কাম কৰিলে যে কংগ্ৰেছক অসমৰ ৰাইজে একেবাৰে পাহৰি পেলালে৷ এতিয়া সেইজনে মানে ভূপেন বৰাই কমেডিত ধৰিছে৷ জনী লিভাৰ হ’বলৈ বিচাৰিছে৷’ উল্লেখ্য আজি পুৱাৰে পৰা মন্ত্ৰী গৰাকীয়ে ভুবন গামৰ লগতে কেবাগৰাকী জিলা আৰু ৰাজ্যিক নেতাসহ মাজুলীৰ সত্ৰসমূহ পৰিভ্ৰমণ কৰি আশীৰ্বাদ গ্ৰহণ কৰে৷ মন্ত্ৰী গৰাকীয়ে শ্ৰীশ্ৰী গড়মূৰ, উত্তৰ কমলাবাৰী, আউনীআটী আৰু দক্ষিণপাট সত্ৰ দৰ্শন কৰি সত্ৰাধিকাৰ সকলৰে মত বিনিময় কৰে৷ মন্ত্ৰী হাজৰিকাই পুনৰ কয়– ‘মাজুলীৰ উপ-নিৰ্বাচনত বিজেপি জিকাটো সুনিশ্চিত, সেয়া সকলোৱে জানে৷ কিন্তু আমাৰ টাৰ্গেট হ’ল কিমান বেছি ব্যৱধানত আমি জিকিব পাৰো৷ আমাৰ টাৰ্গেট অতি কমেও পঞ্চাশ হাজাৰ৷ মই আজি মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতিৰ নিৰ্দেশত ইয়ালৈ আহিছো৷ ২০০৯ চনত মই প্ৰথম মাজুলীলৈ আহিছিলো৷ কিন্তু দেখিছো এই বাৰটা বছৰত মাজুলীৰ বহুত পৰিৱৰ্তন হ’ল৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ কাৰণে যথেষ্ট কৰিছে৷ মাজুলীৰ সেই উন্নয়নৰ গতিক গতিশীল কৰি ৰাখিবৰ কাৰণে আমি সংকল্পবদ্ধ৷ মাজুলীৰ সুৰক্ষাৰ কামৰ কাৰণে অকল এটা বছৰত আমি ৪১ কোটি টকা দিছো৷ মাজুলীৰ বানপানী প্ৰতিৰোধৰ কাৰণে আমি এডিবিৰ এটা প্ৰজেক্টত আৰু৩৪০ কোটি টকা দিয়াৰ ব্যৱস্থা কৰিছো৷ আমি আশা কৰিম মাজুলীৰ উন্নয়নৰ বাবে মাজুলীবাসীয়ে যোৱা দুটা নিৰ্বাচনত আমাক বহুত মৰম কৰিছে৷ তৃতীয়বাৰৰ বাবেও ইয়াৰ ব্যতিক্ৰম হোৱাৰ প্ৰশ্নই নুঠে৷ ইয়াত আমি জিকিমেই৷ মোৰ ইয়াত কৰিব লগা একো নাই৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আমাৰ ভোটৰ সংখ্যা আৰু বঢ়াব পাৰোনেকি, সেইবাবেই আহিছো৷ আচলতে ইয়াত জিকা হৰাৰ কথা নায়েই, মাত্ৰ ভোটৰ ব্যৱধানটো বঢ়াব লাগে৷’ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ মাজুলীত বৰ্তমান স্থিতি আৰু প্ৰচাৰৰ দিশসমূহ দলীয় কৰ্মীৰ লগত আলোচনাৰ বাবে আজি মাজুলীলৈ অহা মন্ত্ৰী পিযুষ হাজৰিকাই কমলাবাৰী ফেৰীঘাটত সাংবাদিকৰ আগত আৰু কয়– মই আজি আৰু কাইলৈ দলীয় কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি কাইলৈ বিয়লি গুৱাহাটীলৈ যাম৷ ২৩ ফেব্ৰুৱাৰীত পুনৰ আহি নিৰ্বাচনৰ শেষলৈকে থাকিম৷ ভুবন গামৰ বিৰুদ্ধে উঠা বিভিন্ন অভিযোগসমূহৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সেয়া অভিযোগহে, ক’ৰবাত প্ৰমাণ গৈছে জানো বুলি প্ৰশ্ন কৰে মন্ত্ৰীজনে৷ ইফালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে শাসকীয় দলৰ লগতে বিজেপিৰ প্ৰাৰ্থীগৰাকীক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰি তুলিছে৷ প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকৰ আগত কয়– ‘কংস মামাই মাজুলীত কালকেতুক এৰি দিছে নিৰ্বাচন খেলিবলৈ৷ নিজকে জনপ্ৰিয় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মামা-ভাগিনৰ খেল খেলিছে৷ ভাৰতীয় সংস্কৃতিত ‘মামা’ৰ আছে এক কলংকিত অধ্যায়৷ গতিকে ৰাইজে সকলো লক্ষ্য কৰি আছে৷ ইয়াত ভাল উত্তৰ দিব৷ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী গৰাকীয়ে সাংবাদিক উদ্দেশ্যি কয়- মাজুলী মোৰ মা৷ মই মাজুলীৰ ৰাইজক সেৱা কৰাৰ মানসেৰে ওলাই আহিছো৷ মাজুলীৰ বহু সমস্যা আছে, সেয়া নিৰাময়ৰ বাবে আগন্তুক দিনত কাম কৰাৰ মানস৷ বছৰ-বছৰ ধৰি খহনীয়াত পতিত হৈ মথাউৰিৰ ওপৰত দুৰ্বিসহ জীৱন কটোৱা পৰিয়ালসমূহক পুনঃসংস্থাপনৰ বাবে চৰকাৰে গুৰুত্ব নিদিয়াৰ প্ৰসংগ উত্থাপন কৰে৷ স্বাস্থ্য খণ্ডত উন্নত চিকিৎসাৰ নামত নতুন গৃহ নিৰ্মাণ হ’লেই নহ’ব তাৰ পৰা ৰাইজে উপযুক্ত চিকিৎসা সেৱা লাভ কৰিব পাৰিব লাগিব বুলিও দোহাৰে৷ লগতে মাজুলীৰ ভূমি ব্ৰহ্মপুত্ৰৰ খহনীয়াত পতিত হোৱা বিষয়ক লৈ উদ্বিগ্ন হৈ পৰা বসুমতাৰীয়ে মাজুলীক বিজ্ঞানসন্মত আৰু পৰিকল্পিতভাৱে সুৰক্ষা দিয়াৰ প্ৰকল্প হাতত লোৱাতো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে৷ 

 অজাপৰ চিত্তৰঞ্জন বসুমতাৰীলৈ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ সমৰ্থন  

যোৱা বিধানসভা নিৰ্বাচনৰ পিছত সক্ৰিয় ৰাজনীতিৰ পৰা কিছু নিলগত অবস্থান কৰা মাজুলী বিধানসভা সমষ্টিৰ পৰা তিনিবাৰকৈ কংগ্ৰেছৰ বিধায়ক হৈ পৰৱৰ্তী সময়ত তৰুণ গগৈ মন্ত্ৰী সভাত মন্ত্ৰিত্ব লাভ কৰা ৰাজীৱ লোচন পেগু পত্নীসহ আজি মাজুলীৰ গড়মূৰস্থিত অজাপৰ কাৰ্যালয়ত উপস্থিত হয়৷ পেগুৱে অৱশেষত কংগ্ৰেছ সমৰ্থিত অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীলৈ সমৰ্থন আগবঢ়োৱাৰ লগে লগে মাজুলীৰ উপ-নিৰ্বাচনৰ ৰাজনীতিৰ বতাহ ক্ৰমাৎ গৰম হৈ পৰিছে৷ উল্লেখ্য, কেইবা মাহ ধৰি প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰি আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী৷ অব্যাহতি লৈছিল মাজুলী জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ পৰা৷ আজি অজাপৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী পেগুৱে সাংবাদিকৰ আগত কয়– ‘অসমৰ অন্যতম এটা উল্লেখনীয় বিধানসভা সমষ্টি মাজুলীৰ ৰাইজ ৰাজনৈতিকভাবে অতি সচেতন৷ কেবল ৰাজনৈতিকভাৱেই নহয়, সামাজিক-সাংস্কৃতিক, শিক্ষা দীক্ষাৰেও শিক্ষিত৷ সেইকাৰণেই মাজুলীৰ ৰাইজে সময়ে সময়ে সমষ্টিটোত এগৰাকী যোগ্য প্ৰতিনিধি নিৰ্বাচন কৰি আহিছে৷ সেই অনুসৰি মাজুলীবাসীয়ে অসমৰ এজন যোগ্য ব্যক্তি সৰ্বানন্দ সোণোৱালক নিৰ্বাচিত কৰি অসমৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ ৰাজনীতিত অৰিহণা যোগালে৷ গতিকে মাজুলীৰ ৰাইজৰ সিদ্ধান্ত কেতিয়াও ভুল হ’ব নোৱাৰে৷ আমাৰ এটা দুখ থাকি গ’ল যে ভাৰতীয় জনতা পাৰ্টিয়ে সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে যিজন ব্যক্তিক মাজুলীত প্ৰাৰ্থিত্ব দিলে সেইজন ব্যক্তি মাজুলীৰ প্ৰতিনিধি হিচাপে যোগ্য ব্যক্তি হয়নে নহয় সেইটো বিচাৰ কৰাৰ সময় আহি পৰিল৷ ৰামমাথ দাস, নীলমণি ফুকনৰ পৰা ধৰি মাজুলীৰ যিসকল বিশিষ্ট লোকে মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰিছিল তেওঁলোকৰ সকলোৰে অতীত আমি দেখিছো৷ যিটো সময়ত মুখ্যমন্ত্ৰীয়ে ভূমি কেলেংকাৰি,  দালালৰাজৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ কথা কৈছে, সেই সময়তে কিন্তু মাজুলীৰ দৰে সন্মানীয় সমষ্টিটোত এনেকুৱা এজন ব্যক্তিক প্ৰাৰ্থিত্ব দিছে যে তেওঁৰ যোগ্যতাৰ ওপৰত চৌদিশে প্ৰশ্ন উঠিছে৷ মাজুলীত বিজেপিৰ প্ৰাৰ্থী গৰাকী বিভিন্ন কেলেংকাৰিৰ লগত তেওঁ জড়িত সেয়া সংবাদ মাধ্যমত আমি দেখিছো৷ ব্যক্তিগতভাৱে ভুবন গাম কেনে ব্যক্তি মই সেইটো নকও, কিন্তু সেইজন মানুহে মাজুলীৰ সমস্যাখিনি বিধানসভাত উপস্থাপন কৰিব পাৰিবনে নোৱাৰে এই প্ৰশ্নটো আজি মাজুলীৰ চুকে-কোণে উদয় হৈছে৷ এই কাৰণেই চিত্তৰঞ্জন বসুমতাৰীক মাজুলীৰ বাবে এজন যোগ্য ব্যক্তি বুলি মই ভাবো৷ বিজেপি চৰকাৰে অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, বিদেশী বিতাৰণ, এনআৰচি আৰু ‘কা’ৰ গইনা লৈ বিদেশৰ পৰা মানুহ আনিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰি গোটেই অসমৰ ৰাইজক জগাই তুলিব ব্যক্তিজনেই হৈছে চিত্তৰঞ্জন বসুমতাৰী৷ যি অসমৰ স্বাভিমান, জাতীয়তাবোধৰ কথা ভাবে, মূল্যবোধৰ ৰাজনীতি কৰিব খোজে এনেকুৱা এজন যোগ্য ব্যক্তিক মাজুলীৰ ৰাইজে নিৰ্বাচিত কৰিব বুলি আমি আশাবাদী৷ ৰাইজেও যি সহাঁৰি দিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই কথা ক’ব পাৰি যে মাজুলীৰ ৰাইজে পাঁচটা ভোটত হ’লেও চিত্তৰঞ্জন বসুমতাৰীক জয়যুক্ত কৰিব৷ বাহুবল, ধনবলৰ বিৰুদ্ধে মাজুলীবাসী থিয় দি মূল্যবোধ, প্ৰমূল্যৰ ৰাজনীতি মাজুলীবাসীয়ে কৰি আহিছ আৰু কৰি থাকিব৷’ পেগুৰ সমৰ্থন লাভ কৰি অজাপ দলৰ লগতে কংগ্ৰেছ আৰু ৰাইজৰ দলে অধিক তৎপৰ হৈ পৰাও পৰিলক্ষিত হৈছে৷