Logo
image

ৰাজপথত খেলুৱৈ, শিশু-কিশোৰ

ক্ৰিকেটক ৰাজপৃষ্ঠপোষকতা n ফুটবল পথাৰ বিচাৰি মহানগৰীত প্ৰতিবাদী সমদল 

আমাৰ অসম, ২১ ফেব্ৰুৱাৰীঃ দেওবাৰে গুৱাহাটীৰ ৰাজপথত এজাক শিশু, চেমনীয়াক ফুটবল খেলা দেখা গ’ল৷ স্কুল বন্ধৰ সুযোগ ল’বলৈ তেওঁলোক এনেদৰে ওলাই অহা নাছিল৷ তেওঁলোক আহিছিল ফুটবলৰ বাবে এখন খেলপথাৰ বিচাৰি৷ গুৱাহাটীত ফুটবলৰ বাবে এখন খেলপথাৰ সংৰক্ষণৰ দাবীত সদৌ অসম ফুটবল খেলুৱৈ সন্থাৰ উদ্যোগত উলিওৱা বিক্ষোভ কাৰ্যসূচীত ভাগ ল’বলৈ স্বতঃস্ফূৰ্তভাৱে এইদৰে ওলাই আহিল শিশু, চেমনীয়াৰ লগতে প্ৰাক্তন আৰু বৰ্তমানৰ বহু খেলুৱৈ৷ এই কাৰ্যসূচীলৈ নৈতিক সমৰ্থন আগবঢ়ালে ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়ায়ো৷ বিক্ষোভকাৰীসকলৰ দাবী আছিল নেহৰু ষ্টেডিয়ামৰ  লগতে জজ খেলপথাৰ কেৱল ফুটবলৰ বাবে সংৰক্ষণ কৰা৷ গুৱাহাটীৰ বিভিন্ন ফুটবল   একাডেমীৰ শিক্ষাৰ্থীৰ লগতে চাৰি শতাধিক প্ৰাক্তন আৰু বৰ্তমানৰ ফুটবলাৰে বিক্ষোভত ভাগ লৈ ফুটবলক প্ৰাপ্য মৰ্যাদা দিবলৈ সংশি¡ষ্ট সকলোলৈকে আহ্বান জনায়৷ তেওঁলোকৰ ভিতৰত আছিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈও৷ কেৱল গুৱাটীয়েই নহয়, কোক্‌ৰাঝাৰ, দুলীয়াজান আৰু গোলাঘাটৰ ফুটবলাৰৰ লগতে গুৱাহাটীত কৰ্মৰত মণিপুুৰ আৰু মিজোৰামৰ ফুটবলাৰেও এই বিক্ষোভত ভাগ লয়৷ তেওঁলোকৰ ভিতৰত অন্যতম দুৰ্গা বড়ো, জিতু চেত্ৰী, অসিত দাস, মলং আও, কিশোৰ চেত্ৰী, অশোক ৰামচিয়াৰী, দুলেশ্বৰ ৰাভা, বিজয় সোণোৱাল, হেম দাস, যোছেফ লালনুনজিৰা আদি৷ তেওঁলোকৰ অভিযোগ যে ক্ৰিকেটৰ গ্লেমাৰত এতিয়া স্থান হেৰুওৱাবলগীয়া হৈছে ফুটবলৰ লগতে আন খেলসমূহে৷ অসম ফুটবল খেলুৱৈ সন্থাৰ সভাপতি হেম দাস আৰু সম্পাদক দুৰ্গা বড়োৱে ক্ষোভেৰে কয় যে নেহৰু ষ্টেডিয়ামত অনুশীলনকৰিয়েই বহু ফুটবলাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলাৰ সুযোগ পাইছিল৷  তেনেস্থলত সেইখন¸ষ্টেডিয়ামতে বৰ্তমান ফুটবলে স্থান হেৰুৱাবলগীয়া হৈছে৷  ক্ৰিকেটৰ সৈতে প্ৰভাৱশালী লোক জড়িত থকা আৰু ৰাজ্যিক ক্ৰিকেট  সন্থাৰ অৰ্থৰ বল থকা বাবেই গুৱাহাটীৰ সকলো খেলপথাৰ এতিয়া ক্ৰিকেটৰ দখলত৷ বিক্ষোভকাৰীসকলে গুৱাহাটী ক্লাবৰ ৰটাৰী পইণ্টৰ পৰা নেহৰু ষ্টেডিয়ামলৈ প্ৰতিবাদী সমদল উলিয়াই শীঘ্ৰেই তেওঁলোকৰ দাবী মানি ল’বলৈ চৰকাৰক আহ্বান জনায়৷ বিক্ষোভত ভাগ লোৱা কেইবাজনো প্ৰাক্তন ফুটবলাৰে অভিযোগ কৰে যে ক্ৰিকেটে ৰাজপৃষ্ঠপোষকতা পোৱাৰ বাবে ফুটবল সদায় অৱহেলিত হৈ ৰয়৷ ক্ৰিকেটক ইমান সুবিধা দিয়াৰ পাছতো ৰাজ্যখনৰ পৰা এতিয়ালৈকে কোনো এজন ক্ৰিকেটাৰে ছিনিয়ৰ ৰাষ্ট্ৰীয় দলত সুযোগ নাপালে৷ তাৰ বিপৰীতে কেইবাজনো ফুটবলাৰে ৰাজ্যৰ বাহিৰৰ আগশাৰীৰ ক্লাবত খেলাৰ সুযোগ পাইছে৷ তেওঁলোকে ফুটবলক কেৰিয়াৰ হিচাপে ল’বলৈও সফল হৈছে৷ অসমত ফুটবলৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ফুটবলাৰক প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত অসম ফুটবল সন্থাৰ কাৰ্যকলাপো আশানুৰূপ নহয় বুলি তেওঁলোকে আক্ষেপ কৰে৷ স্মৰ্তব্য যে, অসম ক্ৰিকেট সন্থা আৰু ব’ৰ্ড অৱ স্প’টৰ্ছৰ  মাজত হোৱা চুক্তি অনুসৰি  নেহৰু ষ্টেডিয়ামৰ খেলপথাৰখন অসম ক্ৰিকেট সন্থাই তৈয়াৰ কৰিলেও খেলপথাৰখন চোৱা-চিতা কৰিব ব’ৰ্ড অৱ স্প’ৰ্টছে, য’ত ক্ৰিকেটৰ লগতে ফুটবল আৰু আন খেলকো সমানেই সুযোগ দিয়া হ’ব৷ কিন্তু সেই প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হৈছে৷ বহু দিন পৰিত্যক্ত অৱস্থাত থকাৰ পৰৱৰ্তী সময়ত খেলপথাৰখন নতুনকৈ সাজু কৰা হয় যদিও কেৱল ক্ৰিকেটকহে সুযোগ দিয়া হৈছে৷সদৌ অসম ফুটবল খেলুৱৈ সন্থাৰ সম্পাদক হেম দাসে জনোৱা মতে, নেহৰু ষ্টেডিয়ামখন যদি ফুটবলৰ বাবে এৰি দিয়া হয়, তেন্তে তেওঁলোকে সেই ঠাইত আন খেলৰ সৈতে জড়িত খেলুৱৈকো অনুশীলনৰ সুযোগ দিব৷ দাসে লগতে কয় যে চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি জনালে তেওঁলোকে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ বাবুল ফুকনৰ সোঁৱৰণত নেহৰু ষ্টেডিয়ামত ১৩ মাৰ্চত এখন প্ৰদৰ্শনীমূলক খেল আয়োজন কৰাৰ কথা ভাবিছে৷ কিন্তু তেওঁলোকৰ দাবীক আওকান কৰিলে প্ৰতিবাদ অব্যাহত থাকিব৷