Logo
image

চিত্ৰশিল্পী বুদ্ধি থাপাক ‘প্ৰণৱ বৰুৱা বঁটা’ প্ৰদান

শৰ্মিষ্ঠা প্ৰীতমলৈ ‘ভবেন্দ্ৰনাথ শইকীয়া বঁটা’

আমাৰ অসম, ২১ ফেব্ৰুৱাৰীঃ নাগালেণ্ডৰ প্ৰবীণ চিত্ৰশিল্পী, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ চিনিয়ৰ ফেলোশ্বিপ লাভ কৰা বুদ্ধি থাপাক দেওবাৰে বিয়লি গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২২ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হয়৷ এই উপলক্ষে প্ৰণৱ বৰুৱা শিল্পী বঁটা সমিতি আৰু গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ যৌথ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ঠ চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে    বুদ্ধি থাপাক এই বঁটা প্ৰদান কৰে৷  এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, এটা স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা প্ৰণৱ বৰুৱা শিল্পী বঁটা সমিতিৰ সম্পাদক মনোজ কুমাৰ গোস্বামীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে সদস্য নয়ন প্ৰসাদে৷ আনহাতে বঁটা গ্ৰহণ কৰি বুদ্ধি থাপাই এই সন্মানীয় বঁটা লাভ কৰা বাবে তেওঁ অত্যন্ত সুখী অনুভৱ কৰিছে বুলি সদৰি কৰি তেওঁক বঁটাৰ বাবে নিৰ্বাচিত কৰা বাবে সমিতিৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ ভাষণত বুদ্ধি থাপাই শিল্পী প্ৰণৱ বৰুৱাৰ শিল্পকলাৰ লগতে তেওঁৰ প্ৰতিভাৰ আলোকপাত কৰি কয় মই প্ৰথম তেওঁক ১৯৯৩ চনত শ্বিলঙত অনুষ্ঠিত এখন চিত্ৰ প্ৰদৰ্শনীত লগ পাইছিলোঁ৷ তাৰ পাছত বয়সত মোতকৈ ডাঙৰ হলেও তেওঁ মোক যথেষ্ট মৰম কৰিছিল৷ শিল্পকলাৰ ক্ষেত্ৰত বহুত দিহা পৰামৰ্শ দিছিল৷ যদি এজন শিল্পীৰ অন্তৰত প্ৰেমভাব নাথাকে তেন্তে শিল্পীৰ শিল্পকৰ্মই পূৰ্ণতা নাপায়৷ এজন শিল্পীৰ বাবে Love is a Biggest Instrument বুলি ব্যক্ত কৰি বুদ্ধি থাপাই নাগামীজ ভাষাত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট শিল্পী ননী বৰপূজাৰীয়ে কয় প্ৰণৱ বৰুৱা আধুনিক অসমীয়া শিল্পকলাৰ এগৰাকী শিল্পী আছিল৷ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা প্ৰতিভা সমূহক বিকাশৰ বাবে সদায় অহোপুৰুষাৰ্থ কৰিছিল৷ বিলুপ্তিৰ পথত থকা অসমীয়া গহনা সমূহক শিল্পকলাৰ জৰিয়তে সংৰক্ষণৰ বাবে প্ৰণৱ বৰুৱাই চেষ্টা কৰিছিল বুলি ননী বৰপূজাৰীয়ে ব্যক্ত কৰে৷ অনুষ্ঠানত ভাগ লৈ গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাপতি আমিনুল হক, সম্পাদক কিশোৰ কুমাৰ দাসেও বঁটা প্ৰদান সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে৷ অনুষ্ঠানত প্ৰণৱ বৰুৱাৰ জীয়ৰী লখিমী বৰুৱা ভূঞা, ভাস্কৰ্য্য শিল্পী বীৰেন সিংহকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে৷ অনুষ্ঠানত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ ফালৰ পৰা বুদ্ধি থাপাক এটা স্মাৰক আৰু গীল্ডৰ গ্ৰন্থ প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষাৰ্থ কৰা প্ৰয়াত চিত্ৰ শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনযোৰা সাধানাৰ স্বীকৃতি স্বৰূপে ২০০২ চনৰ পৰা প্ৰতিবছৰে উত্তৰ পূৰ্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই আহিছে৷  তেনেদৰে ১৯৫৩ চনৰ ৬ অক্টোবৰত কহিমাত জন্ম গ্ৰহণ কৰা শিল্পী বুদ্ধি থাপাই কহিমাতে স্কুল আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰে৷ তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮১ চনলৈ কলকতাৰ চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ত অধ্যয়ন কৰি তেওঁ সুকুমাৰ কলাৰ স্নাতক ডিগ্ৰী আহৰণ কৰে৷ নগাভূমিতে জন্ম আৰু ডাঙৰ-দীঘল হোৱা বুদ্ধি থাপা স্বাভাৱিক ভাৱে নাগাসকলৰ সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে আবেগিক ভাৱে জড়িত হৈ পৰে৷ সুদীৰ্ঘ কাল নাগালেণ্ডত অব্যাহত বিদ্ৰোহী কাৰ্যকলাপ, কঠিন সামাজিক ৰাজনৈতিক পৰিস্থিতি আৰু সাধাৰণ জনতাৰ সুখ দুখৰ চাক্ষুস অভিজ্ঞতা তেওঁৰ চিত্ৰকৰ্মত প্ৰতিফলিত হৈছে৷ তেওঁৰ Cosmic আৰু Mother Nature শীৰ্ষক চিত্ৰকৰ্ম সমূহৰ লগতে বিভিন্ন নৃগোষ্ঠীয় প্ৰতিকৃতি সমূহে দেশে বিদেশে কলা ৰসিকৰ উচ্ছ প্ৰসংসা লাভ কৰিছে৷ নাগালেণ্ডত চিত্ৰকলা চৰ্চাৰ এক সুস্থ পৰিৱেশ গঢ় দিয়াৰ প্ৰয়াস কৰা শিল্পী বুদ্ধি থাপাক ২০২০ চনত নাগালেণ্ড চৰকাৰে ৰাজ্যপালৰ বিশেষ বঁটাৰে সন্মানিত কৰিছিল৷

দুদিনীয়া নাট সমাৰোহৰ সামৰণি, শৰ্মিষ্ঠা প্ৰীতম বৰুৱাক ড॰ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান 

‘আমাৰ অসমঃ ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস আৰোহনৰ উদ্যোগত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিনৰ লগত সংগতি ৰাখি এইবেলি ঔপন্যাসিক, লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱাক আগবঢ়োৱা হৈছে ড॰ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা [২০২১]৷ দেওবাৰে সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শৰ্মিষ্ঠা প্ৰীতম বৰুৱাক এই বঁটা প্ৰদান কৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাই৷ এই বঁটাত আছে ২৫ হাজাৰ টকাৰ চেক, এটা স্মাৰক, এখন প্ৰশস্তি পত্ৰ, চেলেং চাদৰ. জাপি আৰু গামোচা৷ আনহাতে এই উপলক্ষে ন্যাসৰ সচিব মলয়া গোস্বামীৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাই চমু ভাষণত এসময়ত শিক্ষাগুৰু হিচাপে ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ সৈতে তেওঁৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰে আৰু তেওঁ এগৰাকী সহজ সৰল অন্তৰৰ পৰোপকাৰী ব্যক্তি আছিল বুলি কয়৷ অনুষ্ঠানত বঁটা গ্ৰহণ কৰি শৰ্মিষ্ঠা প্ৰীতম বৰুৱাই ভাষণত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ দৰে বৰেণ্য এগৰাকী ব্যক্তিৰ নামত বঁটা লাভ কৰি পৰমপ্ৰাপ্তি লাভ কৰিছে বুলি সদৰি কৰে আৰু তেওঁৰ সৃষ্টিশীল লেখনীয়ে সদায় উৎসাহিত কৰি আহিছে বুলি কয়৷ ইয়াৰ উপৰি শৰ্মিষ্ঠা প্ৰীতম বৰুৱাই বঁটাটো ১৮ জানুৱাৰীত বিয়োগ হোৱা তেওঁৰ পিতৃ অভয় বৰুৱাৰ নামত উৎসৰ্গা কৰা বুলি ঘোষণা কৰে৷ অনুষ্ঠানত ন্যাসৰ ন্যাসৰক্ষী প্ৰীতি শইকীয়াই ন্যাসৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি পূৰ্বতে অসম চৰকাৰে ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ নামত যি বঁটা প্ৰদান কৰি আহিছিল সেই বঁটা পুনৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অধ্যাপক ড॰ কুলেন্দু পাঠকেও চমু ভাষণ আগবঢ়ায়৷ তেনেদৰে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ সোঁৱৰণত ৰচনা কৰা ‘ভবেন্দ্ৰাৰ্ঘ’ নামৰ এটি কবিতা পাঠ কৰে৷ অনুষ্ঠানত সাংস্কৃতিক কৰ্মী গোপাল জালান, কৃষ্ণ ৰয়, শিল্পী নুৰুদ্দিন আহমেদ, ডাঃ হেমেন বৰ্মন, বনলতা প্ৰকাশনৰ অনন্ত হাজৰিকাকে ধৰি কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷ ইফালে আৰোহনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰবীন্দ্ৰ ভৱনত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহৰ সোমবাৰে নিশা সামৰণি পৰে৷ দেওবাৰে নিশা ইনলি ফাউণ্ডেছনে ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচিত আৰু বিপ্লৱ বৰকাকতি ৰচিত নাট  ‘অৱৰোধ’ মঞ্চস্থ কৰে৷ নাট সন্ধিয়া উদ্বোধন কৰে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই৷