Logo
image

ভূপেনৰ বিৰুদ্ধে মন্ত্ৰী পীয়ূষৰ ‘গৃহ-যুদ্ধ’

আমাৰ অসম, ২১ ফেব্ৰুৱাৰীঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পত্নী ডাঃ মৌচুমী বৰগোহাঁই বৰাই ২০০৬ চনৰ ৭ মাৰ্চত নিজেক নিবুনৱা আৰু মাহিলী আয় মাত্ৰ ৬, ৮৪০ টকা বুলি উল্লেখ কৰি নিজৰ নামত গুৱাহাটীত হাউছিং ব’ৰ্ডৰ এটা ফ্লেট লাভ কৰে৷ সেই ফ্লেট লাভ কৰাৰ এবছৰ পিছতে অৰ্থাৎ ২০০৭ চনৰ ২৩ ফেব্ৰুৱাৰীত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ পত্নীয়ে মেডিকেল কলেজত ডেমনষ্ট্ৰেটৰ হিচাবে যোগদান কৰে৷ বৰ্তমান এছ’চিয়েট প্ৰফেচৰ ৰূপে কৰ্মৰত ভূপেন বৰাৰ পত্নীৰ মাহিলী দৰমহা১.৯০ লাখ টকা৷ তেনেক্ষেত্ৰত বিগত ১৫ বছৰ ধৰি কিয় ভূপেন বৰাৰ পত্নীয়ে নিজকে নিবনুৱা সজাই হাউছিঙৰ ফ্লেট নিজৰ নামত ৰাখি থ’লে– এই প্ৰশ্ন মন্ত্ৰী পীয়ূষ হাজৰীকাৰ৷ সোমবাৰে গুৱাহাটীত এখন সংবাদমেলত মন্ত্ৰী হাজৰিকাই কয়– ভূপেন বৰাৰ পত্নী ডাঃ মৌচুমী বৰগোঁহাই বৰাই ডেৰ মাহ আগতে অৰ্থাৎ ২০২১ চনৰ ১৭ ডিচেম্বৰত হাউছিং ব’ৰ্ডৰ কমিচনাৰলৈ এখন পত্ৰ লিখি উক্ত ফ্লেটতো ছাৰেণ্ডাৰ কৰে৷ কিন্তু আ(ৰ্যজনক কথা যে তেখেতে উক্ত ফ্লেটতো ছাৰেণ্ডাৰ কৰাৰ পিছতো তাৰ চাবি এতিয়াও জমা দিয়া নাই৷ একেদৰে ছাৰেণ্ডাৰ কৰি দাখিল কৰা দলিলত উত্তৰ লখিমপুৰৰ পহুমৰাৰ ৰবীন শইকীয়াৰ নামত তেখেতৰ নামত থকা হাউছিঙৰ ফ্লেটতো আবণ্টন দিয়াত তেওঁৰ কোনো আপত্তি নাই বুলিও উল্লেখ কৰিছে৷ এয়া কি ধৰণৰ কথা৷ ৰবীন শইকীয়াৰ ঘৰ ভূপেন বৰাৰ এলেকাৰ একেখন গাঁৱতে৷ ভূপেন বৰাই ‘মাছ বুলি নাখাই জিজি বুলি খাব বিচাৰিছে৷ সংবাদমেলত মন্ত্ৰী হাজৰীকাই ২০০৬ চনৰ পৰা ১৫ বছৰ ধৰি ফ্লেটতো দখল কৰি ৰখাৰ পিছত মাত্ৰ ডেৰ মাহ আগতে ফ্লেটতো ছাৰেণ্ডাৰ কৰা সন্দৰ্ভতো ভূপেন বৰাক প্ৰশ্ন কৰি কয়– যদিহে ভূপেন বৰা ইমানেই ভাল মানুহ, তেন্তে তেখেতৰ পত্নীয়ে চাকৰি পোৱাৰ সময়ত কিয় ফ্লেটতো ছাৰেণ্ডাৰ নকৰিলে? ফ্লেট লাভ কৰাৰ তিনিমাহ পিছত ভূপেন বৰা নিজে বিধায়ক হৈছিল৷ সেই সময়ত কিয় ফ্লেটতো ছাৰেণ্ডাৰ নকৰিলে? সম্প্ৰতি ফ্লেট ছাৰেণ্ডাৰ কৰিও নিজৰ এলেকাৰে এজন মানুহক ফ্লেটতো আবণ্টন দিব লাগে বুলি লিখি দিয়াতো কেনেধৰণৰ কথা৷ হাউছিং ব’ৰ্ডে কাক ঘৰ দিব কাক নিদিব সেয়া ব’ৰ্ডে সিদ্ধান্ত ল’ব৷ এয়াই ভূপেন বৰাৰ আচল স্বভাৱ, চৰিত্ৰ৷ সংবাদমেল উত্থাপিত অভিযোগ অনুসৰি ভূপেন বৰাৰ নিজৰ নামতো ২০১৭ চনলৈকে হাউছিঙৰ এটা ফ্লেট আছিল৷ বৰ্তমানেও তেখেতৰ শহুৰেকৰ নামত থকা এটা হাউচিঙৰ ফ্লেট তেওঁলোকে ভাড়াত দি থৈছে৷ মন্ত্ৰী হাজৰিকাই এই কাৰ্যত আ(ৰ্য প্ৰকাশ কৰি এয়াই ভূপেন বৰাৰ মিনাৰেল ৱাটাৰৰ চৰিত্ৰ বুলি কটাক্ষ কৰি কয়– প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে সদায় নিজকে ভাল মানুহ বুলি কৈ আহিছে, নিজকে ধোৱা তুলসীৰ পাত সজাই আহিছে৷ নিজকে মিনাৰেল ৱাটাৰ বুলি সজোৱা ভূপেন বৰাৰ মতে তেখেতৰ দৰে নীতি-নিয়মত থকা মানুহ পৃথিৱীত নাই৷ কিন্তু সদায় নৈতিকতাৰ কথা কোৱা ভূপেন বৰাই বিগত ১৫ বছৰ ধৰি কিয় দুই নম্বৰী উপায়েৰে এটা হাউচিঙৰ ফ্লেট দখল কৰি ৰাখিলে৷