Logo
image

যোগীঘোপাত নিৰ্মাণ হ’ব লগা ভাৰতৰ প্ৰথমখন 'মাল্টি ম'ডেল লজিষ্টিক্স পাৰ্ক'ৰ আধাৰশিলা স্থাপন

আমাৰ অসম, ২০ অক্টোবৰঃ বঙাইগাঁৱৰ যোগীঘোপাত স্থাপন কৰা হয় ভাৰতৰ প্ৰথমখন 'মাল্টি ম'ডেল লজিষ্টিক্স পাৰ্ক'ৰ আধাৰশিলা৷ মঙলবাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰ্চুৱেলী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বঙাইগাঁও জিলাৰ যোগীঘোপাত ভাৰতৰ প্ৰথমখন 'মাল্টিম'ডেল লজিষ্টিক্স পাৰ্ক'ৰ আধাৰশিলা স্থাপন কৰে। 'ভাৰতমালা' প্ৰকল্পৰ অধীনত ১৯০ একৰ মাটিত প্ৰায় ৭০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগা এই পার্কখনে অসমৰ আন্তঃগা‍ঁথনি আৰু যাতায়াত-যোগাযোগ ব্যৱস্থাত গতিশীলতা লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত অসমৰ বাবে নতুন সুযোগ-সম্ভাৱনাৰ পথ প্ৰশস্ত হ'ব বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷ একেটা অনুষ্ঠানতে ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় (Represented by NHIDCL) আৰু অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগ (Represented by Ashok Paper Mill (Assam) Ltd.)ৰ মাজত এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হয়। অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ড° জীতেন্দ্ৰ সিং, ভি কে সিং, লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ফণীভূষণ চৌধুৰী, চন্দন ব্ৰহ্ম প্ৰমুখ্যে কৰি বিশিষ্ট ব্যক্তিসকল৷

https://www.facebook.com/watch/?v=2722666731304449