Logo
image

ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে পদপথৰ দোকান বন্ধৰ নিৰ্দেশ

গুৱাহাটীয়ে সলাব ৰং, নাগৰিকে পথ

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দৰ অসম আগমন উপলক্ষে গুৱাহাটী মহানগৰীয়ে সলালে ৰং৷ গুৱাহাটীৰ ৰাজপথ, ফ্লাইঅভাৰ, ৰাজপথৰ কাষৰ দেৱালত ৰং সনা হৈছে৷ ৰাষ্ট্ৰপতিৰ গুৱাহাটী ভ্ৰমণ যাতে কোনো কাৰণতে বিঘ্নিত নহয় তাৰ বাবে নাগৰিকে সলাব লাগিব পথ৷ ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে গুৱাহাটীৰ পদপথৰ দোকান বন্ধৰ নিৰ্দেশ দিয়া হৈছে৷ গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ পদপথত থকা দোকানসমূহ ২৫ ফেব্ৰুৱাৰীত বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে৷ অৰ্থাৎ ৰাষ্ট্ৰপতিৰ অসম আগমনৰ বাবে পদপথৰ ব্যৱসায়ীসকলৰ ঘৰত চৌকা নজ্বলিব উক্ত দিনটোত৷ কিয়নো গুৱাহাটীৰ পদপথত থকা সৰহসংখ্যক ব্যৱসায়ীয়ে দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰাৰ দৰে দিনটো ব্যৱসায় কৰাৰ পাছতহে নিশা চৌকা জ্বলে৷ পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ পায়৷ ৰাষ্ট্ৰপতিৰ আগমনৰ বাবেই ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ৰাজপথত যান-বাহনৰ পথ সলাব লাগিব৷ ৰাষ্ট্ৰপতিৰ গুৱাহাটীৰ কাৰ্যসূচীৰ তদাৰক কৰিব মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু বিমল বড়াই৷ ২৫ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে মুকলি কৰিব লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বছৰজোৰা অনুষ্ঠান৷ তদুপৰি আলবৈ ৰণৰ ৱাৰ মেম’ৰিয়েল আৰু যোৰহাটৰ লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰৰো আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতি ক’বিন্দে৷ কামৰূপৰ দদৰাত আলাবৈ ৰণৰ ৱাৰ মেম’ৰিয়েল আৰু যোৰহাটৰ লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰত ২২ বিঘা ভূমিত সমাধিক্ষেত্ৰৰো আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতি ক’বিন্দে৷ চ্ছ ফেব্ৰুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ ল’ব ৰাষ্ট্ৰপতিজনে৷ বিয়লি কাজিৰঙালৈ যাব ৰাষ্ট্ৰপতি ক’বিন্দ৷ ২৬ ফেব্ৰুৱাৰীত তেওঁ কাজিৰঙাৰ ইতিহাস সন্দৰ্ভত পৰ্যালোচনা কৰিব৷

যান-বাহনৰ বাবে নীতি-নিৰ্দেশনা

ৰাষ্ট্ৰপতি ভ্ৰমণৰ সময়ত গুৱাহাটীখনক পৰিষ্কাৰ কৰি ৰাখিবলৈ বিনম্ৰ অনুৰোধ জনায়  গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মা আৰু যান-বাহনৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্য কুমাৰ বৰ্মনে৷ যিসকল ব্যক্তিয়ে মাজে-সময়ে গুৱাহাটীখন লেতেৰা কৰে তেওঁলোকে যাতে য’তে-ত’তে জাৱৰ নেপেলায়৷ ৰাষ্ট্ৰপতিগৰাকী যি বাটেৰে আহিব সেই পথৰ কাষত থকা দোকানসমূহে যাতে নিজৰ নিজৰ ঠাইসমূহ লেতেৰা নকৰে তাৰ বাবে অনুৰোধ জনোৱা হয়৷ তেওঁলোকে পৰাপক্ষত ৰাষ্ট্ৰপতিগৰাকী অহাৰ সময়ত অকণমান সময়ৰ বাবে দোকান বন্ধ কৰি ৰাখিবলৈ অনুৰোধ জনায়৷  ২৫ ফেব্ৰুৱাৰীত নামনিৰ পৰা অহা বাহনসমূহ জালুকবাৰীৰ পৰা চিটীৰ ভিতৰলৈ আহিব নোৱাৰিব৷ এই গাড়ীসমূহ হাইৱে’ হৈ যাব লাগিব যাব৷ পুৱা ৭ৰ পৰা ৰাতি ৯ বজালৈ এ টি ৰোড, এম জি ৰোড, তৈবুল্লা ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড, পাঞ্জাবাৰী ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনসমূহৰ চলাচল৷ কামাখ্যা দৰ্শন কৰিবলৈ হ’লে মালিগাঁও হৈ নতুনকৈ বনোৱা পথেৰে যাব লাগিব৷ পুৱা ৬.৩০ৰ পৰা ২ বজালৈ এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব৷

ন ৰূপেৰে সজাই তোলা হৈছে গুৱাহাটী মহানগৰী

ৰাষ্ট্ৰীপতি ৰামনাথ ক’বিন্দৰ অসম আগমনৰ বাবে ন ৰূপেৰে সজাই তোলা হৈছে গুৱাহাটী মহানগৰী৷ গুৱাহাটীৰ ৰাজপথত শ্ৰমিক সকলৰ যুদ্ধকালিন তৎপৰতা দেখা গৈছে৷ গুৱাহাটী মহানগৰীৰ মূল পথ কেইটাৰ পথ বিভাজক সমূহ চূণ তেল সানি পৰিষ্কাৰ কৰি তোলা হৈছে৷ সমান্তৰালভাৱে পুৱাৰে পৰা নিশা পৰ্যন্ত গুৱাহাটীৰ ৰাজপথ সমূহ পৰিষ্কাৰ কৰা হৈছে৷ ৰাষ্ট্ৰপতিক সন্মান জনোৱাৰ বাবে ঠায়ে ঠায়ে ত্ৰিৰংগা পতাকা আঁৰি দিয়া হৈছে৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ দেৱালত অংকন কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতিৰ বৰেণ্য ব্যক্তিৰ চিত্ৰ৷ ইফালে, কামাখ্যা ধাম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো যাবতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ ৰাষ্ট্ৰপতিক আদৰিবলৈ ইতিমধ্যে যাবতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে চৰকাৰী শীৰ্ষ বিষয়াসকল অধিক তৎপৰ হৈ পৰিছে৷ ৰাষ্ট্ৰীপতিৰ অসম ভ্ৰমণত যাতে কোনো ধৰণৰ ক্ৰটি নাথাকে তাৰবাবে তেওঁলোৱে দিবা নৈশ তৎপৰতা চলাইছে৷ তাৰ সমান্তৰালকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ এতিয়া চৌদিশৰ পৰিষ্কাৰ পৰিচ্ছন্নতাই উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীক এক অন্যন্য মাত্ৰা প্ৰদান কৰিছে৷