Logo
image

‘ডব্লিউ’ক বিচাৰি বিহাৰত দিশহাৰা অসম পুলিচ

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ গুৱাহাটী ব্যৱসায়ী অৱদেশ যাদৱৰ হত্যাকাণ্ডৰ তিনিদিন উকলিলে যদিও হত্যাকাৰীক চিনাক্ত তথা কৰায়ত্ত কৰাত ব্যৰ্থ হৈছে গুৱাহাটী আৰক্ষী৷ সোমবাৰে ফুটগধূলীতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অস্ত্ৰধাৰী দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰাৰ পাছতো কোনো নিশ্চিত ‘ক্লু’ উদঘাটন কৰিবলৈ পল্টন বজাৰ আৰক্ষী সক্ষম হোৱা নাই৷ ছাত্ৰীবাৰীৰ ফায়াৰ ব্ৰিগেদত পথৰ ‘গোপাল মেনচন’ এপাৰ্টমেণ্টৰ সন্মুখতে এখন পালচাৰ মটৰ চাইকেলত  অহা দুজনীয়া দুৰ্বৃত্তই একাধিক ব্যৱসায়ৰ মালিক অৱদেশক গুলীয়াই পলায়ন কৰিলেও হত্যাকাৰীয়ে এৰি থি গৈছিল বাইক আৰু এটা মোবাইল ফোন৷ কিন্তু স্মাৰ্ট অসম আৰক্ষীৰ তদন্ত ইমানেই দুৰ্বল হৈ পৰিছে যে পালচাৰ বাইকখনৰ পঞ্জীয়নৰ তথ্যৰ ভিত্তিতো হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই৷ আনকি ৰাইজে উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিয়া মোবাইল ফোনটোৰ তথ্যৰ ভিত্তিতো ‘ক্লু’ উৎঘাটন কৰি হত্যাকাৰীৰ পৰিচয় ৰাজহুৱা কৰিবলৈ ব্যৰ্থ হৈছে আৰক্ষী৷ অৱশ্যে অৱদেশৰ পৰিয়ালে ব্যক্তিগত শত্ৰুতাৰ বাবে বিহাৰৰ সমষ্টিপুৰ জিলাৰ ডব্লিউ যাদৱ নামৰ লোকজনে চুপাৰী কিলাৰৰ দ্বাৰা হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰাৰ পাছত গুৱাহাটী আৰক্ষীৰ এটা দল বিহাৰত উপস্থিত হৈছে যদিও ডব্লিউ যাদৱৰ কাষ চাপিবলৈ সক্ষম হোৱা নাই৷ অৰ্থাৎ ডব্লিউক বিচাৰি অসম আৰক্ষীৰ দলটো এতিয়া বিহাৰত দিশহাৰা হৈ ঘূৰি ফুৰিব লগা পৰিস্থিতিৰো সৃষ্টি হৈছে৷ ডব্লিউ যাদৱক কৰায়ত্ত কৰিব নোৱাৰি গুৱাহাটী আৰক্ষীৰ দলটোৱে বিহাৰৰ বিথানা থানাৰ আৰক্ষীয়ে সহযোগিতা আগনবঢ়োৱাৰ যুক্তি দি দায় সৰাৰহে চেষ্টা চলাইছে৷ ইপিনে কপোৰৰ ব্যৱসায়ৰ লগতে হাৰ্ডৱে, ট্ৰেন্সপ’ৰ্ট, নুড্‌লছ আদি একাধিক ব্যৱসায়ৰে জড়িত অৱদেশ যাদৱৰ ব্যৱসায়িক শত্ৰুতা নুই কৰা নাই তদন্তকাৰী আৰক্ষীয়ে৷ অৱদেশৰ নিজৰ ট্ৰেন্সপ’ৰ্ট এজেন্সীৰ ট্ৰাককেইখন কোনো অবৈধ ব্যৱসায়ত জড়িত আছিল নেকি সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে৷ এই সংক্ৰান্ততে অৱদেশৰ ৰাজা যাদৱ নামৰ মেনেজাৰজনকো দুদিন ধৰি সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷