Logo
image

ৰাষ্ট্ৰপতিৰ সৈতে যোৱা মন্ত্ৰীৰ কনভয়ৰ খুন্দাত শ্ৰমিক নিহত

আমাৰ অসম, ২৭ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দৰ দ্বিতীয় দিনৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত ঘটিল অঘটন৷ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি হেলিকপ্টাৰেৰে দুপৰীয়া ৰাষ্ট্ৰ প্ৰধানজনে আহি বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ হেলিপেডত অৱতৰণ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু কৃষিমন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰপতিক হেলিপেডত আদৰণি জনোৱাৰ লগতে ৰাষ্ট্ৰপতিৰ সৈতে এক বিশাল      কনভয়ৰে ২০ কিঃমিঃ দূৰৈত থকা কঁহৰাৰ আৰক্ষী অতিথিশালাৰ দিশে আগবাঢ়ে৷ ৰাষ্ট্ৰপতিৰ কনভয় বোকাখাত নগৰ পাৰ হোৱাৰ সময়তে কনভয়ৰ এখন গাড়ীৰ খুন্দাত ৰামেশ্বৰ ৰবিদাস ওৰফে ভায়া নামৰ এজন দিন হাজিৰা কৰা শ্ৰমিকৰ কৰুণ মৃত্যু হয়৷ প্ৰত্যক্ষদৰ্শীৰ  মতে উক্ত শ্ৰমিকজনে ৰাস্তা পাৰ হ’ব খোজোতেই ৰাষ্ট্ৰপতিৰ কনভয়ৰ শেষৰ ফালে থকা এখন ক’লা মহিন্দ্ৰ থাৰ, স্ক’ৰপিঅ’ জাতীয় গাড়ীয়ে মহটিয়াই নিয়ে৷ ফলত থিতাতে ৰামেশ্বৰ ৰবিদাসৰ মৃত্যু হয়৷ উল্লেখ্য, ৰামেশ্বৰ ৰবিদাসে আনৰ ঘৰত জেওৰা দিয়া, ঘৰ চিকোণোৱা আদিৰ দৰে দিন হাজিৰাৰ কাম কৰি পৰিয়াল পোহপাল দিছিল৷ তেওঁৰ ঘৰ বোকাখাতৰ ৫নং ৱাৰ্ডৰ মিলনপুৰত বুলি জানিব পৰা গৈছে৷ লক্ষণীয় যে, ৰাষ্ট্ৰপতি কনভয়ৰ একেবাৰে শেষত আছিল কৃষিমন্ত্ৰী অতুল বৰাৰ গাড়ী৷ বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ হেলিপেডৰ পৰা ৰাষ্ট˜পতি কনভয় ওলাই অহাৰ সময়ত ৰাষ্ট্ৰপতিৰ কনভয়ৰ ঠিক পাছতে একাদিক্ৰমে মুখ্যমন্ত্ৰী, বনমন্ত্ৰী আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ কনভয় আছিল৷ সেয়ে একাংশ প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰিছে যে মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ গাড়ীৰ খুন্দাতে প্ৰাণ গ’ল তেওঁৰে নিজ সমষ্টিৰ এজন নিঃকিন লোকৰ৷ অৱশ্যে সমান্তৰালভাৱে ৰামেশ্বৰ ৰবিদাসক খুন্দা মৰা গাড়ীখন গোলাঘাটৰ ডি চি বা এছ পিৰ গাড়ী বুলিও চৰ্চা হৈছে৷ প্ৰশাসন বা চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো কথা সদৰি কৰা নাই৷ কঁহৰা আৰক্ষীয়ে এখন গাড়ী জব্দ কৰা বুলি কেৱল মাত্ৰ জানিব পৰা গৈছে৷ সকলোতকৈ দুখৰ বিষয় যে দুৰ্ঘটনা সংঘটিত কৰা ক’লা ৰঙৰ গাড়ীখনে শ্ৰমিক ৰবিদাসক মহটিয়াই প্ৰাণবায়ু উলিয়াই নিয়াৰ পাছতো থমকি ৰোৱা নাছিল৷ দ্ৰুতবেগত গাড়ীখন গৈয়েই থাকিল৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় ১০৮ মৃত্যুঞ্জয় সেৱা৷ স্থানীয় ৰাইজে ৰবিদাসৰ মৃত্যুক লৈ ক্ষোভত ফাটি পৰে৷ গাড়ীখনে ইচ্ছা কৰিয়েই লোকজনক মহটিয়াই নিয়া বুলি তেওঁলোকে অভিযোগ কৰে৷ পাছত স্থানীয় ৰাইজৰ সহযোগত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত লোকজনৰ শৰীৰ এম্বুলেন্সৰ দ্বাৰা গোলাঘাট অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়৷ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দে আজি বিয়লি ২-৩০ বজাত তেওঁৰ পূৰ্ব নিৰ্ধাৰিত জীপ ছাফাৰীৰ কাৰ্যসূচী বাতিল কৰে৷ যদিও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই তথাপি শ্ৰমিক বিজয় ৰামেশ্বৰ ৰবিদাসৰ মৃত্যুৰ ঘটনাটোত অনুতপ্ত হৈয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁক জীপ ছাফাৰী বাতিল কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে ৰাষ্ট্ৰপতিৰ অবিহনে তেওঁৰ পত্নী আৰু কন্যাই জীপ ছাফাৰী কৰে৷ এই জীপ ছাফাৰীত সংগ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কেশৱ মহন্তৰ লগতে মন্ত্ৰী অতুল বৰাইও৷ এটা ক’লা হাণ্টিং কেপ পৰিধান কৰি মন্ত্ৰী অতুল বৰাই এই ছাফাৰীত ভাগ লয়৷ নিজ সমষ্টিৰ এজন শ্ৰমিক  কনভয়ৰ গাড়ীক খুন্দাত বিশেষকৈ তেওঁৰ কনভয়ৰ গাড়ীৰ খুন্দাত কৰুণ মৃত্যু হোৱা বুলি অভিযোগ উঠাৰ পাছতো নিৰ্লিপ্ত নিৰলসভাৱে মন্ত্ৰীগৰাকীয়ে কেনেদৰে বন্য ছাফাৰীৰ আনন্দ উপভোগ কৰিব পাৰিলে ইয়াক লৈও চৰ্চা চলিছে৷‘আমাৰ অসমঃ ৰাষ্ট্ৰপতিৰ এছক’ৰ্টৰ শেষত যোৱা পাইলট কাৰৰ খুন্দাত বোকাখাতত এজন লোক থিতাতে নিহত হৈছে৷ কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ৰ সমীপত ঘাইপথত হোৱা দুৰ্ঘটনাত মৃত লোকজন মিলনপুৰৰ ৰামেশ্বৰ ৰবিদাস[৪৭] ওৰফে ভায়া৷ ৰাষ্ট্ৰপতিৰ কনভয়ৰ শেষত থকা এছক’ৰ্ট গাড়ীৰ খুন্দাত থিতাতে নিহত হয় লোকজন৷ অৱশ্যে ৰাষ্ট্ৰপতিজনে দুৰ্ঘটনাৰ পূৰ্বেই কাজিৰঙালৈ সুকলমে যাত্ৰা কৰে৷ ইতিমধ্যে বোকাখাত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ জানিব পৰা মতে, এছক’ৰ্ট গাড়ীখন গোলাঘাটৰ উপায়ুক্তৰ আছিল৷ কিন্তু উপায়ুক্তজন ৰাষ্ট্ৰপতিৰ কনভয়ৰ মাজত আছিল৷ কহঁৰা আৰক্ষীয়ে ইতিমধ্যে গাড়ীখন জব্দ কৰিছে৷