Logo
image

গোলাঘাটৰ ডাবিডুবিত 'অসম আগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ'ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আমাৰ অসম, ২১ অক্টোবৰঃ অসমৰ 'আগৰ' উৎপাদনৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি বুধবাৰে গোলাঘাটৰ ডাবিডুবিত 'অসম আগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ'ৰ আধাৰশিলা স্থাপন কৰা হয়। কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত 'আগৰ' উৎপাদনৰ ক্ষেত্ৰত বিনিয়োগৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰি ৰাজ্যৰ অৰ্থনীতিক গতি প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি শ্ৰদ্ধা জনাই 'অসম আগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ'টো এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেঁও লগতে কয়, 'আগৰ'ৰপৰা উৎপাদিত তেলৰ চাহিদা বিশ্বত ক্ৰমে বৃদ্ধি পাইছে। এই বাণিজ্য কেন্দ্ৰটোৱে 'আগৰ'ৰ ব্যৱসায়িক কাৰ্যকলাপৰ সহায়েৰে আমাৰ 'আগৰ' উৎপাদকসকলক আত্মনিৰ্ভৰ কৰি তুলিব।

https://www.facebook.com/watch/?v=1525267594348424