Logo
image

গুৱাহাটীত মাথোঁ ৮ লাখ ভোটাৰহে

এপ্ৰিলত পৌৰ নিৰ্বাচন

আমাৰ অসম, ৬ মাৰ্চঃ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন৷ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে শনিবাৰে প্ৰকাশ কৰে চূড়ান্ত ভোটাৰ তালিকা৷ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত [নিৰ্বাচন] ড॰ ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নিৰ্বাচন বিষয়া শেখৰণ ফুকনে প্ৰকাশ কৰে ভোটাৰ তালিকা৷ পৌৰ নিগমৰ সমাগত নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰিলে নিৰ্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে তৎপৰতা আৰম্ভ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ ইয়াৰ অংশ হিচাপে শনিবাৰে নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়৷ এই উপলক্ষে উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত [নিৰ্বাচন] ড॰ ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নিৰ্বাচন বিষয়া শেখৰণ ফুকনে আনুষ্ঠানিকভাৱে গুৱাহাটী পৌৰ নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাখন মুকলি কৰি কয়– খচৰা ভোটাৰ তালিকাতকৈ চূড়ান্ত ভোটাৰ তালিকাত ২,১১২জন অধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে৷ পৌৰ এলেকাৰ মুঠ ৬০টা ৱাৰ্ডত অনুষ্ঠিত হ’বলগীয়া এই আগন্তুক নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৯৭,৮০৭জন৷ ইয়াৰে ৩,৯৭,১২৮জন পুৰুষ ভোটাৰ, ৪,০০,৬৫৪জন মহিলা ভোটাৰ আৰু ২৬জন তৃতীয় লিংগৰ ভোটাৰ৷ পৌৰ নিগমৰ ভোটগ্ৰহণ কৰা হ’ব মুঠ ৭৮০টা ভোটকেন্দ্ৰত৷ সাধাৰণ ৰাইজৰ সুবিধাৰ্থে চূড়ান্ত ভোটাৰ তালিকাখন উপায়ুক্তৰ আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয়ত উপলব্ধ হ’ব বুলি কোৱা হৈছে৷ অতি লক্ষণীয় কথা যে গুৱাহাটী মহানগৰীত আছে ৩০-৪০ লাখ লোক৷ দিল্লী, কলকাতা, মুম্বাইৰ পাছতে গুৱাহাটীৰ জনবসতি অধিক৷ তাৰ পাছতো গুৱাহাটী পৌৰ নিগমৰ ভোটাৰৰ সংখ্যা ৮ লাখো অতিক্ৰম কৰা নাই৷ প্ৰায় ১০ বছৰ পূৰ্বেও গুৱাহাটী পৌৰ নিগমৰ ভোটাৰৰ সংখ্যা আছিল প্ৰায় ৬ লাখৰ ভিতৰত৷ সেই হিচাপত গুৱাহাটী পৌৰ নিগমৰ ভোটাৰৰ সংখ্যা ১০ লাখো অতিক্ৰম নকৰাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷ এই সময়ত ৰাজনৈতিক বিশ্লেষকসকলৰ মনত প্ৰশ্নৰ উদয় হৈছে– গুৱাহাটীৰ অধিকাংশ বাহিৰৰ পৰা অহা লোক নেকি? নে সন্দেহযুক্ত লোকো আছে গুৱাহাটীত?