Logo
image

ভ্ৰমণ আৰু ভিছাৰ নিষেধাজ্ঞাৰ ক্ষেত্ৰত কিছু সাল-সলনি ভাৰতীয় অসামৰিক বিমান পৰিবহণৰ

আমাৰ অসম, ২৮ অক্টোবৰঃ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ভ্ৰমণ আৰু ভিছাৰ নিষেধাজ্ঞাৰ ক্ষেত্ৰত কিছু সাল-সলনি ভাৰতীয় অসামৰিক বিমান পৰিবহণৰ। ৩০ নৱেম্বৰৰ নিশা ১২ বজালৈকে সম্প্ৰসাৰণ কৰা হৈছে এই নিষেধাজ্ঞা। কাৰ্গো বিমান আৰু DGCAৰ দ্বাৰা নিৰ্দিষ্টভাৱে অনুমোদিত উৰণৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নিয়ম। অৱশ্যে নিৰ্দিষ্ট কাৰণত কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্বাচিত পথত আন্তৰ্জাতিক বিমানৰ অনুমতি দিয়া হ’ব পাৰে। এই নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ভাৰতীয় অসামৰিক বিমান পৰিবহণে।

https://twitter.com/DGCAIndia/status/1321358668449767424?s=20