Logo
image

দিল্লী কেপিটেলছত যোগ দিলে পণ্ট, পেটেলে

আমাৰ অসম, ১৭ মাৰ্চঃ আসন্ন আই পি এলৰ বাবে অধিনায়ক ঋষভ পণ্ট আৰু অলৰাউণ্ডাৰ অক্ষৰ পেটেলসহ আগশাৰীৰ খেলুৱৈসকলে দিল্লী কেপিটেলছ দলত যোগ দিছে৷ বুধবাৰে ফ্ৰেন্সাইজীটোৱে এক বিবৃতি যোগে প্ৰকাশ কৰা মতে পণ্ট, অক্ষৰ পেটেল, কে এছ ভৰত, পৃথ্বী শ্ব, শ্বৰ্দুল ঠাকুৰ আৰু কুলদীপ যাদৱ মুম্বাইৰ হোটেলত মিলিত হৈছে৷ নিজৰ কোঠাত প্ৰৱেশৰ পূৰ্বে পৃথ্বী শ্ব, শ্বাৰ্দুল আৰু কুলদীপ তিনি দিন বাধ্যতামূলক কোৱাৰেণ্টীনত থাকিব৷ পণ্ট, অক্ষৰ আৰু ভৰত পোনপটীয়াকৈ জৈৱ সুৰক্ষিত পৰিৱেশত প্ৰৱেশ কৰিব৷ শ্ৰীলংকাৰ বিৰুদ্ধে সদ্য সমাপ্ত টেষ্ট শৃংখলাত তেওঁলোক ভাৰতীয় দলৰ জৈৱ-সুৰক্ষিত পৰিৱেশত আছিল৷ আই পি এলৰ নিজৰ প্ৰথম খেলত ২৭ মাৰ্চত দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ’ব৷