Logo
image

আই পি এলত ক’ভিড বিধি উলংঘা কৰিলে লোৱা হ’ব কঠোৰ ব্যৱস্থা

জৰিমনাৰ লগতে পইণ্ট পৰ্যন্ত কৰ্তন কৰা হ’ব

আমাৰ অসম, ১৭ মাৰ্চঃ চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখনেৰ ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ পঞ্চদশ ছীজন৷ এইবাৰ আই পি এলৰ সকলোবোৰ খেল ভাৰতত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু সেয়েহে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই] ক্ৰিকেটাৰসকলৰ ক্ষেত্ৰত কঠোৰ ক’ভিড বিধি বান্ধি দিছে৷ কোনো ক্ৰিকেটাৰে ক’ভিড বিধি ভংগ কৰিলে তেওঁৰ লগতে দলটোৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব৷ উল্লেখ্য, আই পি এলৰ চতুৰ্দশ ছীজনো ভাৰততে আৰম্ভ কৰা হৈছিল যদিও টুৰ্নামেণ্টৰ সময়তে কেইবাজনো ক্ৰিকেটাৰ আৰু ছাপ’ৰ্ট ষ্টাফৰ সদস্য ক’ভিডত আক্ৰান্ত হোৱা বাবে টুৰ্নামেণ্টখন আধাতে স্থগিত ৰাখিবলগীয়া হৈছিল আৰু পাছত বাকী থকা খেলকেইখন ইউনাইটেড আৰৱ এমীৰেটছত সম্পূৰ্ণ কৰিবলগীয়া হৈছিল৷ এইবাৰো যাতে তেনে ঘটনাৰ পুনৰাবৃত্তি নঘটে, তাৰ বাবেই বি চি চি আই কিছু কঠোৰ হোৱা দেখা গৈছে৷ এইবাৰৰ টুৰ্নামেণ্টখনৰ সময়ত কোনো ক্ৰিকেটাৰে ক’ভিড বিধি ভংগ কৰিলে দলটোৰ বিৰুদ্ধে এক কোটি টকা পৰ্যন্ত জৰিমনা আৰোপ কৰাৰ লগতে অভিযুক্ত ক্ৰিকেটাৰজনক এখন খেলৰ বাবে নিলম্বিত কৰাও হ’ব পাৰে৷ কেৱল সেয়াই নহয়, নিয়ম উলংঘা কৰা ক্ৰিকেটাৰজনৰ দলটোৰ পইণ্ট পৰ্যন্ত কৰ্তন কৰা হ’ব পাৰে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কোনো এজন ক্ৰিকেটাৰে আই পি এল চলাকালীন সময়ত জৈৱ সুৰক্ষিত পৰিৱেশৰ নিয়ম ভংগ কৰিলে তেওঁক এখন খেলৰ পৰা নিলম্বিত কৰা হ’ব৷ লগতে তেওঁ সাত দিনৰ বাবে কোৱাৰেণ্টীনত থাকিব লাগিব৷ দ্বিতীয়বাৰ নিয়ম ভংগ কৰিলে ক্ৰিকেটাৰজনক এখন খেলৰ বাবে নিলম্বিত কৰা হ’ব৷ আনহাতে, তিনি অথবা ততোধিকবাৰ জৈৱ সুৰক্ষিত পৰিৱেশৰ নিয়ম ভংগ কৰিলে ক্ৰিকেটাৰজন সম্পূৰ্ণ ছীজনটো আই পি এলৰ পৰা বাহিৰ হ’ব লাগিব আৰু তেওঁৰ স্থানত দলত আন কোনো সদস্যক অন্তৰ্ভুক্ত কৰিব নোৱাৰিব৷ কেৱল ক্ৰিকেটাৰেই নহয়, তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু দলৰ কৰ্মকৰ্তাৰ ক্ষেত্ৰতো কঠোৰ ক’ভিড বিধি আৰোপ কৰা হ’ব৷ ক্ৰিকেটাৰৰ পৰিয়ালৰ সদস্য অথবা দলৰ কৰ্মকৰ্তাই ক’ভিড বিধি উলংঘা কৰিলে তেওঁলোকক জৈৱ সুৰক্ষিত পৰিৱেশৰ পৰা উলিয়াই দিয়া হ’ব আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা ক্ৰিকেটাৰ সাত দিনৰ বাবে কোৱাৰেণ্টীনত থাকিব লাগিব৷ কোনো ক্ৰিকেটাৰে জৈৱ সুৰক্ষিত পৰিৱেশৰ নিয়ম ভংগ কৰাৰ ক্ষেত্ৰত দলটো কিবা প্ৰকাৰে জড়িত থকাৰ প্ৰমাণ পালে দলটোৰ বিৰুদ্ধে এক কোটি টকাৰ জৰিমনা আৰোপ কৰা হ’ব পাৰে৷ তেনেদৰে দ্বিতীয়বাৰ নিয়ম ভংগ কৰিলে দলটোৰ এক পইণ্ট আৰু তৃতীয়বাৰ নিয়ম ভংগ কৰিলে তিনি পইণ্ট কৰ্তন কৰা হ’ব৷ ক্ৰিকেটাৰসকলৰ ক’ভিড টেষ্টৰ ক্ষেত্ৰতো বি চি চি আয়ে সুকীয়া নিয়ম বান্ধি দিছে৷  কোনো ক্ৰিকেটাৰ ক’ভিড টেষ্টত অৱতীৰ্ণ নহ’লে প্ৰথমবাৰ তেওঁক সতৰ্ক কৰি দিয়া হ’ব৷ দ্বিতীয়বাৰ অনুৰূপ অভিযোগত অভিযুক্ত হ’লে ৭৫ হাজাৰ টকাৰ জৰিমনা আৰোপ কৰাৰ লগতে অভিযুক্ত ক্ৰিকেটাৰক ষ্টেডিয়াম অথবা ট্ৰেইনিং গ্ৰাউণ্ডত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব৷