Logo
image

প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং আম আদমি পাৰ্টীলৈ

আমাৰ অসম, ১৭ মাৰ্চঃ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে আম আদমি পাৰ্টীত যোগ দিছে৷ হয়তো আম আদমি পাৰ্টীৰ পৰা হৰভজন ৰাজ্যসভালৈ যাব৷ উল্লেখ্য যে কিছুদিন ধৰি হৰভজন সিঙে বিজেপিত যোগ দিব বুলি ৰাজনৈতিক পৰ্যৱেক্ষক মহলত চৰ্চা চলি আছিল৷ কিন্তু সেই ধাৰণাক ভুল প্ৰতিপন্ন কৰি টীম ইণ্ডিয়াৰ প্ৰাক্তন অফ স্পিনাৰজন  আপত যোগদান কৰে৷