Logo
image

টি-২০ত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ দিশত ৰোহিত

আই পি এল

আমাৰ অসম, ২০মাৰ্চঃ দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলি আসন্ন আই পি এলত অভিযান আৰম্ভ কৰিব ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে৷ ২৭ মাৰ্চত ৱাংখেড়ে ষ্টেডিয়ামত দিল্লীৰ সন্মুখীন হ’ব মুম্বাই৷ আই পি এলত এক ঈৰ্ষণীয় মাইলৰ খুঁটিত উপনীত হোৱাৰ অপেক্ষাত ‘হিটমেন’৷ এক বিশেষ কৃতিত্ব অৰ্জনৰ বাবে ৰোহিতক প্ৰয়োজন আৰু ১০৫ ৰান৷ তেওঁৰ বেটৰ পৰা আৰু ১০৫ ৰান আহিলেই টি-২০ ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ হ’ব ৰোহিতৰ৷ এই মুহূৰ্তত টি-২০ ক্ৰিকেটত ৰোহিতৰ সংগ্ৰহ ৯৮৯৫ ৰান৷ বিৰাট কোহলিৰ পাছত ভাৰতৰ দ্বিতীয় বেটাৰ হিচাপে টি-২০ ক্ৰিকেটত ১০,০০০ ৰান সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কজন৷ ৰোহিতে এই পৰ্যন্ত টি-২০ মেচ খেলিছে ৩৭০ খন৷ তেওঁ কৰা ৯৮৯৫ ৰানৰ ভিতৰত আছে ছটা শতক আৰু ৬৯ টা অৰ্ধশতক৷ আন্তঃৰাষ্ট্ৰীয় টি-২০ ফৰ্মেটত ৰোহিতৰ নামত আছে সৰ্বাধিক ৰান৷৷ ১২৫ খন মেচত তেওঁৰ সংগ্ৰহ ৩৩১৩ ৰান৷ তেওঁৰ জোলোঙাত আছে চাৰিটা শতক৷ বিশ্বৰ আন কোনো ক্ৰিকেটাৰৰ এনে নজিৰ নাই৷ সামগ্ৰিকভাৱে এতিয়াও টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰানৰ মালিক ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিছ গেইল৷ ‘ইউনিভাৰ্ছ বছ’ নামত আছে ১৪,৫৬২ ৰান৷ তেওঁৰ পিছতেই আছে ছোৱাইব মালিক৷ পাকিস্তানৰ ক্ৰিকেটাৰজনৰ নামত আছে ১১,৬৯৮ ৰান৷ তিনি নম্বৰত আছে কাইৰন পোলাৰ্ড [ৰৰ,৪২৭ ৰান]৷