Logo
image

আই পি এলৰ পাৰ্পল কেপ বিজয়ী এতিয়া গুজৰাটৰ নেট বলাৰ

আমাৰ অসম,২১ মাৰ্চঃ আই পি এলৰ আসন্ন ছীজনৰ বাবে বাঁওহতীয়া বেগী বলাৰ বাৰিন্দৰ শ্ৰাণৰ সৈতে নতুন দল গুজৰাট টাইটানছত নেট বলাৰ হিচাপে যোগ দিছে বেগী বলাৰ মোহিত শৰ্মাই৷ মোহিত ভাৰতীয় সীমিত অভাৰ দলৰ প্ৰাক্তন খেলুৱৈ তথা আই পি এল ২০১৪১ পাৰ্পল কেপ বিজয়ী৷ এনে এজন ক্ৰিকেটাৰ ফ্ৰেন্সাইজীটোত নেট বলাৰ হিচাপে চুক্তিবদ্ধ হোৱাত স্বাভাৱিকতেই আশ্বৰ্য প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগী সকলে৷ চেন্নাই ছুপাৰ কিংছক প্ৰতিনিধিত্ব কৰি আই পি এল ২০১৪ ছীজনত সৰ্বাধিক উইকেট হস্তগত কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল শৰ্মা৷ তেওঁ সেইবাৰ লাভ কৰিছিল ২৩টা উইকেট৷ যোৱা মাহত আই পি এলৰ মেগা নিলামত কোনো দলে আগ্ৰহ প্ৰকাশ কৰা নাছিল ৩৩ বৰ্ষীয় মোহিত শৰ্মাৰ প্ৰতি৷ হাৰিয়ানাৰ ক্ৰিকেটাৰজন ২০১৩ আৰু ২০১৫ চনৰ ভিতৰত এম এছ ধোনি নেতৃত্বাধীন চি এছ কে দলত আছিল৷ ইয়াৰ পিছত তেওঁ কিংছ ইলেভেন পঞ্জাবলৈ যায় [বৰ্তমানৰ পঞ্জাব কিংছ]৷ ২০১৯ চনত তেওঁৰ চি এছ কেলৈ প্ৰত্যাৱৰ্তন ঘটে৷ ২০২০ ছীজনত তেওঁ এবছৰ দিল্লী কেপিটেলছতো আছিল৷ আই পি এলৰ ৮৬ খন মেচত তেওঁৰ সংগ্ৰহ ৯২ টা উইকেট৷মোহিত শৰ্মাই ২৬খন এদিনীয়া আৰু আঠখন টি-২০ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে৷ গুজৰাট টাইটানছে আসন্ন আই পি এলত অভিযান আৰম্ভ কৰিব ২৮ মাৰ্চত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে৷ আই পি এলৰ এটা সংস্কৰণৰ সৰ্বাধিক উইকেট চিকাৰীজনক গুজৰাটৰ নেট বলাৰ হিচাপে দেখি আশ্চৰ্য প্ৰকাশ কৰিছে অনেকেই৷